অসম

assam

ETV Bharat / bharat

কেৰালাত কোভিড-১৯ মুক্ত ৰোগীৰ বাবে টেলিমেডিচিন পৰিসেৱাৰ মুকলি - টেলিমেডিচিন মঞ্চ

কোভিড-১৯ ৰোগৰ পৰা মুক্ত লোকসকলৰ বাবে কেৰালা চৰকাৰে ই-সঞ্জীৱনী টেলিমেডিচিন পৰিসেৱা প্ৰযোজ্য কৰাৰ সিদ্ধান্ত হাতত লোৱা হৈছে । বিগত সপ্তাহত Centre for Development of Advanced Computing (CDAC)ৰ দ্বাৰা উদ্ভাৱন কৰা এটি ইণ্টিগ্ৰেটেড টেলিমেডিচিন এপ্লিকেশ্যনৰ মুকলি কৰা হয় আৰু ইয়াক পৰামৰ্শ কাৰ্যকৰী মঞ্চ হিচাপে প্ৰয়োগ কৰা হ'ব ।

কোৰালাত কোভিড-১৯ মুক্ত ৰোগীৰ বাবে টেলিমেডিচিন পৰিসেৱাৰ মুকলি
কোৰালাত কোভিড-১৯ মুক্ত ৰোগীৰ বাবে টেলিমেডিচিন পৰিসেৱাৰ মুকলি

By

Published : Jun 15, 2020, 12:37 PM IST

নেশ্যনেল ডেস্ক, ১৫ জুন: কেৰালা চৰকাৰে কোভিড-১৯ ৰোগৰ পৰা মুক্ত ৰোগীসকলৰ বাবে ই-সঞ্জীৱনী টেলিমেডিচিন পৰিসেৱা প্ৰযোজ্য কৰাৰ সিদ্ধান্ত হাতত লোৱা হৈছে । বিগত সপ্তাহত Centre for Development of Advanced Computing (CDAC)ৰ দ্বাৰা উদ্ভাৱন কৰা এটি ইণ্টিগ্ৰেটেড টেলিমেডিচিন এপ্লিকেশ্যনৰ মুকলি কৰা হয় আৰু ইয়াক পৰামৰ্শ কাৰ্যকৰী মঞ্চ হিচাপে প্ৰয়োগ কৰা হ'ব । কেৰালাৰ স্বাস্থ্যমন্ত্ৰী কে কে শৈলজাই জনোৱা মতে, এই টেলিমেডিচিনে কেৰালাত এক ব্যৱহাৰ্য আৰু সমাধানৰূপে কাম কৰাৰ সম্ভাৱনা আছে ।

স্বাস্থ্যমন্ত্ৰীয়ে সদৰি কৰে যে, যদি টেলিমেডিচিন ব্যৱহাৰৰ পৰিমাণ চৰকাৰে অনুমান কৰিব পাৰে, তেন্তে ২৪ ঘণ্টাই স্বাস্থ্য পৰীক্ষা কৰি ইয়াক আৰু অধিক মজবুত কৰিব পৰা যাব ।

কোৰালাত কোভিড-১৯ মুক্ত ৰোগীৰ বাবে টেলিমেডিচিন পৰিসেৱাৰ মুকলি

কোভিড-১৯ৰ অধিক সংক্ৰমণৰ বাবে কেৰালাত এই ৰোগৰ পৰা মুক্ত বহু লোকৰ পৰীক্ষা কৰিব পৰা নাই । মুক্ত ৰোগীসকলৰ শ্বাৱ পৰীক্ষা কৰাত এই টেলিমেডিচিনে সহায় কৰিব । পৰিকল্পনা ব'ৰ্ডৰ সদস্য ড০ বি ইকবালে সদৰি কৰে এই কথা । লগতে তেওঁ কয় যে, এই টেলিমেডিচিন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰী আৰু বেচৰকাৰী দুয়োপক্ষৰ হাস্পতালে সহযোগ স্থাপন কৰিছে ।

ৰাজ্যিক স্বাস্থ্য অধিকাৰী তথা ই-সঞ্জীৱনীৰ ভাৰপ্ৰাপ্ত বিষয়া ড০ দিব্যা ভি এছে কয় যে, প্ৰায় ৩০ গৰাকী চিকিৎসকে আগভাগ লোৱা এই টেলিমেডিচিন পৰিসেৱা মঞ্চক লৈ ভাল প্ৰতিক্ৰিয়া প্ৰাপ্ত হৈছে আৰু টেলিমেডিচিন পৰীক্ষাই জিলাসমূহত কমেও এমাহকৈ সময় ল'ব ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত কিশোৰীক ধৰ্ষণ : পলাতক অভিযুক্ত

ABOUT THE AUTHOR

...view details