তেজপুৰ, 17 ছেপ্তেম্বৰ:প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অহা ১৮ ছেপ্তেম্বৰত ভিডিঅ' কনফাৰেন্সযোগে অৰুণাচল প্ৰদেশৰ উজনি চিয়াঙৰ "দিতে ডিমে"ৰ নৱ নিৰ্মিত ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটন কৰিবললগীয়া আছিল যদিও, সেই কাৰ্যসূচী কিছুদিনলৈ আনুষ্ঠানিকভাৱে পিছুৱাই দিয়া হয় ৷ এই তথ্য় প্ৰদান কৰে সীমান্ত পথ সংস্থা বি আৰ অ'ৰ কৰ্ণেল বেজেলে ৷
পিছুৱাই দিয়া হ'ল ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটনৰ কাৰ্যসূচী - প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
পিছুৱাই দিয়া হ'ল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১৮ ছেপ্তেম্বৰত মুকলি কৰিবলগীয়া ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটন কাৰ্যসূচী ৷
পিছুৱাই দিয়া হ'ল ভাৰত-চীন সীমান্তৰ ওলমা দলং উদঘাটনৰ কাৰ্যসূচী
দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই প্ৰতিৰক্ষা মন্ত্ৰী সিঙে নতুন দিল্লীৰ পৰা সম্বোধন কৰি মুকলি কৰিবলগীয়া উজনি চিয়াঙৰ ঋগা ৰাজহ চক্ৰৰ অধীনৰ, এই দলং খন নিৰ্মাণ কৰি উলিয়াইছে ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে ৷ উল্লেখ্য যে, এই কাৰ্যসূচী পিছুৱাই দিয়াৰ বিষয়ে বৰ্তমানেও কোনো ধৰণৰ তথ্য বা কাৰণ জানিব পৰা যোৱা নাই ৷
লগতে পঢ়ক:ভাৰত-চীন সীমান্তৰ ওলমা দলং উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে