অসম

assam

ETV Bharat / bharat

দাখিল হ'ল এন ডি এ চৰকাৰৰ অন্তিমখন বাজেট - ২০১৯

বিত্তমন্ত্ৰী পিয়ূষ গোৱেলে দাখিল কৰিলে মোডীচৰকাৰৰ অন্তৰ্ৱতীকালীন বাজেট

দাখিল হ'ল এন ডি এ চৰকাৰৰ অন্তিমখন বাজেট

By

Published : Feb 2, 2019, 4:04 PM IST

বিজনেজ ডেস্ক, ২ ফেব্ৰুৱাৰীঃ শুকুৰবাৰে সদনত দাখিল হ'ল ২০১৯ বৰ্ষৰ অন্তিমখন বাজেট। সদন আৰম্ভ হোৱাৰ পিছতেই বিত্তমন্ত্ৰী পীয়ুষ গোৱেলে সদনত উত্থাপন কৰে মোদী চৰকাৰৰ অন্তিমখন বাজেট। পিছে কি আছে এই বাজেটত? বিৰোধীৰ মতে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মধ্যবিত্ত শ্ৰেণীক হাতত ৰখাৰ বাবেহে প্ৰস্তুত কৰিছে এই বাজেট।

বাজেটত কি গুৰুত্বপূৰ্ণ মন্তব্য় কৰিছিল পিয়জ গোৱেলে-

  • আমি মূল্যবৃদ্ধিৰ কঁকাল ভাঙিছোঁ
  • আমি স্বচ্ছ বেংকিং ব্যৱস্থা নিশ্চিত কৰিছোঁ
  • আমি ভ্ৰষ্টাচাৰমুক্ত চৰকাৰ চলাইছোঁ
  • আমি গাঁৱত চহৰৰ দৰে সুবিধা প্ৰদান কৰিছোঁ
  • আমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্বাস্থ্য আঁচনি আৰম্ভ কৰিছোঁ
  • আমাৰ দিনতে কৃষকৰ উপাৰ্জন বৃদ্ধি হৈছে
  • বিশ্বৰ ভিতৰতে ষ্টাৰ্ট আপৰ ক্ষেত্ৰত দ্বিতীয় স্থানত ভাৰত
  • সেনা বাহিনী আমাৰ সন্মান আৰু গৌৰৱ
  • আমি তেওঁলোকৰ সন্মান ৰক্ষা কৰাৰ বাবে কাম কৰিছোঁ
  • জি এছ টি স্বাধীনতাৰ পাচত আটাইতকৈ ডাঙৰ অৰ্থনৈতিক সংস্কাৰ

গোৱালে উত্থাপন কৰা এই বাজেটত কেতবোৰ গুৰুৱত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । কৃষক সকলৰ আয় দুগুণ বৃদ্ধিৰ লক্ষ কৰা হোৱা বুলি মন্তব্য় কৰে বিত্ত মন্ত্ৰী গৰাকীয়ে। কৃষকে যাতে শষ্য়ৰ উচিত মূল্য় লাভ কৰিব পাৰে তাৰ বাবে ন্য়ূনতম বিক্ৰী মূল্য় পূৰ্বতকৈ দুগুণ বৃদ্ধি কৰা হৈছে। আনহাতে ২ হেক্টৰতকৈ কম ভূমি থকা কৃষকক বাৰ্ষিক ৬০০০ টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে উক্ত বাজেটত। এই ধন ৰাশি ২০১৮ চনৰ ডিচেম্বৰ মাহৰ পৰা কৃষকে লাভ কৰিব পাৰিব। মাহিলি ৫০০ টকাকৈ কৃষকৰ বেংক একাউণ্টত জমা কৰা হ'ব উক্ত ধন ৰাশি।
আনহাত পশু পালনৰ বাবে কৃষাণ ক্ৰেডিট কাৰ্ডৰ ব্য়ৱস্থা কৰাৰ কথা এই বাজেটত উল্লেখ থাকে।

পিয়ূষ গোৱেলে দাখিল কৰিলে বাজেট


ইপিনে দেশৰ যাতায়ত ক্ষেত্ৰ খনৰ অধিক উত্তৰণ ঘটিছে বুলি মত পোষণ কৰি কয় যে বৰ্তমান দেশত ১০০ ৰো অধিক বিমান বন্দৰ আছে। ঘৰুৱা বিমানৰ যাত্ৰীৰ পৰিমানো বিগত পাঁচ বচৰত দুগুণলৈ বৃদ্ধি হৈছে।

