গছ সংৰক্ষণৰ বাবে মনোযোগ আকৰ্ষণ !
“গছেই হৈছে শ্ৰেষ্ঠ শিক্ষক যিয়ে আমাক স্বাৰ্থহীনতা আৰু ত্যাগৰ বিষয়ে শিকায়”--জনধ্যালা পাপ্পায়াশাস্ত্ৰী
যদি স্বাৰ্থহীন সেৱাৰ বিষয়ে এক জীৱন্ত পাঠ কোনোবাই গ্ৰহণ কৰিব বিচাৰে, তাৰ বাবে গছৰ বাহিৰে আন উৎকৃষ্ট উদাহৰণ হ’ব নোৱাৰে । এই জগতৰ প্ৰতিটো জীৱই গছে প্ৰদান কৰা অক্সিজেনৰ ওপৰত নিৰ্ভৰশীল হৈয়ে জীয়াই থাকে । ইয়াৰ উপৰি গছে ফল, পাত, ঔষধ, কাঠ-খৰি আৰু আন জীৱিকাৰ উপায় প্ৰদান কৰে । গতিকে গছ-গছনি অবিহনে পৃথিৱীত জীৱৰ অস্তিত্ব অসম্ভৱ বুলি ক’লেও অতিৰঞ্জিত কৰা নহ’ব ।
প্ৰাচীন পৰম্পৰা আৰু বিশ্বাসৰ ফলত প্ৰকৃতি বা জীৱৰ কোনো ৰূপক পূজা কৰাৰ পৰম্পৰাগত পদ্ধতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আগবঢ়া । কিন্তু পৃথিৱীত তীব্ৰ হাৰত গছ-গছনি কটা দেশসমূহৰ তালিকাতো ভাৰত উদ্বেগজনকভাৱে ওপৰত আছে । তদুপৰি দেশৰ প্ৰতিজন লোকৰ বিপৰীতে থকা গছৰ সংখ্যাৰ ক্ষেত্ৰতো আমি আটাইতকৈ তলত আছোঁ ।
তেনে প্ৰেক্ষাপটত ‘গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ’ৰ দৰে অনুষ্ঠান থকাটো আমাৰ বাবে আশীৰ্বাদ স্বৰূপ । এই অনুষ্ঠানটোৱে সমাজৰ সকলো শ্ৰেণীকে সাঙুৰি যেনে বিদ্যালয়ৰ শিক্ষাৰ্থী, ৰাজনৈতিক নেতা, আমোলা, চেলিব্ৰিটী, সাধাৰণ লোক আদিৰ মাজত সজাগতা বৃদ্ধিৰ বাবে চেষ্টা চলাই আহিছে ।
বিপন্ন বনাঞ্চল :
ভাৰতীয় উপ মহাদেশৰ পৰিৱেশ বিচিত্ৰ । যাৰ ফলত দেশৰ ইমূৰৰ পৰা সিমূৰলৈ কাশ্মীৰৰ পৰা কণ্যাকুমাৰীলৈ বিস্তৃত জৈৱ বৈচিত্ৰই আমাক বিভিন্ন ধৰণৰ উদ্ভিদ আৰু জীৱ উপহাৰ দিয়ে । কিন্তু দেশত মানুহৰ সংখ্যাৰ বিপৰীতে উদ্ভিদৰ সংখ্যা হ্ৰাস পোৱাটো দুখৰ বিষয় । বিশ্বত গড়ে প্ৰতিজন লোকৰ বিপৰীতে ৪২২ ডাল গছ থকাৰ বিপৰীতে ভাৰতত এই সংখ্যা মাত্ৰ ২৮ । উদ্বেগজনক বিষয় এয়ে যে দেশৰ বিত্তীয় ৰাজধানী হিচাপে জনাজাত মুম্বাইত প্ৰতিজন লোকৰ বিপৰীতে গছৰ সংখ্যা মাত্ৰ চাৰিডাল ।
