অসম

assam

ETV Bharat / bharat

প্ৰাক্তন মন্ত্ৰী তথা তেলেগু অভিনেতা চিৰঞ্জীৱি কৰ'ণাত আক্ৰান্ত - তেলেগু অভিনেতা চিৰঞ্জীৱি

COVID-১৯ত আক্ৰান্ত প্ৰাক্তন মন্ত্ৰী তথা তেলেগু অভিনেতা চিৰঞ্জীৱি । কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱাৰ পিছৰে পৰা নিজ গৃহতে আইশ্ব'লেছনত আছে ৬৫ বছৰীয়া ৰাজনৈতিক নেতাগৰাকী ।

প্ৰাক্তন মন্ত্ৰী তথা তেলেগু অভিনেতা চিৰঞ্জীৱি কৰ'ণা আক্ৰান্ত
প্ৰাক্তন মন্ত্ৰী তথা তেলেগু অভিনেতা চিৰঞ্জীৱি কৰ'ণা আক্ৰান্ত

By

Published : Nov 9, 2020, 2:14 PM IST

চিটাৰা ডেস্ক, ৯ নৱেম্বৰ: অভিনয় জগতৰ পৰা ৰাজনীতিৰ পথাৰত খোজ পেলোৱা তেলেগু ছবি জগতৰ জনপ্ৰিয় অভিনেতা চিৰঞ্জীৱিৰ দেহত ধৰা পৰিছে COVID-১৯ৰ উপস্থিতি । সোমবাৰে এই কথা প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী চিৰঞ্জীৱিয়ে । তেওঁ কয় যে, 'আগন্তুক ছবি 'আচাৰ্য'ৰ দৃশ্যগ্ৰহণৰ পূৰ্বে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া প্ৰ'ট'কল মানি COVID-১৯ৰ পৰীক্ষা কৰাইছিলো । দুৰ্ভাগ্যবশত: COVID-১৯ৰ পৰীক্ষাত মহামাৰীৰ কৱলত পৰাৰ কথা পোহৰলৈ আহে ।'

প্ৰজা ৰাজ্যম পাৰ্টীৰ প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ কৰ'ণা আক্ৰান্ত হ'লেও সেয়া লক্ষণবিহীন । বৰ্তমান হায়দৰাবাদস্থিত নিজা বাসগৃহত আইশ্ব'লেছনত আছে ৬৫ বছৰীয়া অভিনেতাগৰাকী । লগতে এই কেইদিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক COVID-১৯ৰ পৰীক্ষা কৰাৰ বাবে অনুৰোধ জনায় চিৰঞ্জীৱিয়ে । আৰোগ্য হৈ উঠাৰ পিছতে সবিশেষ জনাব বুলিও প্ৰকাশ কৰে জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীয়ে ।

লগতে পঢ়ক:অনুৰাগী সকলক পুনৰ 'Dhadkan' ৰ সময়লৈ লৈ গ'ল শিল্পা চেত্ৰীয়ে

ABOUT THE AUTHOR

...view details