স্পৰ্টছ ডেস্ক, 18 মাৰ্চ : ভাৰতৰ প্ৰাক্তন ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সকলোকে সজাগ হোৱাৰ লগতে সঘনে হাত ধুবলৈ আহ্বান জনাইছে ৷ বিশ্ব স্বাস্থ্য সংস্থাইও আহ্বান জনাই আহিছে যে, কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবৰ বাবে সঘনে চাবোনেৰে হাত ধুব লাগে ৷
পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি মাষ্টাৰ ব্লাষ্টাৰ গৰাকীয়ে কয় যে, সকলোৱে সঘনে হাত ধুৱাৰ লগতে জন সমাৱেশৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে ৷
টুইটাৰৰ জৰিয়তে তেণ্ডুলকাৰে কয়, "নাগৰিক হিচাপে আমি দায়বদ্ধ হোৱা উচিত ৷ কৰ'ণা ভাইৰাছক আঁতৰাই ৰাখিবৰ বাবে আমি কিছুমান সাধাৰণ পদক্ষেপ গ্ৰহণ কৰিব লাগে ৷ এয়া সকলোলৈ মোৰ আহ্বান যে, সকলো সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰিবৰ বাবে কিছুমান সাধাৰণ নীতি-নিৰ্দেশনা অনুসৰণ কৰা উচিত ৷"
"কৰ'ণা ভাইৰাছক লৈ আমি সকলো চিন্তিত ৷ সেয়ে মানুহৰ ভিৰ থকা অঞ্চলসমূহত উপস্থিত থাকিব নালাগে," টুইটাৰত এক ভিডিঅ' পোষ্ট কৰি এই কথা কয় তেণ্ডুলকাৰে ৷