বৰ্তমানৰ শক্তিভোগী বিশ্বৰ কাৰণে খনিজ তেলৰ দাম হ্ৰাস-বৃদ্ধি খুবেই প্ৰয়োজনীয় বিষয় | যি সমূহ দেশ খনিজ তেল বা হাইদ্ৰ’কাৰ্বন উৎপাদন আৰু ৰপ্তানি কৰাৰ বাবে সক্ষম,সেইসমূহে সদায়ে তেলৰ দাম হ্ৰাস-বৃদ্ধিৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ৰাখি আহিছে | সেয়ে এই তেল উৎপাদনকাৰী দেশবোৰৰ বিশ্ব অৰ্থনীতি আৰু ভৌগলিক ৰাজনীতিত আছে বিশাল প্ৰভাৱ |
খনিজ তেলৰ এই বিশালকায় বজাৰক নিয়ন্ত্ৰণাধীন কৰাৰ বাবে ১৫ খন সদস্য দেশ সন্মিলিত হৈ ১৯৮০ চনত তেল উৎপাদনকাৰী দেশৰ সংস্থা(Organization of Oil Producing Countries, OPEC)ৰ জন্ম হয় | ৰাছিয়া এই সংস্থাৰ সদস্য নহলেও OPEC+ৰ বৈঠকত উপস্থিত হৈ আহিছে |
অ’পেকে এতিয়ালৈ তেলৰ বজাৰত একচেটিয়া অধিকাৰ সাব্যস্ত কৰা এক সংস্থা হিচাপে কাম কৰি আছে | ইয়াৰ ওপৰি ৰাছিয়াআৰু আমেৰিকা যুক্তৰাষ্ট্ৰ বোকাশিল গেছৰ (Shale Gas) প্ৰধান উৎপাদনকাৰী হিচাপে খনিজ তেলৰ মূল্য হ্ৰাস-বৃদ্ধিত কৰাত প্ৰভাৱ পেলাই আহিছে |
মাৰ্চ মাহৰ প্ৰাৰম্ভণিতে,কৰ'ণা ভাইৰাছ সংক্ৰমণ হৈ থকা সময়ত,চীন,দক্ষিণ কোৰিয়াআৰু অন্যান্য দেশত তেলৰ চাহিদা হ্ৰাস পায় | ছৌদি আৰবে এই সময়ত প্ৰতি বেৰেলৰ মূল্য $৫০ (প্ৰায় ৩৭৫০ টকা) লৈ হ্ৰাস পোৱাৰ বাবে উৎপাদন নিয়ন্ত্ৰণ কৰাৰ পোষকতা কৰে | কিন্তু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন এই প্ৰস্তাৱত সন্মত নহ’ল | ৰাছিয়াৰ এই প্ৰস্তাৱত নুই কৰাৰ ফলস্বৰূপে তেলৰ দাম ১৯৯১ চনৰ গাল্ফ যুদ্ধৰ সময়ৰ তেলৰ ন্যূনতম দামকো চেৰ পেলাই তললৈ যায় |
ছৌদি-আৰবে যিয়ে নিজকে তেলৰ বজাৰত শক্তিশালী বুলি ভাবি আহিছে, এই প্ৰসংগত ৰাষ্ট্ৰপতি পুটিনৰ সৈতে মোকাবিলা কৰাৰ নিৰ্ণয় কৰি দাম হ্ৰাস কৰি ছৌদি তেলৰ উৎপাদন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে | ইয়াৰ ফলত তেলৰ দাম কম হৈ $৩০ (প্ৰায় ২২৫০ টকা) হয় | গ’ল্ডমেন চাচ্ছৰ মতে এই দাম ভবিষ্যতে $২০ (প্ৰায় ১৫০০ টকা) পৰ্যন্ত লাঘৱ হোৱাৰ সম্ভাৱনা আছে |
কিন্তু প্ৰশ্ন হ’ল, এই বাজীত কোন বিজেতা আৰু কোন পৰাজয়ী? খনিজ তেলৰ পৰা হোৱা মুনাফাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পিছতো ৰাছিয়াই কিয় এই অসাহসী প্ৰত্যাহ্বান ল’লে?
পুটিনৰ এই সুনিপুণ বাজীৰ পিছত আছে বহুতো কাৰণ | প্ৰথমে, ৰাছিয়াই হাতত ইতিমধ্যে সোণ আৰু অৰ্থৰ বিশাল ভাণ্ডাৰ মজুত ৰাখিছে আৰু ২০১৫ চনৰ তেলৰ আকস্মিক মন্দাৰ সময়ৰ পৰা নিজৰ বিত্তীয় পৰিকল্পনাক কপ্কপীয়া কৰি তুলিছিল | ইউক্ৰেইনৰ লগত হোৱা সংঘাতৰ ফলস্বৰূপে পশ্চিমীয়া দেশে ৰাছিয়াৰ ওপৰত আৰ্থিক বৰ্জন বলবৎ কৰে আৰু ফলস্ৰুতিত ৰাছিয়াই নিজৰ অৰ্থনীতিক যুদ্ধকালীন ৰূপ দিয়ে | সেয়ে তেলৰ দাম হ্ৰাসে ৰাছিয়াৰ পৰিৱৰ্তে ছৌদি-আৰব আৰু অ’পেকৰ বাকী সদস্য ৰাষ্ট্ৰবোৰকহে বেছিকৈ আঘাত দিলে | ৰাছিয়াই ছৌদি আৰবৰ লগত সু-সম্পৰ্কৰ কথা কই যদিও ছিৰিয়াৰ আছাদ আমোলক ৰাছিয়াই কৰি অহা সামৰিক সমৰ্থনক আৰবে বিৰোধিতা কৰি আহিছে, যিয়ে ৰাছিয়াক দীৰ্ঘ-দিনৰ পৰা অসন্তুষ্ট কৰি ৰাখিছে | গতিকে এই বাজিৰ জৰিয়তে ৰাছিয়াই ছৌদি-আৰবক আঘাত দি বিশ্ব-ৰাজনীতিত নিজৰ শক্তি প্ৰদৰ্শন কৰিলে |