সম্পূৰ্ণ স্বচ্ছ আৰু সেউজ দেশৰ তালিকাত প্ৰতিজন লোকৰ বিপৰীতে ৮৯৫৩ ডাল গছেৰে কানাডাই শীৰ্ষ স্থান দখল কৰিছে । তাৰ পাছতে ৪৪৬১ ডাল গছেৰে ৰাছিয়া আৰু ৩২৬৬ ডাল গছেৰে অষ্ট্ৰেলিয়া আছে । এই সংখ্যা ভিন্ন হোৱাৰ আঁৰত বিভিন্ন কাৰণ থাকিব পাৰে । ইয়াৰ ভিতৰত চৰকাৰী নীতিৰ প্ৰভাৱ, পূ্ৰ্বৰে পৰা বিৰাজ কৰা সেউজ পৰিৱেশ, জনসাধাৰণ সজাগতা আৰু সক্ৰিয় অংশগ্ৰহণ আদি হ’ব পাৰে । ইয়াৰে আটাইবোৰ বা অধিকাংশ কাৰণেই ভাৰতত দেখা পোৱা নাযায় । গছ কটাৰ উপৰি নতুনকৈ ৰোপণৰ প্ৰতি অৱহেলা এক উদ্বেগৰ বিষয় । যাৰ ফলত আমাৰ দেশত নিৰ্বনীকৰণৰ হাৰ বৃদ্ধি পাইছে ।
নিৰ্বনীকৰণ কেৱল আমাৰ দেশৰেই চিন্তাৰ কাৰণ নহয়, সমগ্ৰ পৃথিৱীতে ই উচ্চ হাৰত ঘটি আছে । আমেৰিকাৰ এক গৱেষণা প্ৰতিষ্ঠানে চলোৱা সমীক্ষা অনুসৰি প্ৰায় ১০০০ কোটি হেক্টৰ ভূমিৰ গছ-গছনিৰে পৃথিৱীখন পৰিপূৰ্ণ হ’ব লাগে । কিন্তু ১৯৯০ চনৰ পৰা গছ-গছনিৰে পূৰ্ণ ১২.৯ কোটি হেক্টৰ ভূমি পৃথিৱীৰ পৰা নোহোৱা হৈছে আৰু এই হাৰ চিন্তনীয়ভাৱে হ্ৰাস পাই আহিছে । চোৰাং কাঠৰ সৰবৰাহ, চিকাৰ, বনজুই, উদ্যোগীকৰণ, খেতিৰ বাবে বনাঞ্চলৰ মাটি মুকলি কৰা আৰু মানুহে কৰা অনেক ভুলক ইয়াৰ কাৰণ হিচাপে গণ্য কৰিব পাৰি । প্ৰায় ৯০ কোটি মানুহে জীৱিকাৰ বাবে অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰে ।
বিশেষকৈ ভাৰতত আমি উচ্চ হাৰত অৰণ্য হেৰুৱাই আছোঁ । ১৯৮৮ চনৰ ৰাষ্ট্ৰীয় বন নীতি অনুসৰি ভাৰতৰ মুঠ মাটিকালিৰ এক তৃতীয়াংশ বনাঞ্চলেৰে আৱৰা হ’ব লাগে । কিন্তু বৰ্তমান ভাৰতৰ বনাঞ্চলে আৱৰা মাটিকালিৰ হাৰ মাত্ৰ ২৪.৩৯ শতাংশহে । ২০১৭ চনত ভাৰতীয় বন সমীক্ষা সংগঠনে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে বছৰি নিৰ্বনীকৰণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে । আমাৰ চকুৰ সন্মুখতে জংঘলবোৰ নিঃশেষ হৈ গৈ আছে । দুয়োখন তেলেগু ৰাজ্যও ইয়াৰ ব্যতিক্ৰম নহয় । বৰঞ্চ দেশৰ আন প্ৰান্তৰ তুলনাত দ্ৰুতভাৱে নিৰ্বনীকৰণৰ সমস্যাৰ মুখামুখি ৰাজ্য দুখনে হ’বলগীয়া হৈছে ।
তেলেংগানাৰ ৰাজধানী চহৰ হায়দৰাবাদ সেউজ পৰিৱেশ, হ্ৰদ আৰু আন জলাশয়েৰে পৰিপূৰ্ণ পৰিৱেশ তন্ত্ৰৰ বাবে জনাজাত । দুৰ্ভাগ্যজনকভাৱে এই চহৰখনো এতিয়া নিৰ্বনীকৰণৰ সমস্যাৰ সন্মুখীন হৈছে আৰু ক্ৰমবৰ্দ্ধমান জনসংখ্যাৰ বসতিৰ বাবে ইয়াৰ ৬০ শতাংশ সেউজ আৱৰণ হেৰুৱাই পেলাইছে । আন তেলেগু ৰাজ্যখনতো অনুৰূপ পৰিস্থিতিয়েই বিৰাজ কৰিছে ।
