বিজেপিয়ে পিছ দুৱাৰেদি ক্ষমতা দখল কৰাৰ বিভিন্ন সময়ৰ বিভিন্ন উদাহৰণ তলত উল্লেখ কৰা হ'লঃ
২০১৪ চনৰ লোকসভা নিৰ্বাচনত অভূতপূৰ্বভাৱে জয়লাভ কৰাৰ পাচত বিজেপিয়ে প্ৰথমে ২০১৬ চনৰ জুনত অৰুণাচলত আন দলৰ পৰা নেতাসকলক বিজেপিত যোগদান কৰাৰ খেলখন আৰম্ভ কৰে । ইয়াত বিজেপিয়ে প্ৰথমতে কংগ্ৰেছত ভাঙোনৰ সৃষ্টি কৰে । তাৰ পাচত নিজৰেই মিত্ৰ দল পি পি এ অৰ্থাৎ পিপলছ্ পাৰ্টী অৱ্ অৰুণাচলত ভাঙোনৰ সৃষ্টি কৰে । আমোদজনকভাৱে ২০১৬ চনৰ জুন মাহলৈকে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হৈ থকা পেমা খাণ্ডুৱে বৰ্তমান বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।
২০১৭ চনৰ মাৰ্চত অনুষ্ঠিত মণিপুৰ বিধান সভা নিৰ্বাচনত ৬০ খন আসনৰ ভিতৰত কংগ্ৰেছে ২৮ খন দখল কৰে । বিজেপিয়ে ২১ খন আসনত জয় লাভ কৰিবলৈ সক্ষম হয় । তথাপি বিজেপিয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দলসমূহৰ পৰা সমৰ্থন আদায় কৰে আৰু চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় ।
ৰাজনৈতিক পৰিবৰ্তন আৰু বিজেপি ২০১৭ চনৰ মাৰ্চ মাহতে গোৱাত বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । ৪০ টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ১৭ টা সমষ্টিত জয় লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ১৩ টা সমষ্টিত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয় । কিন্তু বিজেপিয়ে বিৰোধী দলৰ বিধায়কসকলক প্ৰলোভিত কৰি মেজিক নম্বৰত উপনীত হ'বলৈ সক্ষম হয় । ২০১৯ চনৰ জুলাইত বিজেপিয়ে কংগ্ৰেছ ত্যাগী ১০ জন বিধায়ক লাভ কৰে । ইয়াৰ লগে লগে বিজেপিৰ সংখ্যা সুবিধাজনকভাৱে ২৭ লৈ বৃদ্ধি পায় ।
বিজেপিয়ে এন পি এফ বা নাগা পিপলছ্ ফ্ৰণ্টৰ মাজত ভাঙোনৰ সৃষ্টি কৰে । ইয়াৰ ফলত এন পি এফৰ বিসম্বাদী দলটোৱে এন ডি পি পি বা নেচনেলিষ্ট ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী গঠন কৰে । পৰৱৰ্তী সময়ত বিজেপিয়ে এন ডি পি পিৰ নেফিউ ৰিঅ'ক ৰাজ্যখনৰ মধ্যকালীন মুখ্যমন্ত্ৰী হোৱাত সহায় কৰে আৰু শাসনাধিষ্ঠিত মিত্ৰজোঁটৰ অংশ হৈ পৰে ।
ৰাজনৈতিক পৰিবৰ্তন আৰু বিজেপি ৬০ জনীয়া মেঘালয় বিধান সভাৰ ২০১৮ চনত অনুষ্ঠিত নিৰ্বাচনত ২১ খন আসনত জয়লাভ কৰি কংগ্ৰেছে সৰ্বাধিক আসন লাভ কৰা একমাত্ৰ দল হিচাপে পৰিগণিত হয় । কিন্তু মাত্ৰ দুজন বিধায়কেৰে বিজেপিয়ে ১৯ খন আসন লাভ কৰা এন পি পি বা নেশ্বনেল পিপলছ্ পাৰ্টীৰ লগ লাগে আৰু আন আন ক্ষুদ্ৰ দলসমূহৰ সমৰ্থনত চৰকাৰ গঠনৰ অংশ হৈ পৰে ।
