বাজেট ২০২০-২১: মন্থৰ অৰ্থনীতিৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিগত বৰ্ষত কৰ্প’ৰেট কৰৰ হাৰ হ্ৰাস কৰিবলৈ বাধ্য হৈছিল যিদও ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় অৱস্থা প্ৰভাৱিত হ’বলগীয়া হৈছে । এক মন্থৰ অৰ্থনীতিক দ্ৰুত গতিৰে বিকাশিত কৰাৰ বাবে সীতাৰমণে যোৱা বছৰৰ ছেপ্টেম্বৰত কৰ্প’ৰেট কৰৰ হাৰ কমাই দিছিল । ঘৰুৱা প্ৰতিষ্ঠানসমূহৰ বাবে তেওঁ কৰৰ হাৰ ৩১-৩২ শতংশৰ পৰা ২৫.১২ শতাংশলৈ হ্ৰাস কৰাৰ বিপৰীতে নতুনকৈ স্থাপিত প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহৰ বাবে ২৫ শতাংশৰ পৰা ১৫ শতাংশলৈকে কৰৰ হাৰ কমাই আনিছিল ।
কৰ্পৰেশ্যন কৰ, জি এছ টি আৰু আয়কৰ-এই তিনিটা কৰেই চৰকাৰৰ উপাৰ্জনৰ বৃহৎ উৎস । ইয়াৰ পাছত আছে কেন্দ্ৰীয় আবকাৰী আৰু শুল্ক । সংশোধিত হিচাপত এনে এক কৰ নাই—কৰ্প’ৰেট কৰ, আ.কৰ, জি এছ টি, আবকাৰী আৰু শুল্ক যিয়ে বাটেজৰ লক্ষ্যত উপনীত হ’ব ।
ইয়াৰে পাঁচটা মূল কৰৰ ভিতৰত চাৰিটা কৰ-জি এছ টি, আয়কৰ, আবকাৰী আৰু শুল্ক যোৱা বছৰতকৈ এইবাৰ অধিক হ’ব । কৰ্প’ৰেট কৰ বাজেটৰ লক্ষ্যৰ তলত থকাই নহয়, বিগত বৰ্ষৰ প্ৰকৃত সংগ্ৰহতকৈও ই তলত থাকিব ।
ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰাৰ বাবে কৰ্প’ৰেট কৰ হ্ৰাসৰ সিদ্ধান্তই সামগ্ৰিক কৰ সংগ্ৰহত ব্যাপক প্ৰভাৱ পেলাব । বাজেটত নিৰ্ধাৰিত ১৬.৫০ লাখ কোটি টকাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে ১৫.০৫ লাখ কোটি টকাহে লাভ কৰিব । গতিকে সংশোধিত হিচাপমতে ১.৪৫ লাখ টকাৰ ঘাটি ।
নিৰ্মলা সীতাৰমণে কৈছে যে কৰ্প’ৰেট কৰ হ্ৰসাৰ বাবে তেওঁ লোৱা সিদ্ধান্তৰ ফলত ২০২০ ৰ মাৰ্চত অন্ত পৰিবলগীয়া বিত্তীয় বৰ্ষটোত ১.৪৫ লাখ কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হ’ব । সংশোধিত হিচাপমতে এয়া সত্য প্ৰতিপন্ন হ’বলৈ গৈ আছে । কিয়নো আজিৰ হিতাপ মতেই কৰ্প’ৰেট কৰ সংগ্ৰহ নিম্নমুখী হোৱাৰ বাবে ১.৫৫ লাখ কোটি টকাৰ ঘাটি হ’ব ।
তেওঁৰ প্ৰথমখন বাজেটত নিৰ্মলা সীতাৰমণে কৰ্প’ৰেট কৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছিল । তেওঁ আশা কৰা অনুসৰি এই বৰ্ষত তেওঁ কেৱল কৰ্প’ৰেট কৰৰ পৰাই ৭.৬৬ লাখ কোটি টকাৰ অভিলেখসংখ্যক কৰ সংগ্ৰহ কৰিব । কিয়নো কৰ্প’ৰেট কৰ হৈছে জি এছ টি (৬.৬৩ লাখ কোটি টকা) আৰু আয়কৰৰ(৫.৬৯ লাখ কোটি) পাছতেই কেন্দ্ৰীয় চৰকাৰৰ বাবে ৰাজহ সংগ্ৰহৰ বৃহৎ উৎস ।