অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰত আটক দুৰ্ধৰ্ষ চোৰাং চিকাৰী

চোৰাং চিকাৰীটোৰ পৰা জব্দ হয় নাহৰফুটুকী, ঘঁৰিয়াল আৰু বাঘৰ ছালৰ লগতে হাতীৰ শুঁৰ

মহাৰাষ্ট্ৰত আটক এটা দুৰ্ধৰ্ষ চোৰাং চিকাৰী !

By

Published : May 17, 2019, 10:14 AM IST

নিউজ ডেক্স, 17 মে' : বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ থানেত আটক হয় এটা দুৰ্ধৰ্ষ চোৰাং চিকাৰী ৷ চোৰাংচিকাৰীটোৰ পৰা থানে আৰক্ষীয়ে জব্দ কৰে নাহৰফুটুকীৰ লগতে ঘঁৰিয়াল আৰু বাঘৰ ছাল ৷ থানে ক্ৰাইম ব্ৰাঞ্চে জানিবলৈ দিয়া মতে, চোৰাংচিকাৰীটোৰ নাম শান্তাৰাম যাদৱ ৷

মহাৰাষ্ট্ৰত আটক এটা দুৰ্ধৰ্ষ চোৰাং চিকাৰী !

থানেৰ আৰক্ষী উপায়ুক্ত দীপক দেৱৰাজে জনাই যে , চোৰাংচিকাৰীটোৱে বিক্ৰীৰ বাবে চেষ্টা চলাই আছিল জব্দকৃত সামগ্ৰীবোৰ ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত এই সকলোবোৰৰ মূল্য 1 কোটিৰ পৰা 2 কোটিৰ ভিতৰত ৷ উল্লেখ্য যে, সমগ্ৰ ঘটনাটোৰ বিৰুদ্ধে বন্যপ্ৰাণী সংৰক্ষণ চুক্তিৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details