নিউজ ডেস্ক, ২৯ জুনঃ তেলেংগানাত দিনক দিনে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । যাৰ বাবে তেলেংগানাত চৰকাৰে দ্বিতীয় বাৰৰ বাবে ৰাজ্যখনত লক ডাউন বৃদ্ধি কৰাৰ বাবে চৰ্চা অব্যাহত ৰাখিছে । তেনে সময়তে তেলেংগানাৰ গৃহমন্ত্ৰী মহম্মদ মহমুদ আলী আক্ৰান্ত হৈছে মহামাৰী কৰ'ণাত । গৃহমন্ত্ৰী গৰাকীক ইতিমধ্যে জুবলি হিলস্থিত হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিবলৈ দিয়ে ।
তেলেংগানাৰ গৃহমন্ত্ৰীৰ দেহত COVID-19 - কৰ'ণা ভাইৰাছ
তেলেংগানাৰ গৃহমন্ত্ৰীৰ দেহত মহামাৰী কৰ'ণাৰ উপস্থিতি । লগতে গৃহমন্ত্ৰী গৰাকীৰ পৰিয়ালৰ আন এজন সদস্যও কৰ'ণা আক্ৰান্ত হয় বুলি সদৰি কৰে তেলেংগানাৰ স্বাস্থ্য বিভাগে ।
তেলেংগানাৰ গৃহমন্ত্ৰীৰ দেহত COVID-19
আনহাতে, তেলেংগানাৰ স্বাস্থ্য মন্ত্ৰীয়ে সোমবাৰে কয় যে, গৃহমন্ত্ৰী মহম্মদ মহমুদ আলীৰ দেহত কৰ'ণাৰ উপস্থিতি লাভ কৰিছে । লগতে গৃহমন্ত্ৰী গৰাকীৰ পৰিয়ালৰ এগৰাকী সদস্যও ভাইৰাছত আক্ৰান্ত হৈছে বুলি সদৰি কৰে । দেওবাৰে ৰাতি দুয়োগৰাকী ব্যক্তিক হাস্পতালত ভৰ্তি কৰোৱা হয় ।
লগতে গৃহমন্ত্ৰী গৰাকীৰ সংস্পৰ্শত অহা এজন সুৰক্ষা কৰ্মীৰ দেহটো কৰ'ণা ভাইৰাছৰ উপস্থিতি লাভ কৰা হৈছে বুলি সদৰি কৰে ।