মণিপুৰৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে অনাস্থা প্ৰস্তাৱ অনাৰ পাচতে মুখ্যমন্ত্ৰী এন. বিৰেন সিঙে শাসকীয় দলৰ বিধায়কসকলৰ সৈতে এই সপ্তাহত এখন বৈঠকৰ আয়োজন কৰা ফলত উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যখনৰ ৰাজনীতি গভীৰ প্ৰহেলিকাৰ ফালে ঢাল খাইছে ৷ 10 আগষ্টৰ পৰা আৰম্ভ হ'ব লগা বিধানসভাৰ অধিৱেশনৰ পূৰ্বে ৰাজনীতি অতি জটিল পৰিস্থিতিলৈ ঢাল খাইছে ৷
মঙলবাৰে কংগ্ৰেছে মণিপুৰৰ ৰাজ্য বিধানসভাৰ 60 জনীয়া সদস্যৰ সচিব আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল ৷ অনাস্থা প্ৰস্তাৱত কংগ্ৰেছে ড্ৰাগছৰ সৈতে জড়িত এক ঘটনাৰ চিবিআই তদন্ত দাবী কৰিছিল ৷
ইয়াৰ পাচতে বুধবাৰে মুখ্যমন্ত্ৰী সিঙে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ নেশ্যনেল পিপলছ পাৰ্টী (NPP), নাগা পিপলছ ফ্ৰন্ট (NPF), এজন TMC বিধায়ক আৰু এজন নিৰ্দলীয় বিধায়কসহ 29 গৰাকী বিধায়কৰ এখন বৈঠক আয়োজন কৰিছিল ৷
তথ্য অনুসৰি,চাৰি বিজেপি বিধায়ক -এন.ইন্দ্ৰজিত,এল. ৰামেশ্বৰ মেইটেই,ডঃ ৱাই ৰাধেশ্যাম আৰু এল. ৰাধাকিশোৰ- বৈঠকত অনুপস্থিত আছিল ৷ বৰ্তমানৰ চৰকাৰ অব্যাহত ৰাখিবৰ বাবে এই চাৰিজন বিধায়কৰ সমৰ্থন অতিকৈ প্ৰয়োজনীয় ৷ এই বছৰৰে জুন মাহতো সংকটৰ সন্মুখীন হোৱা ৰাজ্যখনৰ চৰকাৰে পুনৰবাৰ এক সংকটৰ সন্মুখীন হৈছে ৷
যোৱা মাহত তিনি বিজেপি বিধায়কে দলৰ পৰা পদত্যাগ কৰিছিল আৰু কংগ্ৰেছত যোগদান কৰিছিল ৷ লগতে এনপিপিয়েও চৰকাৰৰ পৰা আঁতৰি অহাৰ ভাবুকি প্ৰদান কৰাত বিপদত পৰিছিল বিৰেন সিং চৰকাৰ ৷ উত্তৰ-পূৱৰ বিজেপিৰ মুখ্য সংকটমোচক আৰু উত্তৰ-পূৰ্বাঞ্চল গণতান্ত্ৰিক মিত্ৰজোঁটৰ (NEDA) আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা NPP ৰ নেতা কনৰাড ছাংমাৰ হস্তক্ষেপত এই সংকটৰ অন্ত পৰিছিল ৷
তাৰ পাচত, এই মাহৰ প্ৰথম ভাগতে বিজেপি প্ৰাৰ্থী লেইছেম্বা ছানাজাওবাক ভোট প্ৰদান কৰা বাবে কংগ্ৰেছে দুই বিধায়ক আৰ.কে. ইমো আৰু অক্ৰাম হেনৰীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল ৷ ইমো হৈছে প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্ৰী আৰ.কে.জয়চন্দ্ৰ সিঙৰ পুত্ৰ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী বিৰেন সিঙৰ জোঁৱায়েক ৷ আনহাতে,হেনৰী হৈছে প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্ৰী আৰু চিএলপিৰ নেতা অক্ৰাম ইবোবি সিঙৰ ভতিজাক ৷
তথ্যৰ মতে,ইমো আৰু ইবোবি সিঙৰ মাজত সংঘাত বৃদ্ধি পাইছে ৷ ইবোবি সিঙে ইমোক দলৰ ভিতৰতে এক ভাবুকি বুলি গণ্য কৰা বাবেই এই সংঘাতৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ৷ ইমো কংগ্ৰেছৰ বিধায়ক হ'লেও বিজেপি নেতৃত্বাধীন মুখ্যমন্ত্ৰীৰ জোঁৱায়েক ৷