দেশৰ আন্তগাঠনি উন্নয়ণৰ গতি তৰান্বিত হোৱা বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে, ভাৰতবৰ্ষই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানত বৰ্তমান প্ৰথম স্থান দখল কৰিছে। ভাৰতত দৈনিক ২৭ কিমি ৰাষ্ট্ৰীয় পথ বনাই থকা হৈ আছে। দেশৰ আন্তঃগাঠনি উন্নয়ণৰ আটাইতকৈ বেছি সুবিধা লাভ কৰিছে উত্তৰ পূৱ ভাৰতে। এই প্ৰসংগত মন্ত্ৰীগৰাকীয়ে অসমত নৱ নিৰ্মিত বগীবিল দলঙৰ কথাও উনুকীয়াই।

দাখিল হ'ল এন ডি এ চৰকাৰৰ অন্তিমখন বাজেট


আনহাতে আয়কৰৰ ক্ষেত্ৰতো ৰেহাইৰ অৱতাৰণা কৰা হৈছে গোৱেলৰ ২০১৯ ৰ অন্তৱৰ্তীকালীন বাজেটত। বাৰ্ষিক ৫ লাখ টকাৰ কম উপাৰ্যন কৰা লোকে কোনো আয় কৰ দিব নালাগিব। আনহাতে পিএফ আৰু নিদিৰ্ষ্ট ইকুউটি ফাণ্ডত বিনিয়োগ কৰিলে বাৰ্ষিক ৬.৫ লাখ টকালৈ কৰ ৰেহাই লাভ কৰিব পাৰিব। চাকৰিয়ালৰ দৰমহাৰ ক্ষেত্ৰত ৫০,০০০ টকাতকৈ কম দৰমহা পোৱা লোকসকলৰ পৰা কোনোধৰণৰ কৰ কৰ্তন কৰা নহব। কৰ ৰেহাই পোৱাৰ ফলত উপকৃত হ'ব দেশৰ তিনি কোটি লোক। উল্লেখ্য় যে,বিত্তমন্ত্ৰীয়ে কৰ ৰেহাইৰ কথা ঘোষণা কৰাৰ লগে লগেই মোডী ধ্বনিৰে উত্তাল হৈ পৰে সদন।

অন্তৱৰ্তীকালীন উক্ত বাজেটত শ্ৰমিকৰ বাবে বিশেষ পেন্সন আচনিৰ কথা ঘোষণা কৰে। বাজেট দাখিল কৰা ভাষণত বিমুদ্ৰাকৰণ আৰু জিএছ টিৰ প্ৰসংগও উল্লেখ কৰে মন্ত্ৰী গোৱেলে। ভাষণ প্ৰসংগত বিমুদ্ৰাকৰণৰ ফলতেই কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি হোৱা বুলি দাবী কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

২০২২ চনৰ ভিতৰত ১ লাখ ডিজিটেল গাঁও গঠন কৰাৰ পৰিকল্পনা কৰাৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী গৰাকীয়ে। ভাৰতবৰ্ষক "নিযুক্তিৰ হাব" হিচাপে গঢ়ি তোলা হ'ব বুলিও ভাষণত কয় বিত্তমন্ত্ৰী পিয়ুষ গোৱেলে।

