অসম

assam

ETV Bharat / bharat

ইণ্টাৰনেটৰ সুবিধা অন্তিম শাৰীৰ শিক্ষাৰ্থীসকলৰ বাবেও উপলব্ধ হ’ব : ড৹ নিশাংক

আমি ডিজিটেল ব্যৱধানৰ মাত্ৰা হ্ৰাস কৰিম আৰু ইণ্টাৰনেটৰ সুবিধা অন্তিম শাৰীৰ শিক্ষাৰ্থীসকলৰ বাবেও উপলব্ধ হ’ব ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দেশত প্ৰযোজ্য় কৰা অনলাইন শিক্ষা ব্যৱস্থা সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ড৹ নিশাংকৰ সৈতে হোৱা ইটিভি ভাৰতৰ এক সাক্ষাৎকাৰত শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰি কৰে এই কথা ৷

Dr. Nishank interview with ETV Bharat
ড৹ নিশাংকৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

By

Published : Jul 18, 2020, 9:57 AM IST

নেশ্যনেল ডেস্ক, 18 জুলাই : ক’ভিড-19 এই সময়ছোৱাত ভাৰতবৰ্ষৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে অনলাইন শিক্ষা ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মাৰ্চ মাহত আৰম্ভ হোৱা লক ডাউনৰ পিছত প্ৰথম অৱস্থাত অনলাইন ক্লাছসমূহ ৰূপায়নত কিছু পৰিমাণে বিভ্ৰান্তিৰ সৃষ্টি হৈছিল যদিও বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ইয়াক কাৰ্যকৰী কৰা হৈছিল ৷

সম্প্ৰতি ভাৰতত 1 কোটি 9 লাখ শিক্ষক আছে ৷ অতি কম সময়ৰ ভিতৰতে শিক্ষকসকলে অনলাইন শিক্ষাৰ ধাৰণাটো গ্ৰহণ কৰাৰ লগতে সমগ্ৰ দেশজুৰি কোটি কোটি শিক্ষাৰ্থীক এই শিক্ষা প্ৰদান কৰে ৷

এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যক্ৰমটো এটা বোজা সদৃশ হৈ পৰে ৷ চৰকাৰে NCERTৰ সৈতে উচ্চ শ্ৰেণীৰ পাঠ্যক্ৰমত প্ৰাসংগিক পৰিৱৰ্তন আনে ৷ মানৱ সংশোধন বিকাশ মন্ত্ৰণালয় (The Human Resource Development Ministry) পোনপটীয়াকৈ স্বাস্থ্য মন্ত্ৰণালয় আৰু গৃহ মন্ত্ৰণালয়ৰ সম্পৰ্কত আছে ৷

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ড৹ নিশাংকে সদৰি কৰে যে, চৰকাৰে NCERTৰ সৈতে আলোচনাত মিলিত হৈ এনেকুৱা পাঠ্যক্ৰম প্ৰস্তুত কৰিছে যে, যিয়ে শিক্ষাৰ্থীসকলৰ বোজা কম কৰিছে আৰু তেওঁলোকে সুস্থ মগজুৰে নিজৰ পঢ়া-শুনা অব্যাহত ৰাখিবলৈ সুযোগ পাইছে ৷ কেন্দ্ৰীয় মন্ত্ৰী ড৹ নিশাংকে ইটিভি ভাৰতৰ আঞ্চলিক বাতৰি সম্পাদক ব্ৰজ মোহনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সদৰি কৰে এই কথা ৷

সাম্প্ৰতিক সময়ছোৱাত শিক্ষাৰ পৰিস্থিতি সন্দৰ্ভত হোৱা আলোচনাত ড৹ নিশাংকে কয় যে, প্ৰত্যেকগৰাকী ভাৰতীয়ই যেনেদৰে নিজকে মহামাৰীৰ সৈতে খাপ ফুৱাই ৰাখিছে, তেওঁলোকে নিজেই নিজৰ অনুকৰণীয় ৷

অনলাইন শিক্ষাৰ ফলত সকলোৱে আমাৰ পৰম্পৰাগত শিক্ষাৰ পৰা বিচলিত হ’ব ৷ এই সন্দৰ্ভত ইটিভি ভাৰতে উত্থাপন কৰা প্ৰশ্নত ড৹ নিশাংকে কয় যে, ‘‘বাস্তৱিকতে এইটো এটা অতি কঠিন সময় আছিল, যেতিয়াৰ পৰা আমি অনলাইন শিক্ষাব্যৱস্থা গ্ৰহণ কৰি আগবাঢ়ি গৈ আছো ৷ আমি আপুনি সকলোৱে এই সম্পৰ্কে জ্ঞাত ৷ যদি আমি এই সিদ্ধান্ত গ্ৰহণ নকৰিলোহেঁতেন আমি প্ৰগতিৰ দিশে আগবাঢ়িব নোৱাৰিলোহেঁতেন’’ ৷

