নিউজ ডেস্ক, 18 মে': তেলেংগানা চৰকাৰে 18 মে'ত এক কেবিনেট বৈঠকৰ আহ্বান জনাইছে । মুখ্যমন্ত্ৰী কে. ছন্দশেখৰ ৰাওৰ অধ্যক্ষতাত এই বৈঠক আয়োজিত হ'ব । লকডাউনৰ চতুৰ্থ পৰ্যায় সম্পৰ্কে এই বৈঠকত আলোচনা কৰা হ'ব ।
তেলেংগানা কেবিনেটৰ লকডাউন সম্পৰ্কত বৈঠক
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে. ছন্দশেখৰ ৰাওৰ নেতৃত্বত আয়োজন কৰা হৈছে এক বৈঠক । চতুৰ্থ পৰ্যায়ৰ লকডাউনত কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা সমূহৰ কাৰ্যকৰীকৰণ সম্পৰ্কে সিদ্ধান্ত ল'ব এই বৈঠকত।
তেলেংগানা কেবিনেটৰ লকডাউন সম্পৰ্কত বৈঠক
কেন্দ্ৰই ইতিমধ্যে লকডাউন 31 মে'লৈ বৃদ্ধি কৰিছে আৰু এই সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিছে । কেন্দ্ৰৰ নিৰ্দেশনা সমূহৰ কাৰ্যকৰীকৰণ সম্পৰ্কে আলোচনা কৰা হ'ব বৈঠকত । উল্লেখ্য যে, চতুৰ্থ পৰ্যায়ৰ লকডাউনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ হাতত অধিক ক্ষমতা অৰ্পণ কৰিছে ।