নিউজ ডেস্ক,৪জুলাই: আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, শনিবাৰে জম্মু কাশ্মীৰৰ ৰাজাউৰি জিলাৰ এখন ভিতৰুৱা গাঁৱত উৎখাত কৰা হৈছে এই সন্ত্ৰাসবাদী শিবিৰটো । ৰাষ্ট্ৰীয় ৰাইফলচ আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ এটা সন্মিলিত দলে থানামণ্ডি এলেকাৰ দৰ্দাচন গাঁৱত চলোৱা তালাচীৰ সময়ত এই সন্ত্ৰাসবাদী শিবিৰৰ তথ্য অৱগত হৈছিল অভিযানকাৰী দলটোৱে ।
জম্মু কাশ্মীৰৰ ৰাজাউৰিত উৎখাত সন্ত্ৰাসবাদী শিবিৰ - Chinese hand grenades
ৰাষ্ট্ৰীয় ৰাইফলচ আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ এটা সন্মিলিত অভিযানকাৰী দলে ৰাজাউৰিত অভিযান চলাই উৎখাত কৰিলে এটা সন্ত্ৰাসবাদী শিবিৰ । অভিযানকাৰী দলটোৱে উৎখাত কৰা শিবিৰৰ পৰা উদ্ধাৰ কৰিলে বহুসংখ্যক অস্ত্ৰ শস্ত্ৰৰ লগতে বুজন পৰিমানৰ গুলী বাৰুদ । লগতে দুটাকৈ চীনত নিৰ্মিত পিষ্টল, দুটা মেগজিন, ১১টা ৰাইফল গ্ৰেনেডেৰে এটা আণ্ডাৰ বেৰেল গ্ৰেনেড লাঞ্চাৰ, এ কে এচাল্ট ৰাইফলৰ ৯২০ৰাউণ্ড গুলিৰে ১৪টা কৈ মেগজিন আৰু এটা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড পোৱা গ'ল শিবিৰটোত ।

উৎখাত কৰা এই সন্ত্ৰাসবাদী শিবিৰৰ পৰা উদ্ধাৰ কৰা হৈছে দুটাকৈ চীনত নিৰ্মিত পিষ্টল, দুটা মেগজিন, ১১টা ৰাইফল গ্ৰেনেডেৰ লগতে এটা আণ্ডাৰ বেৰেল গ্ৰেনেড লাঞ্চাৰ, এ কে এচাল্ট ৰাইফলৰ ৯২০ৰাউণ্ড গুলীৰে ১৪টা কৈ মেগজিন আৰু এটা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড । তাৰোপৰি বহুকেইটা বেটেৰী আৰু বুজন পৰিমানৰ তাঁৰৰ লগতে আই ই ডি নিৰ্মাণত ব্যৱহৃত বিস্ফোৰক সামগ্ৰীও জব্দ কৰাৰ কথা সদৰি কৰিলে আৰক্ষীৰ শীৰ্ষ বিষয়াই ।
অৱশ্যে অভিযানটোত কোনো সন্ত্ৰাসবাদী অথবা সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকা কোনো ব্যক্তি আটক কৰিব পৰা নগ'ল বুলি অৱগত কৰিলে আৰক্ষীয়ে ।