২০১৯ চনৰ জুলাইত কৰ্ণাটকত মুঠ ১৭ জন বিধায়কে ( ১৪ জন কংগ্ৰেছৰ, ৩ জন জে ডি-এছৰ)পদত্যাগ কৰাৰ ফলত জেডি এছ-কংগ্ৰেছ চৰকাৰৰ পতন ঘটে । ফলত ৰাজ্যখনত শাসনত আহে বিজেপি । এই ১৭ গৰাকী বিধায়কৰ ১৬ জনেই বৰ্তমান বিজেপিৰ সদস্য । ইয়াৰে ১৩ গৰাকীয়ে ৫ ডিচেম্বৰত অনুষ্ঠিত উপ-নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।
বিভিন্ন সময়ত বিজেপিয়ে নিজৰ মিত্ৰদলসমূহৰ প্ৰতি দায়বদ্ধতা ৰক্ষা কৰা নাই । তাৰে কিছু উদাহৰণ তলত দাঙি ধৰা হ'লঃ
অন্ধ্ৰ প্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ ফলত ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূ্ৰ্বে তিডিপিয়ে বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰে । মোডী চৰকাৰে এই প্ৰতিশ্ৰুতি ৰক্ষা নকৰা বুলি অভিযোগ উত্থাপন কৰি তিডিপিয়ে ২০১৮ চনৰ মাৰ্চ মাহত এন ডি এৰ সংগ ত্যাগ কৰে ।
জম্মু কাশ্মীৰত ২০১৪ চনৰ বিধানসভা নিৰ্বাচনৰ পাচত আদৰ্শগত বিৰোধ থকা পিডিপিৰ সৈতে বিজেপিয়ে মিত্ৰতা স্থাপন কৰি মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে । কিন্তু ২০১৮ চনৰ জুন মাহত বিজেপিয়ে মিত্ৰজোঁট ত্যাগকৰে ।
চিক্কিমত পৱন চামলিঙে নেতৃত্ব দিয়া চিক্কিম ডেম'ক্ৰেটিক ফ্ৰণ্টৰ পৰা দলত্যাগী নেতা-কৰ্মীক বিজেপিত যোগদান কৰাৰ খেলখন বিজেপিয়ে আৰম্ভ কৰে । এছ ডি এফৰ ১৫ জনৰ ১০ জন বিধায়কে বিজেপিত যোগদান কৰাৰ পাচত ৰাজ্যখনত বৰ্তমান বিজেপি প্ৰধান বিৰোধী দল । ২০১৯ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত চিক্কিম বিধান সভা নিৰ্বাচনত বিজেপিয়ে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ।
ঝাৰখণ্ডত বিজেপিৰ দীৰ্ঘকালীন মিত্ৰ দল এ জে এছ ইউ আৰু এল জে পিয়ে এন ডি এৰ সংগ ত্যাগ কৰিছে । আসন ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত দল দুটাৰ দাবী বিজেপিয়ে নমনাৰ বাবে মিত্ৰতা ভংগ কৰা বুলি জানিব পৰা গৈছে ।
ৰাজনৈতিক পৰিবৰ্তন আৰু বিজেপি মহাৰাষ্ট্ৰ নিৰ্বাচনৰ প্ৰায় ১৫ শতাংশ প্ৰাৰ্থীয়েই আছিল বিৰোধী শিবিৰ কংগ্ৰেছ-এন চি পিৰ পৰা দল ত্যাগ কৰা নেতা । ইয়াৰে অধিকাংশৰে বিৰুদ্ধে আছে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ । এই ক্ষেত্ৰত দলটোৰ সমৰ্থক আৰু কেডাৰসকলৰ অসন্তুষ্টি অনুভৱ কৰি এখন নিৰ্বাচনী সভাত জ্যেষ্ঠ বিজেপি নেতা ৰাওচাহেব ডানবেয়ে বিজেপিৰ এক ৱাশ্বিং মেচিন থকা বুলি মন্তব্য কৰিছিল । গুজৰাটৰ মোডী-শ্বাহৰ প্ৰসংগৰে তেওঁ কৈছিল, "কাৰোবাক আমাৰ দলত লোৱাৰ পূৰ্বে গুজৰাটৰ নিৰ্মা পাউডাৰেৰে মেচিনত আমি ধুই লওঁ ।"
কিন্তু মহাৰাষ্ট্ৰৰ ৰাইজে প্ৰমাণ কৰি দেখুৱালে যে মেচিন আৰু পাউডাৰৰ কাম সদায় নচলে । বিজেপিয়ে নিজাববীয়াকৈ ১৪৫+ আসন দখল কৰাত ব্যৰ্থ হোৱাই নহয়, নিৰ্বাচনৰ পূৰ্বৰ মিত্ৰ দল শিৱসেনাক এন ডি এৰ অধীনত ৰখাতো বিফল হয় । তদুপৰি বিৰোধী এন চি পি-কংগ্ৰেছ শিবিৰৰ বিধায়কসকলৰ মন ভুলোৱাতো বিজেপি সফলতা লাভ কৰিব নোৱাৰিলে । এন চি পিৰ বিসম্বাদী নেতা অজিত পাৱাৰৰ সৈতে মাজনিশা লগ লগাৰ ফলত বিজেপিয়ে শিৱসেনাই এন চি পি-কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ বাবে সুবিধাবাদৰ আশ্ৰয় লোৱা বুলি সেনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ নৈতিক অধিকাৰো হেৰুৱাই পেলায় ।
ৰাজনৈতিক পৰিবৰ্তন আৰু বিজেপি এন ডি এয়ে ২২০ খন আসন দখল কৰিব বুলি আত্মবিশ্বাসী হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছে সঘনাই এন চি পি-কংগ্ৰেছ শিবিৰক ইতিকিং কৰি কৈছিল-"নিৰ্বাচনৰ পাচত মহাৰাষ্ট্ৰত বিৰোধী বুলিবলৈ কোনো নাথাকিব ।" আমোদজনকভাৱে দেৱেন্দ্ৰ ফাড়নাৱিছ বৰ্তমান নিজেই মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰোধী দলৰ নেতা ।
বৰ্তমান বিৰোধী দল হিচাপে থকা বিজেপিয়ে শীঘ্ৰে সেনা-এন চি পি-কংগ্ৰেছ চৰকাৰখনৰ পতন আনিবলৈ চৰকাৰৰ ভিতৰত থকা স্ববিৰোধসমূহ প্ৰচাৰ কৰিবলৈ আদৰ্শগত বিষয়সমূহ উত্থাপন কৰিবলৈ সাজু হৈছে । কিন্তু তথাপিও বিজেপিয়ে হিচাপ কৰাৰ দৰে থাকৰে চৰকাৰৰ আয়ুস ইমান কম হোৱাৰ সম্ভাৱনা নাই । ইয়াৰ মূলতে হ'ল মতাদৰ্শগত বিৰোধ থকা শিৱসেনা আৰু কংগ্ৰেছৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰা এন চি পি প্ৰধান শাৰদ পাৱাৰ । কিয়নো পাৱাৰেও তেওঁৰ দায়িত্বৰ পৰা সহজে দূৰত্বত অৱস্থান নকৰে । কাৰণ বিভিন্ন কাৰণত তেওঁ বিজেপিৰ পৰা পোতক তুলিবলৈ আছে ।
ৰাজনৈতিক পৰিবৰ্তন আৰু বিজেপি নিৰ্বাচনৰ ফলাফলে মহাৰাষ্ট্ৰৰ ৰাজনীতিত পাৱাৰৰ পৰৱৰ্তী যুগ সূচনা কৰিব বুলি যেতিয়া দেৱেন্দ্ৰ ফাড়নাৱিছে ঘোষণা কৰিছিল তেতিয়া ৰাজহুৱা জীৱনৰ ৫২ টা বছৰ অতিক্ৰম কৰা শক্তিশালী মাৰাঠা নেতাজন ক্ষোভিত হোৱাটো স্বাভাৱিক আছিল । ফাড়নাৱিছে কৈছিল-"পাৱাৰ চাহাবে তেওঁৰ টালি-টোপোলা বান্ধিবৰ হ'ল । কাৰণ এই নিৰ্বাচনৰ পাচত ৰাইজে তেওঁক ৰাজনীতিৰ পৰা অৱসৰ প্ৰদান কৰিব ।"
