নিউজ ডেস্ক, 13 মে': মঙলবাৰে তেলেংগানত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় 2 জন লোকৰ । আনহাতে নতুনকৈ 51 গৰাকী লোকৰ দেহত এই মহামাৰী পোৱা যায় । বৰ্তমান ৰাজ্যখনত মৃত্যুৰ সংখ্যা 32 লৈ বৃদ্ধি পালে । আনহাতে আক্ৰন্তৰ সংখ্যা 1,326 হৈছে ।
মঙলবাৰে মৃত্যু হোৱা লোক দুজনৰ বয়স ক্ৰমে 61 বছৰ আৰু 65 বছৰ ।
আন ৰাজ্যৰ পৰা অহা 14 লোকৰ দেহত ধৰা পৰিছে COVID-19 । ইয়াৰ ফলত ৰাজ্যখনত আক্ৰান্ত প্ৰৱজকৰ সংখ্যা 25 লৈ বৃদ্ধি পাইছে ।
ইতিমধ্যে ৰাজ্যখনলৈ ভিন্ন স্থানত থকা লোক সকল উভতি আহিছে । ইয়াৰ ফলত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ শংকা বৃদ্ধি পাইছে । সেয়ে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে প্ৰশাসনক নিৰ্দেশনা দিছে যে, বাহিৰৰ পৰা অহা লোক সকলক ৰাজ্যৰ প্ৰৱেশদ্বাৰ সমূহতেই চিনাক্ত কৰি, যি সকলৰ দেহত ৰোগৰ কোনো লক্ষণ নাই তেনে লোকক ঘৰতেই হওক বা চৰকাৰী সুবিধাতেই হওক, কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিব লাগিব আৰু লক্ষণে দেখা দিয়া লোকসকলক সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগিব ।