11 চেপ্তেম্বৰ, 2001
মঙলবাৰ, সময় পুৱা 8 বাজি 46 মিনিট: আমেৰিকাৰ সদাব্যস্ত চহৰ নিউয়ৰ্ক ৷ World Trade Centre বা বিশ্ব বাণিজ্য কেন্দ্ৰত ব্যাপক ব্যস্ততা ৷ কৰ্মস্থলীত উপস্থিত সহস্ৰাধিক লোক ৷ তেতিয়াই প্ৰচণ্ড বেগেৰে আমেৰিকান এয়াৰলাইনছৰ 11 নং ফ্লাইটে খুন্দা মাৰে বাণিজ্য কেন্দ্ৰৰ নৰ্থ টাৱাৰত ৷ উৰাজাহাজখন আছিল বুষ্টনৰ পৰা ল’জ এঞ্জেলছ অভিমুখী
সময় পুৱা 9 বাজি 3 মিনিট: বুষ্টনৰ পৰা ল’জ এঞ্জেলছ অভিমুখী ইউনাইটেড এয়াৰলাইনছৰ ফ্লাইট নং 175 য়ে খুন্দিয়াই বাণিজ্য কেন্দ্ৰৰ চাউথ টাৱাৰত
পুৱা 9 বাজি 37 মিনিট : নিউয়ৰ্কত ইতিমধ্যে শুনা গৈছে হাজাৰ হাজাৰ লোকৰ আৰ্তনাদ ৷ তাৰ প্ৰায় আধা ঘন্টা পাচতে সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ চিকাৰ হ’ল ৱাছিংটনৰ পেন্টাগ’ন বিল্ডিং ৷ পেন্টাগ’নত খুন্দিয়াই ভাৰজিনিয়াৰ পৰা ল’জ এঞ্জেলছ অভিমুখী আমেৰিকাৰ এয়াৰ লাইনছৰ ফ্লাইট নং 77 য়ে
সময় পুৱা 9 বাজি 59 মিনিট : সম্পূৰ্ণৰূপে ধ্বংস বিশ্ব বাণিজ্য কেন্দ্ৰৰ চাউথ টাৱাৰ
সময় পুৱা 10 বাজি 3 মিনিট : পেনচিলভেনিয়াৰ শ্বাকভিলাৰ ওচৰত ভূপতিত নিউইয়ৰ্কৰ পৰা চান ফ্ৰান্সিস্ক’ অভিমুখী ইউনাইটেড এয়াৰ লাইনছৰ ফ্লাইট নং 93
সময় পুৱা 10 বাজি 28 মিনিট :বিশ্ব বাণিজ্য কেন্দ্ৰৰ নৰ্থ টাৱাৰ ধ্বংস ৷ প্ৰথমটো আক্ৰমণ আৰু দুয়োটা টাৱাৰ ধ্বংসৰ সময়ৰ ব্যৱধান 102 মিনিট
- এই ঘটনাত বিশ্ব বাণিজ্য কেন্দ্ৰত 2,753 জনৰ অকাল মৃত্যু
- হত্যাৰ বলি হোৱা লোকসকলৰ ভিতৰত আছিল দুই বছৰীয়া শিশুৰ পৰা 85 বছৰীয়া বৃদ্ধ
- ইয়াৰে 75 - 80 শতাংশই আছিল পুৰুষ
- পেন্টাগ’নত মৃত্যু হৈছিল 184 গৰাকী ব্যক্তিৰ
- পেনচিলভেনিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু 40 জন যাত্ৰীৰ
- জুলাই 2019 লৈ 2,753 গৰাকী মৃতকৰ ভিতৰত 1,644 গৰাকী চিনাক্ত
ঘটনাৰ 3 মাহ পাচত
ডিচেম্বৰ 13, 2001
আমেৰিকা চৰকাৰে মুকলি কৰে এটা টেপ ৰেকৰ্ডিং ৷ য’ত ওছামা বিন লাডেনে স্বীকাৰ কৰিছিল আক্ৰমণৰ দায়িত্ব
নিহত আৰু আহতৰ পৰিয়ালে ক্ষতিপূৰণৰ বাবে আবেদন কৰাৰ শেষ দিন 22 ডিচেম্বৰ 2003 ধাৰ্য ৷ পৰৱৰ্তী পৰ্যায়ত 2011 চনত পুনৰ মুকলি কৰা হয় আবেদনৰ প্ৰক্ৰিয়া ৷
অৰ্থনৈতিক ক্ষতি
- আক্ৰমণৰ পৰিকল্পনা আৰু সম্পন্ন কৰালৈ প্ৰায় 5 লাখ মাৰ্কিন ডলাৰ ব্যয়
- বিশ্ব বাণিজ্য কেন্দ্ৰৰ টাৱাৰ ধ্বংসত প্ৰথম 4 সপ্তাহত প্ৰায় 123 বিলিয়ন মাৰ্কিন ডলাৰৰ লোকচান
- কেন্দ্ৰৰ ক্ষতি, অট্টালিকাৰ চৌপাশ, আন্তঃগাঠনি আৰু পৰিবহণ ক্ষেত্ৰত 60 বিলিয়ন মাৰ্কিন ডলাৰৰ লোকচান
- 14 চেপ্তেম্বৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰৰ জৰুৰীকালীনভাবে 40 বিলিয়ন মাৰ্কিন ডলাৰৰ পেকেজ
- বীমাখণ্ডত 9.3 বিলিয়ন মাৰ্কিন ডলাৰৰ ব্যয়
ওছামা বিন লাডেনৰ বিৰুদ্ধে অভিযান
2009 চন
পাকিস্তানৰ এব্টাবাদৰ গোপন স্থানত লুকাই থকা লাডেন আৰু ভাতৃৰ সম্ভেদ লাভ মাৰ্কিন চোৰাংচোৱাৰ