ইপিনে পাকিস্তানক প্ৰশংসা কৰা বুলি ৰাজহুৱাভাৱে পাৱাৰৰ নাম উল্লেখ কৰি এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাৱাৰক আক্ৰমণ কৰিছিল । তেওঁৰ পাকিস্তান ভ্ৰমণৰ সময়ত দেশখনে প্ৰদান কৰা আতিথ্যৰ বাবে পাকিস্তানক শাৰদ পাৱাৰে ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত এন চি পিৰ সংখ্যালঘু কোষৰ এখন সভাত প্ৰশংসা কৰিছিল ।
অৱশ্যে মাৰাঠা শক্তিশালী নেতাজনৰ বিজেপিৰ প্ৰতি বিষোদগাৰ তেতিয়া বাঢ়িবলৈ লয় যেতিয়া বিজেপিৰ সভাপতি অমিত শ্বাহে কেইবাগৰাকীও এন চি পি নেতাই বিজেপিত যোগদান কৰাৰ প্ৰসংগত কৈছিল, “আমি যদি আমাৰ দুৱাৰ মুকলি কৰোঁ, শাৰদ পাৱাৰৰ বাদে এন চি পিৰ সকলোৱে বিজেপিত যোগ দিবলৈ শাৰী পাতিব ।”
ৰাজনৈতিক পৰিবৰ্তন আৰু বিজেপি তেওঁৰ বাবে তাতোকৈ বেছি মোক্ষম আঘাত আহিছিল তেতিয়া যেতিয়া এনফৰ্চমেণ্ট সঞ্চালকালয়ে মহাৰাষ্ট্ৰ ৰাজ্যিক সমবায় বেংকৰ এক কেলেংকাৰীৰ গোচৰৰ সৈতে শাৰদ পাৱাৰৰ নাম সাঙুৰিছিল । কিন্তু ফলাফলৰ দিনটোৱে বিজেপিৰ সকলো আশাত চেঁচাপানী ঢালি দিয়ে আৰু প্ৰচাৰৰ সময়ত বিজেপি নেতাসকলে শাৰদ পাৱাৰৰ বিৰুদ্ধে কৰা সকলো বিৰূপ মন্তব্যৰ বাবে তেওঁ বিজেপিক ধন্যবাদ জ্ঞাপন কৰে । এন চি পি-কংগ্ৰেছ যুটিয়ে ৫০ খন আসন পাব বুলি বিজেপিয়ে কৰা অংকৰ ঊৰ্দ্ধত গৈ এন চি পিয়ে অকলেই ৫৪খন আসনত জয়লাভ কৰিবলৈ সক্ষম হয় ।
মহাৰাষ্ট্ৰৰ ৰাজনীতিত পাৱাৰৰ গুৰুত্বপূৰ্ণ ভূমিকাক উপলব্ধি কৰি সংসদৰ কাৰ্যকলাপত এন চি পিয়ে কেতিয়াও বেমেজালিৰ সৃষ্টি নকৰা বুলি ততালিকৈ ১৮ নৱেম্বৰত ৰাজ্যসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলটোক প্ৰশংসা কৰে । তাৰ পাছত ২০ নৱেম্বৰত দুয়োগৰাকী নেতাই ৪০ মিনিটৰ এক বৈঠকত অংশগ্ৰহণ কৰে । পাৱাৰ আৰু মোডীয়ে যে ব্যক্তিগতভাৱে সুসম্পৰ্ক ৰক্ষা কৰি আহিছে সেই কথাৰ সংকেত উল্লেখিত ঘটনা দুটাই বহন কৰে ।
