নেশ্যনেল ডেস্ক, 2 জুন : কৰ'ণা ভাইৰাছৰ ফলত সোমবাৰে পুনৰ তেলেংগানাত ছয় জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যাত বৃদ্ধি অব্যাহত আছে ৷ ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা 88 জন হোৱাৰ লগতে সোমবাৰৰ দিনা নতুনকৈ 94 জন লোক আক্ৰান্ত হৈছে ৷ ইয়াৰ জৰিয়তে আক্ৰান্তৰ সংখ্যা 2,792 জন হৈছে ৷
যোৱা দুসপ্তাহত এজনো প্ৰব্ৰজিত শ্ৰমিক আক্ৰান্ত হোৱা নাই তেলেংগানাত ৷ ইয়াৰোপৰি, বিদেশ ভ্ৰমণৰ ইতিবৃত্ত থকা কোনো লোক আক্ৰান্ত হোৱা নাই ৷ সোমবাৰে আক্ৰান্ত লোকৰ 94 জনেই স্থানীয় লোক বুলি জানিব পৰা গৈছে ৷ ইয়াৰে 79 জন লোক গ্ৰেটাৰ হাইদৰাবাদৰ বাসিন্দা ৷
উল্লেখ্য যে, বৰ্তমানলৈকে ৰাজ্যখনৰ 1,491 জন আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে ৷ ইয়াৰ ফলত বৰ্তমান সক্ৰিয় ঘটনা হৈছে 1,213 টা ৷ দেওবাৰে ৰাজ্যখনত সৰ্বাধিক 199 জন লোক আক্ৰান্ত হৈছে Covid-19 ত ৷