চাও আহক কি আছে বাজেটত-

  1. দুবছৰৰ ভিতৰত বৈদ্যুতিক পদ্ধতিৰে কৰা হ'ব কৰ সংগ্ৰহ
  2. বৰ্তমান ২ ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ হয় আয়কৰ ৰিটাৰ্ণ
  3. কেন্দ্ৰীয় চৰকাৰৰ ন্য়ূনতম ১৪ শতাংশ GST ৰাজহ ৰাজ্য চৰকাৰলৈ
  4. ৩৬ বিধ সামগ্ৰীৰ পৰা কৰ্তন কৰা হ'ব শুল্ক কৰ
  5. গৃহ ক্ৰয়ৰ ক্ষেত্ৰত কৰ হ্ৰাস কৰিবলৈ GST কাউন্সিললৈ নিৰ্দেশ
  6. ৫ লাখ টকালৈ আয় কৰ ৰেহাই
  7. ৪০,০০০ ৰ পৰা ৫০,০০০ লৈ বৃদ্ধি কৰা হৈছে Standard deduction ৰ পৰিমাণ
  8. দ্বিতীয়টো স্ব-গৃহৰ ক্ষেত্ৰত কৰ ৰেহাই
  9. TDS u/s 194A ৰ বিক্ৰী সীমা ১০,০০০ ৰ পৰা ৪০,০০০ লৈ বৃদ্ধি
  10. TDS u/s 194 I ৰ বিক্ৰী সীমা ১৮,০০০ ৰ পৰা ২৪,০০০ লৈ বৃদ্ধি
  11. এটা গৃহৰ বিনিয়োগৰ পৰা দুটা গৃহলৈ বৃদ্ধি Capital tax Benefit u/s 54
  12. ৮০১ খ ধাৰাৰ অধীনত থকা সুবিধাসমূহ ২০২০ বৰ্ষলৈ বৃদ্ধি।
  13. বিক্ৰী নোহোৱা
  14. ৪২ শতাংশলৈ বৃদ্ধি কৰা হৈছে ৰাজ্যসমূহৰ শ্বেয়াৰ
  15. দেশৰ তিনিটা আগশাৰীৰ বেংকৰ পৰা কৰ্তন কৰা হৈছে PCAৰ নিষেধাজ্ঞা
  16. ২ লাখ সাধাৰণ বৰ্গৰ লোকৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ
  17. এম জি এনেৰেগাৰ বাবে ৬০ হাজাৰ কোটি টকাৰ আৱন্টন
  18. খাদ্য বিভাগৰ বাবে আৱণ্টন ১.৭ লাখ কোটি টকা
  19. ২২ সংখ্যক এইমছ স্থাপন কৰা হ'ব হাৰিয়ানাত
  20. প্ৰধানমন্ত্ৰী কিষাণ যোজনালৈ অনুমোদন
  21. ২ হেক্টৰ পৰ্যন্ত ভূমি থকা কৃষকৰ বাবে বিশেষ সুবিধা। কৃষকৰ একাউণ্টত বছৰি ৬০০০ টকা দিয়া হ'ব।
  22. ৰাষ্ট্ৰীয় গকুল মিছনৰ অধীনত পশুধনৰ বাবে ৰাষ্ট্ৰীয় কামধেনু আয়োগ ঘোষণা। ৭৫০ কোটি টকা আৱণ্টন।
  23. মীন পালনৰ বাবে আছুতীয়া বিভাগ আয়োগ গঠন কৰিব
  24. নতুন পেঞ্চন আচঁনিৰ ঘোষণা
  25. কৰ বিহীন গ্ৰেছুইটি ১০ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি ২১০০০ ৰ অধিক উপাৰ্জনকাৰী কৰ্মচাৰীলৈ বানচৰ ব্যৱস্থা
  26. অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকৰ বাবে ৩০০০ টকাৰ পেন্সনৰ ব্য়ৱস্থা
  27. উজলা আঁচনিৰ অধীনত ৬ কোটি বিনামূলীয়া এল পি জি যোগান
  28. ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বাবে পঞ্জীয়নকৃত লোকৰ ক্ষেত্ৰত ২ শতাংশ কৰ ৰেহাই
  29. মহিলাৰ প্ৰসৱকালীন ছুটী ২৬ সপ্তাহলৈ বৃদ্ধিৰ প্ৰস্তাৱ
  30. প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ৩ লক্ষাধিক টকাৰ বাজেট নিৰ্ধাৰণ
  31. অনাগত ৫ বছৰৰ ভিতৰত ১ লাখ digital village গঢ়াৰ পৰিকল্পনা
  32. ভাৰতীয় চলচিত্ৰ নিৰ্মাতাৰ বাবে Single window ব্য়ৱস্থা


আনহাতে এই বাজেটৰ সমালোচনা কৰি বিৰুধী দল কংগ্ৰেছে tweeter ত পতিক্ৰিয়া প্ৰকাশ কৰে। টুইটাৰ যোগে কয় যে, এন ডি এ চৰকাৰৰ দিনত দেশৰ অৰ্থনীতিৰ বিকাশ ৮.৮৪ শতাংশৰ পৰা ৬.৭ শতাংশলৈ হ্ৰাস পোৱা বুলি উল্লেখ কৰে।


আন এক টুইটাৰযোগে "মোডী ৰক্ষাৰ বাজেট" বুলি প্ৰকাশ কৰে বিৰুধী দল কংগ্ৰেছে

আনহাতে মোডীচৰকাৰ অন্তিমখন বাজেট দাখিল কৰি বিত্তমন্ত্ৰী পিয়ুষ গোৱালে ভাষণৰ সমাপ্তিত কয় যে, "এইখন কেৱল এখন বাজেটেই নহয়, ই হৈছে দেশৰ বিকাশৰ গতি দিয়া উৎস"

ABOUT THE AUTHOR

...view details