অসম

assam

ETV Bharat / bharat

পুনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ

সোমবাৰে পুনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৷ দিল্লীৰ আৰ্মি হাস্পতালৰ চিকিৎসকে প্ৰকাশ কৰিছে এই কথা ৷

The condition of Pranab Mukherjee continues to be critical
পুনৰ স্বাস্থ্যৰ অবনতি ঘটিছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ

By

Published : Aug 17, 2020, 12:05 PM IST

নেশ্যনেল ডেক্স,17 আগষ্টঃ সোমবাৰে পুনৰ স্বাস্থ্যৰ অৱনতি ঘটে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৷ দিল্লীৰ আৰ্মি হাস্পতালৰ চিকিৎসকে প্ৰকাশ কৰিছে এই কথা ৷ আনহাতে, তেখেতৰ গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত মাপকাঠিসমূহ সুস্থিৰ অৱস্থাত থকা বুলি জনায় চিকিৎসকে ৷ সম্প্ৰতি তেখেতক ভেন্টিলেটৰত তীব্ৰ নিৰীক্ষণৰ মাজত ৰখা হৈছে ৷

উল্লেখ্য যে, দেওবাৰে তেখেতৰ স্বাস্থ্য পূৰ্বতকৈ কিছু উন্নত হোৱা বুলি মন্তব্য কৰিছিল পুত্ৰ অভিজিত মুখাৰ্জীয়ে ৷ নিজৰ এক টুইটত অভিজিতে লিখিছিল ,‘কালি মই মোৰ পিতৃক চাবলৈ হাস্পতাললৈ গৈছিলো ৷ ভগৱানৰ আশীৰ্বাদ আৰু আটাইৰে শুভেচ্ছাৰ ফলত সম্প্ৰতি তেখেতে চিকিৎসাৰ প্ৰতি সহাৰি জনাইছে আৰু তেখেত বৰ্তমান সুস্থ ৷ অতি শীঘ্ৰে তেখেত সুস্থ শৰীৰে আমাৰ মাজত উপস্থিত হ’ব ৷’

লগতে পঢ়ক-বিষ্ণুৰ অৱতাৰ সকলোৰে বাবে কিন্তু বিজেপিয়ে ভগৱানক নিজৰ বুলিহে ভাৱেঃ অখিলেশ যাদৱ

ABOUT THE AUTHOR

...view details