অসম

assam

By

Published : Dec 28, 2019, 8:11 AM IST

ETV Bharat / bharat

লাইনচ্যুত ভাৰতীয় ৰে’ল!

ভাৰতীয় ৰে’ল বিভাগে সদায় প্ৰায় ২২ হাজাৰ ৰে’লেৰে প্ৰায় ২.২২ কোটি লোকক তেওঁলোকৰ গন্তব্যস্থানত উপনীত হোৱাত সহায় কৰে। ই দেশৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ গুৰুত্বপূৰ্ণ অংশ । সুদ্বীপ বন্দোপাধ্যায় ষ্টেণ্ডিং সমিতিৰ প্ৰতিবেদন অনুসৰি ১৯৫৬ ৰ পৰা ২০১৬ৰ ভিতৰত যদিও যাত্ৰীৰ সংখ্যা ১৩৪৪ শতাংশ আৰু বস্তু বাহানিৰ সৰবৰাহ ১৬৪২ শতাংশ বৃদ্ধি পাইছে, কিন্তু ৰে’লৱে নেটৱৰ্কৰ বৃদ্ধিৰ হাৰ মাত্ৰ ২৩ শতাংশতে সীমাবদ্ধ ।

The De-Railed Indian Railways
লাইনচ্যুত ভাৰতীয় ৰে’ল!

দিনক দিনে ভাৰতীয় ৰে’লৰ আৰ্থিক অৱস্থা দুৰ্বল হৈ পৰিছে। কেগ বা ভাৰতৰ মহা হিচাপ পৰীক্ষকে সংসদত দাখিল কৰা শেহতীয়া পাৰিসাংখ্যিক প্ৰতিবেদনে এই কথাৰ সত্যতা প্ৰমাণ কৰে । সাধাৰণতে এক টকাৰ ৰাজহ সংগ্ৰহৰ বাবে খৰচ কৰা ধনৰ হাৰৰ ভিত্তিত ৰে’ল বাজেটত অ’ আৰ বাঅপাৰেটিং ৰেশ্বিঅ’ হিচাপ কৰা হয় । এই অ’ আৰ যিমানেই বৃদ্ধি হয়,সিমানেই এটা বিভাগ বা প্ৰতিষ্ঠানৰ লভ্যাংশ হ্ৰাস পায় । ২০১৬-১৭ চনত এই হাৰ ৯৬.৫ শতাংশ থকাৰ বিপৰীতে অহা বৰ্ষত ৯৮.৪৪ শতাংশ হোৱাৰ সম্ভাৱনাই পৰিস্থিতিৰ ভয়াৱহতাকে প্ৰকট কৰে । আনকি ৰাজহুৱা খণ্ডৰ উদ্যোগ এন টি পি চি আৰু আই আৰ চি অন ইণ্টাৰনেশ্বনেল লিমিটেডেমালবাহী ৰে’লৰ সেৱা গ্ৰহণ কৰাৰ বাবে প্ৰায় ৭ হাজাৰ কোটি টকাৰ আগধন দিয়াৰ বাবেহে ৰে’ল বিভাগৰ ৰাজহ ঘাটি পূৰণ কৰাত সহায়ক হয়। অন্যথা সৰ্বকালৰ সৰ্বাধিক অপাৰেটিং ৰেশ্বিঅ’ হিচাপে ১০২.৬৬ হ’লহেতেন ।

আমেৰিকা,চীন,ৰাছিয়াৰ পাছতে ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ বৃহৎ ৰে’ল ব্যৱস্থা