‘‘আমি আজিও এক কঠিন প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হৈছে, য’ত আমি সুনিশ্চিত কৰিব লাগিব যে, শিক্ষাৰ এই পোহৰ যাতে অন্তিম শাৰীত বহি থকা শিক্ষাৰ্থীয়েও লাভ কৰিব পাৰে’’ ৷

ইয়াৰোপৰি, ড৹ নিশাংকে ইটিভি ভাৰতক জানিবলৈ দিয়ে যে, ‘‘এই কঠিন দিনৰ সময়ছোৱাত মানুহৰ আৰ্থিক স্থিতিত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ এই সন্দৰ্ভত আমি বিত্তীয় আয়োগ আৰু NITI আয়োগৰ সৈতে আলোচনাত মিলিত হৈছো, যাতে প্ৰয়োজনীয় সুবিধাসমূহ উপলব্ধ কৰিব পাৰে ৷ আমাৰ লক্ষ্য হৈছে DTH মাধ্যমযোগে দ্বাৰা স্মাৰ্টফোন লাভৰ পৰা বঞ্চিতসকলৰ কাষ চপা ৷ আনহাতে কেন্দ্ৰৰ লক্ষ্য হৈছে ‘One Class, One Channel’, যাৰ সহায়ত প্ৰত্যেকটো ক্লাছৰ বাবে এটা চেনেল উপলব্ধ কৰিব পাৰে’’ ৷

ড৹ নিশাংকৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

‘‘চৰকাৰে সেইসমূহ তথ্য যুগুত কৰিছে, যিসমূহে অনলাইন শিক্ষাক গ্ৰামাঞ্চললৈ লৈ যাব পাৰে ৷ চৰকাৰে ডিজিটেল ব্যৱধান দূৰ কৰাৰ হেতু চৰকাৰী আৰু বেচৰকাৰী উভয় বিদ্যালয়সমূহৰ সহায় লৈছে’’ ৷

‘‘অনলাইন শিক্ষাব্যৱস্থাক আৰু অধিক প্ৰভাৱশালী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে 100 খন বিশ্ববিদ্যালয়ক এই কামৰ দায়িত্ব প্ৰদান কৰে, যাতে শিক্ষাৰ্থীসকলে গুণাগুণসম্পন্ন শিক্ষা লাভ কৰিব পাৰে’’ ৷

আনহাতে, বিজ্ঞান বিভাগৰ শিক্ষাৰ্থীসকলে সন্মুখীন হ’বলগীয়া সমস্যা সন্দৰ্ভত তেওঁ কয় যে, ‘‘চৰকাৰে বিদ্যালয় আৰু মহাবিদ্যালয়ত শিক্ষাৰ মানদণ্ড বৃদ্ধি কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰি আছে’’ ৷

‘‘শিক্ষাৰ ক্ষেত্ৰত ভাৰত এক মহাশক্তি হিচাপে চিহ্নিত হৈছে ৷ যদি আমি চলিত বৰ্ষৰ কথা কওঁ, তেন্তে 50 হাজাৰতকৈও অধিক বিদেশী শিক্ষাৰ্থী ভাৰতত নিজ নিজ উচ্চ শিক্ষাৰ হেতু পঞ্জীয়নভুক্ত হৈছে’’ ৷

ইয়াৰ লগতে ড৹ নিশাংকে কয় যে, ‘‘ডিজিটেল ব্যৱধান কম কৰিবলৈ ভাৰতে গুগলৰ সৈতেও এক চুক্তিবদ্ধ হৈছে ৷ ভাৰতীয়সকলে তেওঁলোকৰ নিজ নিজ বিশ্ববিদ্যালয়সমূহক অৱজ্ঞা কৰে ৷ তেওঁলোকে এইটো জনা উচিত যে, আইআইটিৰ প্ৰাক্তন ছাত্ৰ সুন্দৰ পাচাই আজি গুগলৰ শীৰ্ষ পদত অধিষ্ঠিত হৈ আছে ৷ আমি নিজৰ শিক্ষানুষ্ঠানসমূহক সন্মান কৰা উচিত ৷ তেতিয়াহে আমি সমগ্ৰ বিশ্বৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পাৰিম’’ ৷

লগতে পঢ়ক : অসমৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ দালাই লামাৰ

ABOUT THE AUTHOR

...view details