বিজনেছ ডেস্ক, 1 চেপ্টেম্বৰ : টেলিকম কোম্পানী সমূহক উচ্চতম ন্যায়ালয়ে দিছে এক ডাঙৰ সকাহ ৷ মঙলবাৰে 10 বছৰ ম্যাদত অৰ্থাৎ 31 মাৰ্চ 203 পৰ্যন্ত বাকী থকা এ জি আৰ পৰিশোধৰ বাবে অনুমতি প্ৰদান কৰিছে ৷
এই পদক্ষেপৰ বাবে বিশেষভাৱে ঋণত পোত গৈ থকা ভোডাফোন আইডিয়া লিমিটেডৰ লাভ হ‘ব ৷ ভোডাফোন আইডিয়া লিমিটেডে ইয়াৰ পূৰ্বে কৈছিল যে, যদিহে এবাৰতে তেওঁলোকক বাকী থকা ধন পৰিশোধৰ কৰিবলৈ কোৱা হয় তেন্তে হয়তো তেওলোকে কোম্পানীটোৰ ভাৰতত পৰিচালনা বন্ধ কৰিবলগীয়া হ‘ব পাৰে ৷