ৰাজনৈতিক পৰিবৰ্তন আৰু বিজেপি কিন্তু পুৰণি শক্তিভাণ্ডাৰ পাৱাৰে ভালদৰে জানে যে ব্যক্তিগত সুসম্পৰ্কতকৈ শক্তিশালী স্থিতিয়েহে ৰাজনৈতিক বুজাবুজিত নিৰ্ণায়ক ভূমিকা পালন কৰে । যাৰ ফলত দলীয় বিধায়কসকলৰ ওপৰত তেওঁৰ প্ৰভাৱ খটুৱাই এন চি পি দুভাগ কৰাৰ লগতে বিজেপি-এন চি পি চৰকাৰ গঠনৰ বাবে ভতিজাক অজিত পাৱাৰে কৰা চেষ্টাক বিফল কৰিবলৈ শাৰদ পাৱাৰ সফল হয় ।পাৱাৰৰ কন্যা সুপ্ৰিয়া চুলে দলটোৰ কাৰ্যকৰী সভাপতি হোৱাৰ সম্ভাৱনা দেখি অজিত পাৱাৰে ২৩ নৱেম্বৰত বিদ্ৰোহ আৰম্ভ কৰে । অজিত পাৱাৰৰ আশা আছিল-সুপ্ৰিয়াৰ অধীনত কাম কৰিব নিবিচৰা তেওঁৰ দৰে দলৰ আন বহুতেই তেওঁক অনুসৰণ কৰিব । কিন্তু সেয়া হোৱা দেখা নগ’ল । আন কোনো এন চি পি নেতাই দল ত্যাগ নকৰিলে । অজিত পাৱাৰে নিজেই এন চি পিলৈ উভতি আহে । বিসম্বাদ স্বত্বেও এন চি পিত সুপ্ৰিয়াতকৈ অজিতৰ অনুগামী অধিক আছে বুলি উপলব্ধি কৰি শাৰদ পাৱাৰে অজিতক ক্ষমা কৰি (বৰ্তমানৰ বাবে) নিজৰ দূৰদৰ্শিতাৰ প্ৰমাণ দিছে । অজিতৰ প্ৰত্যাৱৰ্তনৰ পাছত শিৱসেনা-এন চি পি-কংগ্ৰেছ চৰকাৰৰ আয়ুস বৃদ্ধিৰ বাবে শাৰদ পাৱাৰ ব্যস্ত হৈ পৰিছে ।
ৰাজনৈতিক পৰিবৰ্তন আৰু বিজেপি কিন্তু এন চি পিৰ বিজেপিৰ প্ৰতি যিমান বিষোদগাৰ আছে তাতকৈ বেছি শিৱসেনাৰ আছে বুলি জানি পাৱাৰে শিৱসেনাক বিজেপিৰ উদ্দেশ্যি বন্দুক টোঁৱাবলৈ বেছিকৈ দিব । অৱশ্যে যেতিয়া ৰাজ্যিক বিজেপিৰ আক্ৰোশ বা কেন্দ্ৰৰ ন্যস্ত স্বাৰ্থজড়িত ৰাজনীতিৰ বিৰুদ্ধে যুঁজিবলৈ থাক্কৰেৰ ৰণ কৌশলেই যথেষ্ট নহয় বুলি অনুভৱ কৰিব তেতিয়া শাৰদ পাৱাৰো যুঁজত অৱতীৰ্ণ হ’ব । আনহাতে শিৱসেনা-এন চি পি-কংগ্ৰেছ চৰকাৰখনে ন্যায়াধীশ বি এইচ লয়াৰ মৃত্যুৰ অনুসন্ধানৰ গোচৰটো পুনৰ মুকলি কৰিব পাৰে । মৃত ন্যায়াধীশগৰাকীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে থকা হত্যাকাণ্ডৰ এক গোচৰ বিচাৰ কৰি আছিল৷ ইয়াৰ লগতে ভীমা কৰেগাঁৱৰ ঘটনাটোও আছে । এই গোচৰত বিশ্বাসযোগ্য নোহোৱা এক পৰিকল্পনাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ এক ৰোডশ্বোত হত্যা কৰাৰ চক্ৰান্ত কৰা বুলি কেইবাগৰাকীও আগশাৰীৰ বাওঁপন্থী চিন্তাবিদ আৰু দলিত কৰ্মীৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ আৰক্ষীয়ে অভিযোগ উত্থাপন কৰিছিল । বিজেপিয়ে মুখ্যমন্ত্ৰী থাকৰেৰ বিৰুদ্ধাচৰণ কৰি থাকিলে মুম্বাইৰ পৰা আহমেদাবাদলৈ বুলেট ট্ৰেইন চলাচলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ প্ৰকল্পটোও লাইনচ্যুত হ’ব পাৰে ।
ৰাজনৈতিক পৰিবৰ্তন আৰু বিজেপি নিশ্চিতভাৱে দুয়োফালে সন্তুষ্ট কৰি ৰখা বুলি অতীতৰে পৰা নাম থকা শাৰদ পাৱাৰে তেওঁৰ পৰৱৰ্তী কাৰ্যপন্থাৰ সময় নিৰ্ধাৰণ কৰিবলৈ কোনো লৰা-ঢপৰা কৰা নাই । হয়তো তেতিয়ালৈকে তেওঁ এনচিপিত উত্তৰাধিকাৰৰ সমস্যাটো সমাধান কৰাৰ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ লগত ভালদৰে বুজাবুজি কৰিব পাৰে । উপ-মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীসভাত ১৬খনকৈ আসন লাভ কৰি তেতিয়ালৈকে এন চি পিয়ে আটাইতকৈ বেছি ক্ষমতা উপভোগ কৰি থাকিব । স্বাধীন বিশ্লেষকসকলৰ অধিকাংশই একমত যে মহাৰাষ্ট্ৰৰ অধ্যায়টোত আটাইতকৈ বেছি এনচিপিৰ লাভ হোৱাৰ বিপৰীতে দীৰ্ঘকালীনভাৱে শিৱসেনা লোকচানৰ দিশতহে আছে । পৰম্পৰাগত প্ৰতিদ্বন্দ্বী এনচিপি-কংগ্ৰেছৰ সৈতে শিৱসেনাই মিত্ৰতা স্থাপন কৰাৰ পাছত এনচিপি-কংগ্ৰেছ বিৰোধী ভোটৰ একমাত্ৰ অংশীদাৰ হৈ পৰিল বিজেপি । ইয়াৰ উপৰি হিন্দুত্ব সমৰ্থনকাৰীৰ ৮-১০ শতাংশই বিজেপিক গেৰুৱা আদৰ্শৰ ধ্বজা বহনকাৰী হিচাপে গ্ৰহণ কৰে । কিন্তু শিৱসেনাৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল-কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বে বা মাজতে কোনো নিৰ্বাচন অনুষ্ঠিত হ’লে এনচিপি-কংগ্ৰেছে শিৱসেনাৰ সৈতে আসন ভাগ-বাটোৱাৰা কৰিবনে? কিছু মাহ পাচত যেতিয়া পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব তেতিয়াহে ছবিখন পৰিষ্কাৰ হৈ পৰিব ।
ৰাজনৈতিক পৰিবৰ্তন আৰু বিজেপি এটা সময়ত হিন্দুত্ববাদী দল বিজেপি আৰু শিৱসেনাৰ মাজত বিবাদ মীমাংসাৰ বাবে আৰ এছ এছ আগবাঢ়ি আহিছিল । আ এছ এছৰ কথামতেই পাঁচ বছৰীয়া কাৰ্যকালৰ মাজভাগত শিৱসেনাই মুখ্যমন্ত্ৰীৰ পদৰ দাবী ত্যাগ কৰাৰ সংকেত দিছিল । তাৰ বাবে তেওঁলোকৰ দুটা চৰ্ত আছিল । চৰ্ত দুটা হ’লঃ
(১) কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী এনডিএৰ মুখ্যমন্ত্ৰী হ’ব লাগে ।
(২) আদিত্য থাকৰেক উপ-মুখ্যমন্ত্ৰীৰ পদ দিব লাগে ।
কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিৱসেনাৰ চৰ্ত দুটা নস্যাৎ কৰিছিল । তাৰ বাবে তেওঁৰ যুক্তি আছিল,
“ প্ৰথম কথা হ’ল-কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ভিতৰত ভাল কাম কৰা মন্ত্ৰীসকলৰ ভিতৰত গাডকাৰী অন্যতম । তদুপৰি বিজেপিৰ আসনৰ আধা আসন জিকা মিত্ৰদলটোৱে আধা কাৰ্যকাল মুখ্যমন্ত্ৰীৰ পদ লাভ কৰাটোৱে বেয়া নজিৰ সৃষ্টি কৰিব । ৫৬ জন বিধায়ক থকা সৰু দল শিৱসেনাই ১০৫ জন বিধায়ক থকা বিজেপিক বুজাবুজিত অনাত সফল হোৱা বুলি প্ৰচাৰ কৰিব ।” দুয়োপক্ষই মান্তি নোহোৱাৰ ফলতে আৰ এছ এছেও বুজাবুজিৰ প্ৰক্ৰিয়াটোৰ পৰা আঁতৰি যায় ।