নেশ্য়নেলডেস্ক,30 অক্টোবৰ:জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত শুকুৰবাৰে সুৰক্ষাকৰ্মীয়ে সন্ত্ৰাসবাদীৰ ঘাটি উচ্ছেদ কৰি AK47 ৰাইফল,AK মেগজিন, চীনত নিৰ্মিত পিষ্টল, পিকা ৰাউণ্ডছ, ডিটনেটৰসহ 5ৰ পৰা 6 কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে ৷ বিশেষ সুত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত জম্মু-কাশ্মীৰ আৰু 38 ৰাষ্ট্ৰীয় ৰাইফলছৰ দলে অভিযান চলাই গম্ভীৰ মুঘলান অঞ্চলৰ ওচৰৰ ঘন বননিৰ পৰা বৃহত পৰিমাণৰ সামগ্ৰীখিনি উদ্ধাৰ কৰে৷ ৰাজৌৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক চন্দন কোহলীয়ে কয় যে এই অভিযানত দুটা AK47 ৰাইফল,দুটা AK মেগজিন,270 টা গুলী,দুটা চীনত নিৰ্মিত পিষ্টল,75 পিকা ৰাউণ্ডছ, 12 টা খালী ৰাউণ্ডছ, 10টা ডিটোৰনেটৰ আৰু 5ৰ পৰা 6 কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে সুৰক্ষাকৰ্মীয়ে ৷
জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত সন্ত্ৰাসবাদীৰ ঘাটি উচ্ছেদ - চীনত নিৰ্মিত পিষ্টল
দুটা AK47 ৰাইফল,দুটা AK মেগজিন, 270 টা গুলী, দুটা চীনত নিৰ্মিত পিষ্টল,75 পিকা ৰাউণ্ডছ, 12 টা খালী ৰাউণ্ডছ, 10টা ডিটোৰনেটৰ আৰু 5ৰ পৰা 6 কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে সুৰক্ষাকৰ্মীয়ে ৷
জম্মু-কাশ্মীৰৰ ৰাজোৰী জিলাত সন্ত্ৰাসবাদীৰ ঘাটি উচ্ছেদ