নিউজ ডেস্ক, ৯ এপ্ৰিলঃ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে তেলংগানাতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে COVID-১৯ য়ে । যাৰ বাবে তেলেংগান চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
এতিয়াৰ পৰা ৰাজহুৱা স্থানত কোনো ধৰণৰ ধপাত জাতীয় সামগ্ৰী পিকুৱাত নিষেধাজ্ঞা প্ৰদান কৰিছে তেলেংগানা চৰকাৰে । মুখৰ পৰা পেলুৱা সেই সামগ্ৰী সমূহত লাগি থকা কণিকা বা থুইৰ পৰাও COVID-১৯ সংক্ৰমণ হোৱাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।