নতুন দিল্লী, 21 নৱেম্বৰ :জম্মু-কাশ্মীৰৰ নগৰোটাত বৃহস্পতিবাৰে সুৰক্ষাকৰ্মী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত জইচ-ই-মহম্মদ চাৰি সন্ত্ৰাসবাদী নিহত হৈছিল ৷ সুৰক্ষাকৰ্মীৰ অভিযানত নিহত হৈছিল আটাইকেইটা সন্ত্ৰাসবাদী ৷ সূত্ৰ অনুসৰি মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী মছুদ আজহাৰৰ ভাতৃয়ে পাকিস্তানত বহি এই সন্ত্ৰাসবাদী কেইটাক নিয়ন্ত্ৰণ কৰি আছিল ৷
সুত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে জইচ-ই-মহম্মদক পুলৱামাৰ দৰে আত্মঘাতী আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ কাম অৰ্পণ কৰিছিল ৷ যাৰ পাছতে চাৰি সন্ত্ৰাসবাদীক 18/19 নৱেম্বৰত কাশ্মীৰৰ ছাম্বা চেক্টৰেৰে ভাৰতত অনুপ্ৰৱেশ কৰোৱা হৈছিল ৷ কিন্তু ভাৰতীয় সুৰক্ষা কৰ্মীৰ দলে জম্মু চেক্টৰৰ নগৰোটাৰ সমীপত হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী কেইটা নিহত কৰে ৷