অসম

assam

ETV Bharat / bharat

ভাৰতীয় সংবিধানৰ প্ৰচাৰ বিমূখ নায়িকাসকল

ভাৰতৰ সংবিধান প্ৰস্তুত কৰিবলৈ 2 বছৰ 11 মাহ 18 দিন সময়ৰ প্ৰয়োজন হৈছিল আৰু ই 1946 চনত সমাপ্ত হৈছিল ৷ ইয়াৰোপৰি সংবিধান প্ৰণেতা বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে 15 গৰাকী মহিলাৰ ভূমিকা এতিয়া পাহৰণিৰ গৰ্ভত বিলীন হোৱাৰ পথত ৷

The story of unsung 'she-heroes' of the Indian Constitution
ভাৰতীয় সংবিধানৰ প্ৰচাৰ বিমূখ নায়িকাসকল

By

Published : Nov 27, 2019, 10:54 PM IST

নতুন দিল্লী, 27 নৱেম্বৰঃভাৰতৰ সংবিধান বিশ্বৰ ভিতৰতে দীৰ্ঘতম লিখিত সংবিধান ৷ ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে ৷ ভাৰতৰ এই সংবিধান প্ৰস্তুত কৰিবলৈ 2 বছৰ 11 মাহ 18 দিন সময়ৰ প্ৰয়োজন হৈছিল ৷

সংবিধান সভাই সংবিধান ৰচনাৰ বাবে 1946 চনৰ জুলাই মাহত খচৰা কমিটি গঠন কৰিছিল ৷ ড৹ ভিমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলি গণ্য কৰা হয় ৷ ইয়াৰোপৰি সংবিধান প্ৰণেতা বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে আঠ গৰাকী মহিলাৰ ভূমিকা এতিয়া পাহৰণিৰ গৰ্ভত বিলীন হোৱাৰ পথত ৷

ইয়াৰ ভিতৰত সূচেতা কৃপালানি, অম্মু স্বামীনাথন, সৰোজনী নাইডু, বিজয় লক্ষ্মী পণ্ডিত, দুৰ্গাবাঈ দেশমুখ, ৰাজকুমাৰী অমৃত কৌৰ, হংসা মেহতা, বেগম এজাজ ৰছুল, মালতী চৌধুৰী, কমলা চৌধুৰী, লীলা ৰয়, দক্ষেশু ৰয়, দক্ষায়ু আদিৰ অৱদান যথেষ্ট উল্লেখযোগ্য ৷

ভাৰতীয় সংবিধানৰ প্ৰচাৰ বিমূখ নায়িকাসকল

1. সূচেতা কৃপালানিঃ

হাৰিয়ানাত জন্মলাভ কৰা সূচেতা কৃপালানি ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হোৱাৰ লগতে ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী অন্যতম মহিলা কৰ্মকৰ্তা ৷ তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

2. অম্মু স্বামীনাথনঃ

কেৰালাৰ পালঘাট জিলাত জন্মলাভ কৰা অম্মু স্বামীনাথনে 1952 চনত লোকসভা আৰু 1954 চনত ৰাজ্যসভাৰ নিৰ্বাচিত হৈছিল ৷ 1946 চনত তেওঁ মাদ্ৰাজৰ গণপৰিষদৰ অংশীদাৰী আছিল ৷

3. সৰোজনী নাইডুঃ

হায়দৰাবাদত জন্মলাভ কৰা সৰোজনী নাইডু ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষ তথা ভাৰতীয় ৰাজ্যপাল হোৱা প্ৰথমগৰাকী মহিলা ৷ কবিতাৰ বাবে জনপ্ৰিয় সৰোজনী নাইডুক ‘ভাৰতৰ নাইটিংগেল’ বুলি জনা যায় ৷

4. বিজয় লক্ষ্মী পণ্ডিতঃ

1900 চনৰ 18 আগষ্টত এলাহবাদত জন্মলাভ কৰা বিজয় লক্ষ্মী পণ্ডিত ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল ৷ 1936 চনত তেওঁ বিধানসভাৰ বাবে নিৰ্বাচিত হৈছিল আৰু 1937 চনত তেওঁ স্থানীয় স্ব-চৰকাৰ আৰু স্বাস্থ্য মন্ত্ৰীৰূপে প্ৰথম মহিলা কেবিনেট মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

5. দুৰ্গাবাঈ দেশমুখঃ

1909 চনৰ 15 জুলাইত ৰাজমুণ্ডৰীত জন্মলাভ কৰা দুৰ্গাবাঈ দেশমুখ সংসদ সদস্য আৰু যোজনা আয়োগৰ সদস্য আছিল ৷ ভাৰতৰ সাক্ষৰতা প্ৰচাৰৰ অসামান্য অৱদানৰ বাবে তেওঁক 1971 চনত চতুৰ্থ নেহৰু সাক্ষৰতা পুৰষ্কাৰেৰে সন্মানিত কৰা হৈছিল ৷ 1975 চনত তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে বিভূষিত কৰা হৈছিল ৷

