শেহতীয়াকৈ সম্পন্ন হোৱা বড়ো শান্তি চুক্তিয়ে অসমৰ বড়ো সমাজৰ মাজলৈ আনন্দৰ জোঁৱাৰ কঢ়িয়াই আনিছে ৷ উল্লেখযোগ্য যে, এইখন হৈছে বড়োসকলৰ সৈতে চৰকাৰে স্বাক্ষৰ কৰা তৃতীয়খন চুক্তি ৷
অসমৰ ভৈয়ামৰ বৃহত্তম জনজাতি বড়োসকলে, 1968 চনতে Plains Tribal Council of Assamৰ অধীনত এখন স্বায়ত্বশাসিত অঞ্চলৰ দাবী উত্থাপন কৰিছিল ৷ এই দাবীয়ে অধিক মনোযোগ আকৰ্ষণ কৰে যেতিয়াই,ব্ৰহ্মপুত্ৰৰ বৃহত্তৰ উত্তৰ পাৰক সামৰি "উদয়াঞ্চল" নামেৰে এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবীৰ ৰূপ লয় 1973 চনত ৷ কিন্তু এই আন্দোলন ক্ৰমান্বয়ে শিথিল হোৱাৰ পিচত 1980ৰ দশকত নিখিল বড়ো ছাত্ৰ সন্থা এই আন্দোলনৰ নেতৃত্বলৈ অহাৰ পথ মুকলি হয় ৷ প্ৰথমতে আবছু নেতাসকলে তেওঁলোকৰ দাবীৰ সমাধানৰ বাবে 1985 চনত বিদেশী খেদা আন্দোলনৰ ফলত নতুনকৈ জন্মলাভ কৰা অসম গণ পৰিষদৰ চৰকাৰৰ নেতৃত্বৰে আলাপ আলোচনাৰ পোষকতা কৰিছিল ৷ কিন্তু অসম চৰকাৰৰ উদাসীন ব্যৱহাৰে আবছু নেতৃত্বক ক্ষোভিত কৰি তোলে ৷ ইয়াৰ পিচতে আবছুয়ে অসমক দুটা সমান ভাগত(‘Divide Assam Fifty Fifty’) ভাগ কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যদাৰে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰে 1987 চনৰ মাৰ্চ মাহত ৷ পৰৱৰ্তী সময়ত 1988 চনত এই দাবীক এখন পৃথক বড়ো ৰাজ্যৰ দাবীলৈ ৰূপান্তৰিত কৰা হয় ৷ আবছুৰ অসামান্য জনপ্ৰিয় সভাপতি,প্ৰয়াত উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত বৃহত্তৰ বড়ো সমাজৰ পৰা এই আন্দোলনে এক অতুলনীয় সমৰ্থন লাভ কৰে ৷ কিন্তু একে সময়তে বড়ো অধ্যুষিত অঞ্চলসমূহত সেই সময়ত ব্যাপক হিংসাৰো সাক্ষী হৈ ৰয় সমগ্ৰ ৰাজ্য ৷
অৱশ্যে উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অকাল মৃত্যুৰ পিচতে এই আন্দোলনে অন্য দিশলৈ ঢাল খোৱাৰ লগতে বড়ো ছিকিউৰিটী ফৰ্ছ তথা পিচত নাম সলনি কৰি নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰন্ট অৱ বড়োলেণ্ড চমুকৈ এনডিএফবি হিচাপে পৰিচিত হোৱা বিদ্ৰোহী সংগঠনটোৰ হাতলৈ গুচি যায়, যিয়ে পৃথক ৰাষ্ট্ৰৰ দাবীত অটল সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰে ৷ এনে সময়তে ক্ষুন্ন হৈ থকা আবছু নেতৃত্বৰ সমস্যাৰ সমাধানৰ বাবে 1993 চনত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে আবছু নেতৃবৃন্দৰ এখন চুক্তি স্বাক্ষৰ হয় ৷ এই চুক্তিয়ে পৃথক ৰাজ্যৰ বিপৰীতে,ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ সামৰি,কোকৰাঝাৰক মুখ্যালয় হিচাপে লৈ বড়ো স্বায়ত্বশাসিত পৰিষদ গঠন (Bodo Autonomous Council)ৰ প্ৰস্তাৱৰ ব্যৱস্থা ৰাখে ৷ 50% নাইবা তাৰ অধিক বড়ো জনসংখ্যা থকা গাঁৱসমূহক এই পৰিষদৰ অন্তৰ্ভুক্ত কৰাৰ কথা কোৱা হয় ৷ ভৌগলিক পৰিস্থিতিৰ দোহাই দি,কমসংখ্যক বা বড়ো জনসংখ্যা থকা বা একেবাৰে নথকা গাঁৱসমূহকো ইয়াৰ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা চুক্তিত ৰখা হয় ৷ ইয়ে অঞ্চলটোৰ অবড়ো অধ্যুষিত লোকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে যি এতিয়াও সক্ৰিয় হৈ আছে ৷
কিন্তু বড়ো স্বায়ত্বশাসিত পৰিষদৰ নেতৃত্বৰ মাজত ফাঁট মেলা পৰিলক্ষিত হয় ৷ একেসময়তে,আবছুক পিচ পেলাই এনডিএফবিয়ে বড়োসকলৰ মাজলৈ অধিক শিপাই যাবলৈ ধৰে ৷ সেই সময়তে আন এক বিদ্ৰোহী সংগঠন,বড়ো লিবাৰেশ্যন টাইগাৰ্ছ চমুকৈ বিএলটিয়ে জন্মলাভ কৰে ৷ বহুতে ক'ব খোজে যে, এনডিএফবিৰ বৰ্ধিত জনপ্ৰিয়তা ৰোধ কৰিবলৈ চোৰাংচোৱা বাহিনীসমূহে বিএলটিক নিয়োজিত কৰিছিল ৷ উল্লেখযোগ্য যে, এনডিএফবিৰ পৃথক ৰাজ্যৰ দাবীৰ পৰিৱৰ্তে, বিএলটিয়ে ভাৰতৰ ভিতৰতে থাকি এখন পৃথক বড়ো ৰাজ্যৰ দাবী উত্থাপন কৰে ৷ পৃথক ৰাজ্যৰ দাবীৰ এই আন্দোলনত 1990ৰ মাজৰ দশকত এনডিএফবি আৰু বিএলটিৰ মাজৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছিল ৷ তেওঁলোকৰ কাৰ্যকলাপে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে, যেতিয়া তেওঁলোকে ৰাজহুৱা স্থানকে ধৰি,ৰেলগাড়ীত বিস্ফোৰণ আৰু অসংখ্য হিংসাত্মক ঘটনাই মানৱ জীৱনৰ লগতে ধন জনৰ বিস্তৰ বিনাশ সাধন কৰে ৷
বিএলটিয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে 1999 চনত যুদ্ধবিৰতি ঘোষণা কৰে, অধিক ভূমি আৰু ক্ষমতাৰে এখন নতুন বড়ো টেৰিটৰিয়েল কাউন্সিলৰ বাবে তেওঁলোক সন্মত হয় ৷ এই মৰ্মে ধৰণে, 2003 চনৰ ফেব্ৰুৱাৰী মাহত বিএলটিয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰে ৷ বিএলটিৰ নেতা হাগ্ৰামা মহিলাৰীয়ে 2003 চনৰ ডিচেম্বৰ মাহত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপতগ্ৰহণ কৰে ৷ এই চুক্তিয়ে, 3,082 খন গাঁও সামৰি, বিটিচিৰ অধীনত চাৰিখনকৈ জিলা (কোকৰাঝাৰ, ওদালগুৰি, বাক্চা আৰু চিৰাঙক) সামৰি লয় যাক সাতখনকৈ জিলাৰ পৰা অতিৰিক্তভাৱে গঠন কৰা হৈছিল ৷ বিটিচিৰ অধীনলৈ অহা অঞ্চলটোক বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ চমুকৈ বিটিএডি হিচাপে নামকৰণ কৰা হয় ৷ এইটো মন কৰিবলগীয়া যে, বিটিচি গঠনৰ সময়ত, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংশোধন ঘটোৱা হৈছিল যাৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভৈয়ামৰ কোনো এটা জনগোষ্ঠীক এইদৰে স্বায়ত্বশাসন প্ৰদান কৰা হৈছিল ৷
এনডিএফবিয়ে এই চুক্তিক প্ৰত্যাশিতভাৱেই প্ৰত্যাখ্যান কৰি স্বাধীন বড়োলেণ্ডৰ দাবীৰে নিজৰ সংগ্ৰাম অব্যাহত ৰাখে ৷ একেসময়তে অবড়ো সম্প্ৰদায়,বিশেষকৈ কোচ-ৰাজবংশী আৰু আদিবাসীসকলে অঞ্চলটোৰ অবড়ো লোকসকলৰ বাবে বিটিচি খনক এক অন্যায় আখ্যা দি ইয়াৰ বিৰোদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লয় ৷ ক্ৰমান্বয়ে,পূৰ্বৱৰ্তী পূব বংগ মূলীয় মুছলমান লোকসকলে এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ লয় ৷ উল্লেখযোগ্য যে, এই পূৰ্ব বংগীয় মূলৰ লোকসকল বিটিচিৰ এক প্ৰধান জনগোষ্ঠী ৷ সামগ্ৰিকভাৱে বিটিচিৰ অবড়ো লোকসকলৰ জনসংখ্যা তাৰ মুঠ জনসংখ্যাৰ চাৰিভাগৰ তিনিভাগ ৷ এইসমূহ সম্প্ৰদায়ে তেওঁলোকৰ নিজৰ প্ৰতিবাদ তীব্ৰতৰ কৰি তোলাৰ লগতে তেওঁলোকে ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰসমূহৰ সংৰক্ষণৰ বাবে তীব্ৰ আন্দোলন চলাই আছে ৷ 2014 আৰু 2019ৰ লোকসভা নিৰ্বাচনত তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰে ৷ একেদৰেই বিটিচিৰ অধীনত থকা কোচ-ৰাজবংশীসকলৰ মাজতো পৃথক কমতাপুৰ ৰাজ্যৰ দাবীলৈ লক্ষ্য কৰিলেও অঞ্চলটোৰ এই জটিল পৰিস্থিতি অনুধাৱন কৰিব পাৰি ৷