অসম

assam

By

Published : May 9, 2020, 9:51 AM IST

ETV Bharat / bharat

বাহৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকক উদ্ধাৰ

শুকুৰবাৰে নিশা 11.30 বজাত আহি ভাৰতত উপস্থিত হয় বিমানখন । 177 গৰাকী ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰি ভাৰতত উপস্থিত হয় এখন বিশেষ বিমান ।

বাৰহিনৰ পৰা  আবদ্ধ লোকক লৈ ভাৰতত উপস্থিত বিমান
বাৰহিনৰ পৰা আবদ্ধ লোকক লৈ ভাৰতত উপস্থিত বিমান

নিউজ ডেস্ক, 9 মে': বাহৰেইনত আৱদ্ধ হৈ থকা 177 গৰাকী ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰি ভাৰতত উপস্থিত হয় এখন বিশেষ বিমান । শুকুৰবাৰে নিশা 11.30 বজাত আহি কোচিৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয় বিমানখন ।

বিমানখনত থকা লোকসকল দক্ষিণ ভাৰতৰ । ইয়াৰে কৰ্ণাটক আৰু তামিলনাডুৰ চাৰিজনকৈ লোকৰ বিপৰীতে বাকী লোকসকল কেৰালাৰ । ভাৰতত উপস্থিত হোৱাৰ পাচত সকলোকে কৰণা ভাইৰাছ পৰীক্ষণ কৰা হয় । আনহাতে বাহৰেইনত কোনো ধৰণৰ পৰীক্ষা কৰা হোৱা নাছিল লোকসকলক ।

ভাৰতত আহি উপস্থিত হোৱাৰ পাচতে তেওঁলোকৰ পৰীক্ষা কৰাৰ লগতে কোৱাৰেন্টাইনৰ প্ৰট'কল সম্পৰ্কে বুজাই দিয়া হয় ৷

গৰ্ভৱতী মহিলা, শিশু আৰু বয়োজ্যেষ্ঠ লোকসকলক ঘৰতে কোৱাৰান্টাইন কৰাৰ অনুমতি প্ৰদান কৰিছে । অৱশ্যে, ৰোগৰ কোনো লক্ষণ দেখা দিলে শীঘ্ৰেই হাস্পতালত ভৰ্তি কৰাৰ নিৰ্দেশ দিয়া হৈছে । ঘৰত কোৱাৰান্টাইন কৰা লোকসকলক নিজৰ বাহন বা টেক্সিত ঘৰলৈ প্ৰেৰণ কৰা হয় ।

ABOUT THE AUTHOR

...view details