6. ৰাজকুমাৰী অমৃত কৌৰঃ

1889 চনত লক্ষ্নৌত জন্মলাভ কৰা ৰাজকুমাৰী অমৃত কৌৰ ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী আছিল ৷ তেওঁ এইমচৰ প্ৰতিষ্ঠাপক আছিল ৷

7. হংসা মেহতাঃ

এগৰাকী সংস্কাৰক তথা সমাজকৰ্মী হোৱাৰ লগতে হংসা মেহতা এগৰাকী পৰিচিত শিক্ষয়িত্ৰী আছিল ৷ তেওঁ গুজৰাটীত শিশুসকলৰ বাবে কেইবাখনো কিতাপ ৰচনা কৰিছিল আৰু গালিভাৰ্চ ট্ৰেভেলচকে আদি কৰি কেইবাখনো ইংৰাজী কিতাপ তেওঁ অনুবাদ কৰিছিল ৷

8. বেগম এজাজ ৰছুলঃ

বেগম এজাজ ৰছুল ভাৰতীয় সংবিধানত অংশগ্ৰহণ কৰা একমাত্ৰ মহিলা মুছলমান মহিলা ৷ তেওঁ 1952 চনত ৰাজ্যসভা আৰু 1969 ৰ পৰা 1990 চনলৈ উত্তৰ প্ৰদেশৰ বিধানসভাৰ সদস্যৰূপে নিৰ্বাচিত হৈছিল ৷ 2000 চনত তেওঁক সমাজসেৱাৰ অৱদানৰ বাবে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছে ৷

9. মালতী চৌধুৰীঃ

1904 চনত পূৰ্ব বংগ (বৰ্তমানৰ বাংলাদেশ) ত জন্মলাভ কৰা মালতী চৌধুৰীয়ে তেওঁৰ স্বামী নৱকৃষ্ণ চৌধুৰীৰ লগত মিলি উটকল কংগ্ৰেছ সমাজবাদী কৰ্মী সংঘৰ গঠন কৰিছিল ৷ ইয়াক পিচলৈ অখিল ভাৰতীয় কংগ্ৰেছ ছ’চিয়েলিষ্ট পাৰ্টীৰ উৰিষ্যা আঞ্চলিক শাখা ৰূপে পৰিচিত হৈছিল ৷

10. কমলা চৌধুৰীঃ

লক্ষ্নৌত জন্মলাভ কৰা কমলা চৌধুৰী 1930 চনত গান্ধীৰ দ্বাৰা আৰম্ভ কৰা নাগৰিক অবাধ্য আন্দোলনত জড়িত হৈ পৰিছিল ৷ এগৰাকী প্ৰসিদ্ধ লিখক হিচাপে পৰিচিত কমলা চৌধুৰী সত্তৰৰ দশকৰ শেষভাগত লোকসভালৈ নিৰ্বাচিত হৈছিল ৷

11. লীলা ৰয়ঃ

অসমত জন্মলাভ কৰা লীলা ৰয়ে 1921 চনত বেথ্যুন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷ তেওঁ সদৌ বঙালী মহিলা ভোটাধিকাৰ সমিতিৰ সহঃ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

12. দক্ষায়ানী বেলায়ুধনঃ

1912 চনত কোচিৰ বোলগেট্টিৰ দ্বীপত জন্মলাভ কৰা দক্ষায়ানী বেলায়ুধনে 1945 চনত ৰাজ্য চৰকাৰৰ কৰ্তৃত্বত বিধান পৰিষদলৈ মনোনীত হৈছিল ৷ 1946 চনত নিৰ্বাচিত হোৱা তেওঁ দলিত সম্প্ৰদায়ৰ একমাত্ৰ তথা প্ৰথম মহিলা আছিল ৷

13. ৰেণুকা ৰয়ঃ

এগৰাকী সমাজসেৱক ৰেণুকা ৰয় 1943 চনৰ পৰা 1946 চনলৈ কেন্দ্ৰীয় বিধানসভা, গণপৰিষদ আৰু অস্থায়ী সংসদৰ সদস্য আছিল ৷ তেওঁ 1952 চনৰ পৰা 1957 চনলৈ পশ্চিমবংগৰ পু্নৰসংস্থাপন মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

14. এনি মাস্কাৰিনঃ

কেৰালাৰ থিৰুৱন্তপুৰমত জন্মলাভ কৰা এনি মাস্কাৰিন ত্ৰাৱনকোৰ ৰাজ্যিক কংগ্ৰেছত ভৰ্তি হোৱা প্ৰথম মহিলা আছিল ৷ তেওঁ 1951 চনত লোকসভা নিৰ্বাচনত নিৰ্বাচিত হোৱা কেৰালাৰ প্ৰথম মহিলা সাংসদ ৷

15. পুৰ্ণিমা বেনাৰ্জীঃ

পুৰ্ণিমা বেনাৰ্জী উত্তৰ প্ৰদেশৰ এলাহবাদ ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিৰ সচিব আছিল ৷ তেওঁ 1930-40 দশকৰ উত্তৰ প্ৰদেশৰ অন্যতম শীৰ্ষস্থানীয় স্বাধীনতা আন্দোলনকাৰী আছিল ৷

আৰু পঢ়়কঃ গণতন্ত্ৰৰ গহণা

ABOUT THE AUTHOR

...view details