নিউজ ডেস্ক, ৫ জুলাইঃ তেলেংগানাত হাস্পতালৰ বিল পৰিশোধ নকৰাৰ বাবে আটক হ'ল এগৰাকী ৰোগী। কোভিড-১৯ আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হৈ আছিল মহিলাগৰাকী। উল্লেখ্য যে, হাস্পতালখনত এদিনত ১.১৫ লাখ টকা বিল আহিছিল বুলি ভুক্তভোগী মহিলা চিকিৎসক ডা০ চুলতানাই প্ৰকাশ কৰে।
এদিনত ১.১৫ লাখ টকাৰ বিল পৰিশোধ নকৰাৰ বাবেই আটক কোভিড ৰোগী - হাস্পতাল
তেলেংগানাৰ এখন হাস্পতালৰ বিল পৰিশোধ নকৰাৰ বাবে আটক এগৰাকী কোভিড-১৯ আক্ৰান্ত চিকিৎসক। এদিনত ১.১৫ লাখ টকাৰ বিল অহাৰ বাবে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰি আটক হয় চিকিৎসক গৰাকী। ঘটনা সন্দৰ্ভত তেলেংগানা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
উল্লেখ্য যে, ১৬ দিন পূৰ্বে চিকিৎসক গৰাকীৰ কোভিড-১৯ পজিটিভ পোৱা গৈছিল । ইয়াৰ পাছতেই মহিলা চিকিৎসকগৰাকীয়ে নিজ গৃহত থাকি নিজৰ চিকিৎসা কৰিছিল । কোভিড-১৯ত আক্ৰান্ত হৈ শ্বাস-প্ৰশ্বাসজনিত অসুবিধাত ভুগি আছিল ডা০ চুলতানাই । তাৰ পাছত ১ জুলাইত শ্বাহেদঘাটস্থিত টুম্বে হাস্পতালত ভৰ্তি হৈছিল মহিলাগৰাকী । হাস্পতালখনত এদিন থকাৰ পাছত ৪০,০০০ টকাৰ বিল অহা বুলি হাস্পতাল কৰ্তৃপক্ষই উল্লেখ কৰিছিল । কিন্তু কিছুসময় পাছতে পুনৰ ১.১৫ লাখ টকাৰ বিল অহা বুলি জনাই হাস্পতাল কৰ্তৃপক্ষই । ইয়াকে লৈ চিকিৎসক গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰাৰ লগতে নিজে হাস্পতালৰ পৰা মুকলি কৰি দিবলৈ অনুৰোধ জনায়। এই ঘটনাৰ পাছতেই ডা০ চুলতানাক আটক কৰা হয় বুলি জানিব পৰা গৈছে । দেওবাৰে হাস্পতালখনত ১.৩ লাখ টকা বিল পৰিশোধ কৰাৰ পাছতহে তেখেতক মুকলি কৰি দিয়ে বুলি প্ৰকাশ কৰে ।
ইফালে, শ্বাদেৰঘাট আৰক্ষী পৰিদৰ্শক চতিশে তেখেতক আটক কৰা হোৱা নাছিল বুলি উল্লেখ কৰে । সম্প্ৰতি আৰক্ষীয়ে হাস্পতালখনৰ চিচিটিভি ফুটেজ নিৰীক্ষণ কৰি আছে । বৰ্তমানলৈকে এই ঘটনাক লৈ কোনোধৰণৰ গোচৰ ৰুজু কৰা হোৱা নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।