অসম

assam

কাৰ্গিল যুদ্ধত শ্বহীদ কেপ্তেইন বিজয়ন্ত থাপৰৰ স্মৃতি ৰোমন্থন কৰ্ণেল পিতৃৰ

By

Published : Jul 26, 2020, 10:29 PM IST

1999 চনত হোৱা ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধত ভাৰতে উৰুৱাইছিল বিজয়ৰ ধ্বজা । আৰু তেতিয়াৰ পৰাই 26 জুলাইৰ দিনটো পালন কৰা হয় কাৰ্গিল বিজয় দিৱস হিচাপে । এই দিনটোতে দেশমাতৃৰ বাবে যুঁজি শ্বহীদ হৈছিল বহু ভাৰতীয় বীৰ সেনা । প্ৰায় দুমাহ ধৰি চলিছিল কাৰ্গিল যুদ্ধ । 21 বছৰ পূৰ্বে এই দিনটোতে পাকিস্তানী সেনাক পৰাভূত কৰি যুদ্ধত বিজয়ী হৈছিল ভাৰতী সেনা বাহিনী । পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনা বাহিনীৰ এই যুদ্ধক নাম দিয়া হয় ‘অপাৰেচন বিজয়’।

The last letter; Remembering Kargil War hero, Captain Vijayant Thapar
কাৰ্গিল যুদ্ধত শ্বহীদ কেপ্তেইন বিজয়ন্ত থাপাৰ স্মৃতি ৰোমন্থন কৰ্ণেল পিতৃৰ

নিউজ ডেস্ক, 26 জুলাই :1999 চনৰ 29 জুলাইত কাৰ্গিল যুদ্ধত পাকিস্তানী সৈন্যৰ হাতত শ্বহীদ হৈছিল কেপ্তেইন বিজয়ন্ত থাপৰ ৷ ভাৰত ভূমিক পাকিস্তানৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত ভাৰতীয় বীৰ জোৱানে আত্ম বলিদান দিব লগা হৈছিল ৷ শ্বহীদ কেপ্তেইন বিজয়ন্ত থাপৰৰ বীৰত্বই প্ৰতিজন ভাৰতীয়ক প্ৰেৰণা প্ৰদান কৰে ৷

1999 চনত হোৱা ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধত ভাৰতে উৰুৱাইছিল বিজয়ৰ ধ্বজা । আৰু তেতিয়াৰ পৰাই 26 জুলাইৰ দিনটো পালন কৰা হয় কাৰ্গিল বিজয় দিৱস হিচাপে । এই দিনটোতে দেশমাতৃৰ বাবে যুঁজি শ্বহীদ হৈছিল বহু ভাৰতীয় বীৰ সেনা । প্ৰায় দুমাহ ধৰি চলিছিল কাৰ্গিল যুদ্ধ । 21 বছৰ পূৰ্বে এই দিনটোতে পাকিস্তানী সেনাক পৰাভূত কৰি যুদ্ধত বিজয়ী হৈছিল ভাৰতী সেনা বাহিনী । পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনা বাহিনীৰ এই যুদ্ধক নাম দিয়া হয় ‘অপাৰেচন বিজয়’

কাৰ্গিল যুদ্ধত শ্বহীদ কেপ্তেইন বিজয়ন্ত থাপাৰ স্মৃতি ৰোমন্থন কৰ্ণেল পিতৃৰ

কাৰ্গিল দিৱস সম্পৰ্কত ইটিভি ভাৰতৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত শ্বহীদ কেপ্তেইন বিজয়ন্ত থাপৰৰ পিতৃ কৰ্ণেল বীৰেন থাপৰে পুত্ৰৰ কিছু স্মৃতি ৰোমন্থন কৰিছে ৷ সাক্ষাৎকাৰত পিতৃ বীৰেণ থাপৰে জনাই যে, তেওঁ পুত্ৰৰ বাবে'বিজয়ন্ত কাৰ্গিল' নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে য'ত দেশপ্ৰেমৰ বহু কথা প্ৰকাশ কৰি উলিওৱা হৈছে ৷ তেওঁ উক্ত গ্ৰন্থখন 20 বছৰৰ অভিজ্ঞতাৰ ভিত্তিত লিখি উলিয়াইছে বুলি মন্তব্য প্ৰদান কৰিছে ৷ কৰ্ণেল বীৰেণ থাপৰে পুনৰ জনাই যে, বিজয়ন্ত তেওঁৰ সৈতে বন্ধুত্বপূৰ্ণ আছিল ৷ দেশৰ বাবে শ্বহীদ হোৱা পুত্ৰক লৈ কৰ্ণেল গৰাকী গৌৰৱ বুলিও উল্লেখ কৰে ৷

কাৰ্গিল যুদ্ধত শ্বহীদ কেপ্তেইন বিজয়ন্ত থাপাৰ স্মৃতি ৰোমন্থন কৰ্ণেল পিতৃৰ

আনহাতে, শ্বহীদ পুত্ৰৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত প্ৰায় ডেৰ লাখ লোক সমবেত হোৱা বুলি উল্লেখ কৰে ৷ পৰৱৰ্তী জনমত তেওঁ যদি পুনৰ মানুহ হৈ জন্ম লাভ কৰে তেতিয়াহলে তেওঁ পুনৰ ভাৰতীয় সেনাত যোগদান কৰি দেশৰ বাবে সেৱা আগবঢ়াব বুলি উল্লেখ কৰিলে ৷

কাৰ্গিল যুদ্ধত শ্বহীদ কেপ্তেইন বিজয়ন্ত থাপাৰ স্মৃতি ৰোমন্থন কৰ্ণেল পিতৃৰ

উল্লেখ্য য়ে, কেপ্তেইন বিজয়কান্ত থাপৰ 1976 চনৰ 26 ডিচেম্বৰৰ পৰা 1999 চনৰ 29 জুনলৈ ভাৰতীয় সেনাৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ কাৰ্গিল যুদ্ধত তেখেতে দেখুওৱা বীৰত্বৰ বাবে তেখেতক মৰণোত্তৰ ভাবে ভাৰতীয় সেনাৰ সৰ্বোচ্চ সন্মান 'বীৰ চক্ৰ'সন্মানৰে সন্মানিত কৰিছিল ৷

ABOUT THE AUTHOR

...view details