নিউজ ডেস্ক,৯ জুলাই:সোমবাৰে হায়দৰাবাদৰ নৰসিংগিৰ পৰা কোকাপেট অভিমুখে গৈ থকা এখন যাত্ৰী বাহী বাছত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়। বাছ খনৰ ইঞ্জিনৰ পৰা ধোঁৱা উলোৱাৰ পাচতে বাছ খনত অগ্নিকাণ্ড সংঘটিত হয়। ইপিনে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে ইঞ্জিনৰ শ্বট চাৰ্কিট হোৱাৰ বাবে বাছখনত অগ্নিসংযোগ হোৱাৰ সন্দেহ প্ৰকাশ কৰে ।
হায়দৰাবাদত চলন্ত বাছত অগ্নিকাণ্ড - অগ্নিসংযোগ
বাছ খনৰ ইঞ্জিনৰ পৰা ধোঁৱা উলোৱাৰ পাচতে বাছ খনত অগ্নিকাণ্ড সংঘটিত হয়। ইঞ্জিনৰ শ্বট চাৰ্কিট হোৱাৰ বাবে অগ্নিসংযোগ হোৱাৰ সন্দেহ প্ৰকাশ কৰে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে ।
হায়দৰাবাদত চলন্ত বাছত অগ্নিসংযোগ
জানিব পৰা মতে অগ্নিসংযোগ হোৱাৰ সময়ত বাছখনত কোনো যাত্ৰী নাছিল আৰু বাছ চালকজনে বাছখনত অগ্নিসংযোগ হোৱাৰ লগে লগে বাছ খনৰ পৰা নামি যায় । পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰে ।