নিউজ ডেস্ক, 3 জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শূণ্য সহনশীল নীতি স্বত্বেও সন্ত্ৰাসবাদে দেশৰ 161 খন জিলাক ক্ষতিগ্ৰস্ত কৰিছে ৷ বিশেষকৈ মাওবাদৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ঝাৰখণ্ড, বিহাৰ, মহাৰাষ্ট্ৰ, সন্ত্ৰাসবাদৰ দ্বাৰা জম্মু-কাশ্মীৰ আৰু বিদ্ৰোহী সমস্যাৰ দ্বাৰা অসম আৰু অন্যান্য উত্ত-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহ ৷
আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰোৱে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক জমা দিয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ ব্যুৰোৱে জমা দিয়া প্ৰতিবেদন 2019ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে ৷ অৱশ্যে এইক্ষেত্ৰত 2018ৰ 174 খন জিলাৰ তুলনাত 2019ত এই সংখ্য়া কিছু কম হৈছে ৷ ইয়াৰ পিচতেই 2021ৰ ভিতৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সংখ্যা অধিক কম কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷
বাৰ্ষিক প্ৰতিবেদনৰ পিচতেই কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তত্বাৱধানত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ মহানিৰ্দেশকসকলক এই সংখ্য়া কমাই আনিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ 2020ৰ ডিচেম্বৰৰ আৰম্ভনিতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি ঘোষণা কৰিছিল ৷ ভাৰতক এখন উন্নত আৰু সুৰক্ষিত দেশ বনাবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংশ্লিষ্ট সকলো বাহিনীৰ লগতে ৰাজ্যসমূহক সন্ত্ৰাসবাদমুলক কাৰ্যকলাপ দমন কৰিবলৈ এই নীতি গ্ৰহণ কৰিবলৈ কৈছিল ৷