আৰু চাওকঃCAA বিৰোধী প্ৰতিবাদ : সান্ধ্য আইন, গ্ৰেপ্তাৰ, ইন্টাৰনেট বাতিল আৰু বহু

এটা দশকৰ সৰ্বাধিক অ’আৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেগে ৰে’ল বিভাগৰ আভ্যন্তৰীণ ৰাজহ ব্যৱস্থাত গুৰুত্ব প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়ে। তদুপৰি ৰাজহৰ ৰাজসাহায্যৰ ক্ষেত্ৰত ৰে’ল বিভাগ যাতে অধিক উদাৰ নহয় তাৰ প্ৰতি কেগে সকীয়নি প্ৰদান কৰে। কিয়নো অধিকাংশ সময়তে বহুতে এই ৰাজসাহায্যৰ অপ ব্যৱহাৰ কৰে। কেগৰ প্ৰতিবেদন মতে মুক্তিযোদ্ধাৰ সংৰক্ষিত আসনৰ অপ ব্যৱহাৰৰ প্ৰায় তিনি হাজাৰ উদাহৰণ আছে । প্ৰতিবেদনত স্পষ্টকৈ প্ৰশ্ন উত্থাপন কৰা হৈছে-এটি দহ বছৰীয়া শিশুক কেনেদৰে মুক্তিযোদ্ধাৰ বিশেষ ৰেহাই মূল্য প্ৰদান কৰিব পাৰি? চৰকাৰৰ কল্যাণকামী নীতি হিচাপে বয়োজ্যেষ্ঠ বা আন বিশেষ শ্ৰেণীৰ বাবে প্ৰদান কৰা ৰাজসাহায্যসমূহ যাতে দুষ্ট চক্ৰই অপব্যৱহাৰ কৰিব নোৱাৰে আৰু তাৰ বোজা যাতে ৰে’ল বিভাগে বহন কৰিবলগীয়া নহয়,সেয়া ৰোধৰ বাবে সকলো আঁসোৱাহ শীঘ্ৰে দূৰ কৰিব লাগিব ।

ভাৰতীয় ৰে’ল বিভাগে সদায় প্ৰায় ২২ হাজাৰ ৰে’লেৰে প্ৰায় ২.২২ কোটি লোকক তেওঁলোকৰ গন্তব্যস্থানত উপনীত হোৱাত সহায় কৰে। ই দেশৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ গুৰুত্বপূৰ্ণ অংশ । সুদ্বীপ বন্দোপাধ্যায় ষ্টেণ্ডিং সমিতিৰ প্ৰতিবেদন অনুসৰি ১৯৫৬ ৰ পৰা ২০১৬ৰ ভিতৰত যদিও যাত্ৰীৰ সংখ্যা ১৩৪৪ শতাংশ আৰু বস্তু বাহানিৰ সৰবৰাহ ১৬৪২ শতাংশ বৃদ্ধি পাইছে, কিন্তু ৰে’লৱে নেটৱৰ্কৰ বৃদ্ধিৰ হাৰ মাত্ৰ ২৩ শতাংশতে সীমাবদ্ধ । অপৰ্যাপ্ত সা-সুবিধা আৰু অনুপযুক্ত আঁচনিৰ ফলত ভাৰতীয় ৰে’লৰ আৰ্থিক অৱস্থাৰ ওপৰত কুপ্ৰভাৱ পৰিছে । দুবছৰ আগলৈকে ষ্টেচনসমূহৰ মাজত থকা ৰে’লৱে ট্ৰেকসমূহ পহৰা দিবলগীয়া গেংমেন আৰু ট্ৰেকমেনসকলক দুৰ্ভাগ্যজনকভাৱে উচ্চপদস্থ বিষয়াসকলৰ ঘৰত পহৰা দিবলৈ ৰখা হৈছিল ।

দেশৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ গুৰুত্বপূৰ্ণ অংশ ভাৰতীয় ৰেল

আৰু পঢ়কঃস্বদেশ স্বজাতিৰ হকে গীত গাই জে'ল যাবলৈ সাজু বিপিন চাউদাঙ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ চৰকাৰে ভাৰতৰ অতি গুৰুত্বপূ্ৰ্ণ যোগাযোগ ব্যৱস্থা ৰে’লসেৱাৰ স্বচ্ছতা আৰু উন্নয়নত গুৰুত্ব প্ৰদান কৰিব । সৌভাগ্যক্ৰমে সামান্য উন্নতিও ঘটা দেখা গৈছে । প্ৰথমতে ৰে’লৱে বোৰ্ডৰ আকাৰ ২৫ শতাংশলৈ হ্ৰাস কৰা হৈছে ।

দক্ষিণ কেন্দ্ৰীয় ৰে’লৱেয়ে খৰচ কমাবলৈ হেড-অন-জেনেৰেশ্বন প্ৰযুক্তি এঘাৰখন ট্ৰেইনত ব্যৱহাৰ কৰি সেইবোৰৰ খৰচ ৩৫ কোটিৰ পৰা ৬ কোটিলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছে । ৰে’ল বিভাগে বৰ্তমান টিউব লাইটৰ সলনি এল ই ডি লাইট ব্যৱহাৰ কৰি ব্যয় হ্ৰাসৰ চেষ্টা অব্যাহত ৰাখিছে । এনেধৰণৰ মিতব্যয়িতা আদৰণীয় হ’লেও কেগে পৰামৰ্শ দিয়াৰ দৰে আভ্যন্তৰীণ ৰাজহ বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ অধিক গুৰুত্ব আৰোপ কৰিব লাগে । হিচাপবিহীন আৰু অপ্ৰয়োজনীয় খৰচ হ্ৰাস কৰাৰ লগতে পৰিচালনা উন্নত, সেৱাৰ মান উন্নত কৰা, ভ্ৰমণৰ নিৰাপত্তা, দ্ৰুত গতি আৰু আধুনিক সা-সুবিধা সুনিশ্চিতকৰণতো সমানে গুৰুত্ব প্ৰদান কৰিব লাগে ।

লাইনচ্যুত ভাৰতীয় ৰে’ল!

কেগে পূৰ্বতে আঙুলিয়াই দিছে যে যদিও ভাৰতীয় ৰে’লৰ নিয়ম অনুসৰি কোনো প্ৰস্তাৱিত বিনিয়োগৰ পৰা ১৪ শতাংশ লাভ আহিব লাগে,কিন্তু বিভাগটোৰ ৭০ শতাংশ প্ৰকল্পই তাৰ বাবে সঠিক নহয়। অনাগত দিনৰ প্ৰয়োজনীয়তাৰ লগত খাপ খুৱাব পৰাকৈ ভাৰতীয় ৰে’লক গঢ় দিয়াৰ বাবে দৃঢ়তা আৰু ৰাজহ আৰু ব্যয়ৰ সামঞ্জস্যতা ৰক্ষা কৰাৰ বাবে ৰে’ল বিভাগে দশক দশক ধৰি জনপ্ৰিয় আঁচনি সমূহৰ পাছতে দৌৰিছে । অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণ হিচাপে ৰে’ল লাইনচ্যুত হোৱা,ঠেক দলং আদিৰো উল্লেখ কৰিব পাৰি ।

লগতে চাওকঃ100 বছৰীয়া অভিলেখ ভংগ কৰিলে দিল্লীৰ শীতে

কেগে যাত্ৰীসকলক অনুপযুক্ত খাদ্য সামগ্ৰী,ম্যাদ উকলা সামগ্ৰী আৰু স্বীকৃতিবিহীন পানীৰ বটল ব্যৱহাৰত বাধা আৰোপ কৰাৰ দুবছৰ পাছতো অবৈধ বিক্ৰী নিয়ন্ত্ৰণ হোৱা নাই । আমেৰিকা,চীন,ৰাছিয়াৰ পাছতে ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ বৃহৎ ৰে’ল ব্যৱস্থা। কিন্তু আধুনিকীকৰণৰ ক্ষেত্ৰত বাকীকেইখন দেশৰ লগত ভাৰতৰ পাৰ্থক্য বহু দূৰত। বাকী দেশবোৰে উন্নত আন্তঃগাঁথনিৰে নিজৰ স্থিতি সবল কৰাৰ বিপৰীতে ভাৰতৰ অৱস্থা থৰক-বৰক । নীতি আয়োগৰ এগৰাকী সদস্য বিবেক দেৱৰয়ে দিয়া পৰামৰ্শ অনুসৰি ভাৰতীয় ৰে’লক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰাৰ লগতে বৃত্তিগত দক্ষতাৰে ব্যৱস্থাটোক পুনৰুজ্জীৱিত কৰিলে যাত্ৰীৰ পৰা উচ্চ প্ৰশংসা লাভ কৰিব। ৰে’লেৱেৰ প্ৰতিছবি তথা বিত্তীয় অৱস্থাৰ উন্নতিয়ে 'শ্ৰেষ্ঠ ভাৰত'!গঢ়াত অৰিহণা যোগাব।

লগতে পঢ়কঃপলকতে 2019: কি পালো ? কি হেৰুৱালো ?

ABOUT THE AUTHOR

...view details