নিৰ্বনীকৰণৰ ফলত এজমাকে ধৰি আন শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰেই অকল সৃষ্টি হোৱা নাই, বাৰিষাৰ সময় চক্ৰৰ সলনি বা জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ যোগেদি কৃষিকৰ্ম আৰু গছ-গছনি, জীৱ-জন্তুৰ ওপৰতো প্ৰভাৱ পেলাইছে । নিৰ্বনীকৰণৰ নেতিবাচক প্ৰভাৱ আৰু সেউজ আৱৰণ হ্ৰাস পোৱাৰ ফলত পৰিৱেশতন্ত্ৰ ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ লগতে খাদ্য আৰু পানীৰ সন্ধানত বন্যপ্ৰাণীসমূহে নিজৰ বাসস্থল ত্যাগ কৰিবলগীয়া হৈছে । মানুহৰ বাবে নিৰ্বনীকৰণে অনা সমস্যাটো হৈছে বৰষুণ বা বৰষুণৰ পানীৰ অভাৱ । যাৰ ফলত সমাজত দুৰ্ভিক্ষ সৃষ্টি হ’ব পাৰে । ইয়াৰ লগতে অক্সিজেনৰ ক্ষেত্ৰতো নিৰ্বনীকৰণে নেতিবাচক প্ৰভাৱ পেলায় ।
এডাল পূৰ্ণাংগ গছে প্ৰতি বছৰে প্ৰায় ২৪ লাখ টকা মূল্যৰ অক্সিজেন বছৰি প্ৰদান কৰে বুলি কোৱা হয় । ইয়াৰ লগতে ০.৫৩ টন কাৰ্বন ডাই অক্সাইড আৰু ১.৯৫ কিল’গ্ৰাম আন প্ৰদূষক গছডালে গ্ৰহণ কৰে । তদুপৰি গছডালে পৃথিৱীৰ গভীৰ বুকুত ১৪০০ গেলন বৰষুণৰ পানী জমা কৰাত সহায় কৰে । এগৰাকী স্বাস্থ্যৱান লোকে প্ৰতিদিনে ৩ চিলিণ্ডাৰ অক্সিজেন গ্ৰহণ কৰে । এই হাৰত যদি লোকজনে সমগ্ৰ জীৱন অক্সিজেন গ্ৰহণ কৰে তেন্তে তেওঁ জীৱনকালত অন্ততঃ তিনিডাল গছ ৰোপণ কৰাৰ লগতে প্ৰতিপালন কৰিব লাগিব । মানুহক সামাজিক আৰু বন্ধুত্বসুলভ প্ৰাণী বুলি কোৱা হয় । কিন্তু ইয়াতে প্ৰশ্ন উত্থাপন হয়-আমাৰ অস্তিত্বৰ মূল কাৰণ গছ-গছনিৰ প্ৰতি আমি কিমান বন্ধুত্বসুলভ আৰু যত্নপৰ?
এয়া আমাৰ সামূহিক দায়িত্ব :
গ্ৰীণ ইণ্ডিয়া চেলেঞ্জৰ দৰে সংগঠনে গছপুলি ৰোপণ তথা মানৱ অস্তিত্বৰ বাবে গছ-গছনিৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ওলাই আহিছে । সংগঠনটোৱে প্ৰতিজন লোককে জীৱন কালত তিনিডাল গছপুলি ৰোপণ কৰাৰ লগতে ডাঙৰ-দীঘল কৰিবলৈ উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে কাম কৰি আহিছে । এয়া হৈছে আমি লাভ কৰা অক্সিজেনৰ বিনিময়ত প্ৰকৃতিৰ প্ৰতি দিয়া এক প্ৰতিদান । এনে সংগঠন কিছুমানৰ প্ৰচেষ্টাতে পৰিৱেশ সংৰক্ষণ আৰু গছপুলি ৰোপণক বৰ্তমান সামাজিক দায়বদ্ধতা হিচাপে স্বীকৃতি দিয়া হৈছে ।