অসম

assam

ETV Bharat / bharat

অনন্তপুৰা হ্ৰদ মন্দিৰৰ গৰ্ভত প্ৰত্যক্ষ কৰা ঘঁৰিয়ালৰ ফটো ভাইৰেল - কুম্ভীৰ

কেৰেলাৰ অনন্তপুৰা হ্ৰদ মন্দিৰত প্ৰত্যক্ষ কৰা ঘঁৰিয়ালৰ ফটো ভাইৰেল ৷ মন্দিৰটোৰ সহকাৰী পুৰোহিত কিজ শান্তিয়ে ফেচবুকযোগে শ্বেয়াৰ কৰে ফটো ৷ হ্ৰদৰ ঘঁৰিয়ালক ওচৰৰ পৰা প্ৰত্যক্ষ কৰাতো সৌভাগ্য বুলি ভক্তসকলে বিশ্বাস কৰে ৷

The crocodile at Ananthapura Lake Temple lies in front of the sanctum sanctorum
অনন্তপুৰা হ্ৰদ মন্দিৰৰ গৰ্ভত প্ৰত্যক্ষ কৰা কুম্ভীৰৰ ফটো ভাইৰেল

By

Published : Oct 24, 2020, 2:19 PM IST

নিউজ ডেস্ক, 24 অক্টোবৰ : কেৰেলাৰ কাচৰগোড় জিলাৰ কুম্ভালাত অনন্তপুৰা হ্ৰদ মন্দিৰত প্ৰত্যক্ষ কৰা ঘঁৰিয়ালৰ ফটো ভাইৰেল হোৱা পৰিলক্ষিত হৈছে ৷

মন্দিৰটোৰ সহকাৰী পুৰোহিত কিজ শান্তিয়ে ফেচবুকযোগে ঘঁৰিয়ালৰ ফটো শ্বেয়াৰ কৰে ৷ ফটোত মন্দিৰৰ গৰ্ভৰ সন্মুখত ঘঁৰিয়ালটো প্ৰত্যক্ষ কৰা হৈছে ৷

অনন্তপুৰা হ্ৰদ মন্দিৰৰ গৰ্ভত প্ৰত্যক্ষ কৰা কুম্ভীৰৰ ফটো ভাইৰেল

কেৰেলাৰ একমাত্ৰ হ্ৰদ মন্দিৰ অনন্তপুৰা, কাচৰগোড়ত নিৰামিষভোজী ঘঁৰিয়াল প্ৰত্যক্ষ কৰা হয় আৰু এই ঘঁৰিয়ালৰ বয়স 75 বছৰ বুলি বিশ্বাস কৰা হৈছে ৷ হ্ৰদৰ কাষত থকা এটা গুহাত ঘঁৰিয়ালে বাস কৰে আৰু পুৰোহিতজনে ঘঁৰিয়ালক চাউল অৰ্পন কৰে ৷

অনন্তপুৰা হ্ৰদ মন্দিৰৰ গৰ্ভত প্ৰত্যক্ষ কৰা কুম্ভীৰৰ ফটো ভাইৰেল

ফেচবুকযোগে ভাইৰেল হোৱাৰ পাচত সহস্ৰাধিক লোকে ঘঁৰিয়ালৰ ফটো শ্বেয়াৰ কৰে ৷ উল্লেখ্য যে, এই মন্দিৰটোৰ হ্ৰদত এসময়ত বহুত ঘঁৰিয়াল আছিল আৰু ঘঁৰিয়ালবোৰ ব্ৰিটিছ সৈনিকে গুলিয়াই হত্যা কৰিছিল ৷ ভক্তসকলৰ বিশ্বাস অনুযায়ী হ্ৰদৰ ঘঁৰিয়ালক ওচৰৰ পৰা প্ৰত্যক্ষ কৰাতো সৌভাগ্যৰ কথা ৷

লগতে পঢ়ক :থানেত দুৰ্বৃত্তৰ চুৰিকাঘাটত আহত কনিষ্টবল

ABOUT THE AUTHOR

...view details