অসম

assam

By

Published : Dec 31, 2019, 5:34 PM IST

ETV Bharat / bharat

প্লাষ্টিকৰ ভয়াৱহতা ৰোধৰ বাবে পেটলাড পৌৰ সভাৰ গুৰুত্বপূৰ্ণ ভূমিকা

অতিৰিক্ত মাত্ৰাত প্লাষ্টিকৰ ব্যবহাৰ বিশ্বব্যাপী এক চিন্তনীয় বিষয় হৈ পৰিছে ৷ বৰ্জনীয় প্লাষ্টিকৰ মাত্ৰ 5 শতাংশহে দৈনিক পুনৰ ব্যৱহাৰ কৰা হয়, ই য়ে প্ৰমাণ কৰে যে, প্ৰতিটো ছেকেণ্ডতে প্লাষ্টিক পৃথিৱীৰ বাবে এক ডাঙৰ আৰু অসুৰক্ষিত সমস্যা হৈ পৰিছে ৷

Gujarat plastic story
The Petlad Municipality of Anand district

প্লাষ্টিকৰ ভয়াৱহতাৰ পৰা হাত সাৰিবলৈ আনন্দ জিলাৰ পেটলাড পৌৰসভাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ এই পৌৰসভাই পেলনীয়া প্লাষ্টিকৰ পৰা তেল উৎপাদনৰ চেষ্টা কৰিছে যিয়ে চহৰ খনক প্লাষ্টিক মুক্ত কৰি তুলিছে ৷ এফালে অতিৰিক্ত মাত্ৰাত প্লাষ্টিকৰ ব্যবহাৰ বিশ্বব্যাপী এক চিন্তনীয় বিষয় হৈ পৰিছে ৷ আনহাতে এই বৰ্জনীয় প্লাষ্টিকৰ মাত্ৰ 5 শতাংশহে দৈনিক পুনৰ ব্যৱহাৰ কৰা হয় ৷ ই প্ৰমাণ কৰে যে, প্ৰতিটো ছেকেণ্ডতে প্লাষ্টিক পৃথিৱীৰ বাবে এক ডাঙৰ আৰু অসুৰক্ষিত সমস্যাৰূপে দেখা দিছে ৷ পেটলাড পৌৰসভাই তেওঁলোকৰ জিলাত নিম্ন মানৰ প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ চেষ্টা কৰিছে ৷ পৌৰসভাৰ কৰ্মী সকলে ঘৰে ঘৰে গৈ প্ৰতিঘৰ পৰিয়ালৰ পৰা পেলনীয়া প্লাষ্টিকসমূহ সংগ্ৰহ কৰে যাক ভিজা আৰু শুকান শ্ৰেণীত বিভাজন কৰা হয় ৷

পেটলাড পৌৰ সভাৰ গুৰুত্বপূৰ্ণ ভূমিকা


ডাম্পিং চাইট সমূহৰ কাষত য'ত আৱৰ্জনা সমূহ পেলোৱা হয়, তাত এটা প্লাষ্টিক পাইৰোলিচিছ প্লান্ট স্থাপন কৰা হৈছে যিয়ে এই আৱৰ্জনা সমূহক ব্যৱহাৰযোগ্য তেললৈ ৰূপান্তৰ কৰাত সহায় কৰে ৷ এই তেল সমূহ পৌৰসভাৰ দ্বাৰা কম গতিৰ ডিজেল ইঞ্জিন সমূহ চলোৱাত আৰু বিত্তীয় বিক্ৰয়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ৷ বহু সময়ত যেতিয়া প্লান্টটো ৰক্ষণাবেক্ষণৰ অধীনত থাকে তেতিয়া সংগ্ৰীহিত প্লাষ্টিক সমূহ পৌৰসভাই কৰ্তৃপক্ষই অন্য কোনো সংস্থাক হস্তান্তৰ কৰে ৷ বিনিময়ত সংগঠনটোৱে পৌৰসভাক কোনো সজোৱা সামগ্ৰী আৰু বাগানত বহা সৰঞ্জাম প্ৰদান কৰে ৷ পেটলাড পৌৰসভাই কাৰ্যকৰীভাৱে চহৰ খনক প্লাষ্টিক মুক্ত কৰাৰ প্ৰত্যাহ্বান লোৱাৰ লগতে এক ব্যয়যোগ্য উৎপাদকো তৈয়াৰ কৰিছে ৷

লগতে পঢ়কঃহৰিৎ কৰ্ম সেনাৰ প্লাষ্টিক বিৰোধী সংগ্ৰাম

ABOUT THE AUTHOR

...view details