নিউজ ডেস্ক, ৬ মে' :তেলেংগানা ৰাজ্য চৰকাৰে মঙলবাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি, ৰাজ্যখনত কোভিড-১৯ নিয়ন্ত্ৰণ কৰিবলৈ অহা ২৯ মে'লৈকে বৃদ্ধি কৰা হয় লকডাউনৰ সময়সীমা । ৰাজ্যিক কেবিনেটৰ আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে এই কথা ঘোষণা কৰে । দেশৰ ভিতৰত তেলেংগানাই প্ৰথমখন ৰাজ্য যিয়ে, কোভিড-১৯ নিয়ন্ত্ৰণ কৰিবলৈ এইদৰে অতিৰিক্তভাৱে লকডাউনৰ সময়সীমা বৃদ্ধি কৰিছে ।
ৰাজ্যখনত ৭ মে'ত লকডাউন অন্ত হোৱাৰ কথা আছিল যদিও অনাগত ২২ দিনলৈ বৃদ্ধি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে । হায়দৰাবাদকে ধৰি আন পাঁচখনকৈ ৰেড জ'ন জিলাত কোনোধৰণৰ শিথিলতা নিদিয়াৰ কথাও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
কেন্দ্ৰই জাৰী কৰা নিৰ্দেশনা অনুসৰিয়ে গ্ৰীণ আৰু অৰেঞ্জ জ'নত কিছু শিথিলতা প্ৰদান কৰা হ'ব যদিও ৰেড জ'নত নিৰ্মাণকাৰ্যৰ বাহিৰে বাকী সকলো কাম বন্ধ থাকিব ৰাজ্যখনত । ৰেড জ'নত চিমেন্ট, ষ্টীল, হাৰ্ডৱেৰ আৰু ইলেকট্ৰিকেল দোকানসমূহ খোলা থাকিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।