নিউজ ডেস্ক,১৪অক্টোবৰঃমঙলবাৰৰ পৰা তেলেংগনাত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যখনৰ অধিকাংশ বানপানীৰ কবলত পৰে ৷ তেলেংগনাৰ মুখ্য সচিব সোমেশ কুমাৰে ৰাজ্যখনৰ সকলো বিভাগৰ লগতে আৰক্ষী আৰু প্ৰশাসনক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে । সচিব গৰাকীয়ে উল্লেখ কৰে যে, মঙলবাৰৰ নিশাৰ পৰা ধাৰাষাৰ বৰষুণৰ বাবে ৰাজ্যখনৰ পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে । এই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ লগত তেঁও টেলিফোনিক বাৰ্তালাপ কৰি পৰিস্থিতিৰ বিষয়ে অবগত কৰে । ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে যিকোনো পৰিস্থিতিৰ মুকাবিলা কৰিবৰ বাবে প্ৰশাসনক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে বুলি মুখ্য সচিব গৰাকীয়ে উল্লেখ কৰে।
উল্লেখ্য যে, ধাৰাষাৰ বৰষুণৰ বাবে হায়দৰাবাদৰ বিভিন্ন ঠাইত বানৰ সৃষ্টি হয়। ২৪ ঘন্টাত প্ৰায় ২০ চেন্টিমিটাৰ জোৰেৰে বৃষ্টিপাত হোৱাৰ ফলতে হায়দৰাবাদত এই আবতৰীয়া বানৰ সৃষ্টি হয় । ইপিনে ধাৰাষাৰ বৰষুণৰ বাবে সৃষ্টি হোৱা বানৰ ফলত বহু লোক ৰাজ পথতে আৱদ্ধ হৈ পৰাৰ লগতে যাতায়ত ব্যৱস্থা সৰ্ম্পূণ ব্যাহত হৈ পৰে ৷