নেশ্যনেল ডেক্স, 20 ছেপ্তেম্বৰঃ এৰনাকুল্লামৰ প্ৰথম শ্ৰেণীৰ মেজিষ্ট্ৰেট কোৰ্টে তিনিজনকৈ অল কায়দাৰ কৰ্মীক ৰিমাণ্ডলৈ লয় ৷ শনিবাৰে মুৰশিদ হাচান, মোশাৰফ হোছিন আৰু য়াকুব বিশ্বাসক আটক কৰিছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAই ৷ আদালতখনে কয় যে, আটাইকেজনকে ৰিমাণ্ডলৈ লোৱা হৈছে আৰু শনিবাৰে সন্ধিয়া 5 বজাৰ পৰা 22 ছেপ্তেম্বৰলৈকে তেঁওলোক নিয়াৰ আৰক্ষী অধীক্ষক তথা মুখ্য অনুসন্ধানকাৰী বিষয়া শংকৰব্ৰত ৰায়মেধিৰ জিম্মাত থাকিব ৷
আনহাতে, জিম্মাৰ তাৰিখ উকলি যোৱাৰ পূৰ্বে নতুন দিল্লীৰ পাটিয়ালা হাউচ কৰ্টলৈ নিয়াৰ বিশেষ অধিৱক্তাৰ ওচৰত তিনিওজনকে হাজিৰ কৰিব লাগিব মুখ্য অনুসন্ধানকাৰী বিষয়া শংকৰব্ৰত ৰায়মেধিয়ে ৷ শনিবাৰে তিনিওজন অভিযুক্তকে কোচীৰ মেজিষ্ট্ৰেটৰ আগত হাজিৰ কৰোৱা হৈছিল আৰু ট্ৰাঞ্জিত ৱাৰেন্ট জাৰি কৰা হৈছিল ৷ তিনিওজন অভিযুক্তই কোচীত প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে আশ্ৰয় গ্ৰহণ কৰি আছিল ৷ ইতিমধ্যে তিনিওৰে ক’ভিড 19 পৰীক্ষা সম্পন্ন কৰি তোলা হৈছে ৷