নিউজ ডেস্ক, 2 আগষ্ট : তেলেংগনাৰ বিজেপি নেতা তথা ৰাজ্য়খনৰ বিজেপিৰ মুখপাত্ৰ কৃষ্ণ সাগৰ ৰাওয়ে এআইএমআইএমদলৰ প্ৰধান আছাদুদ্দিন ওৱেইছিক 5 আগষ্টত অযোধ্যাত হ'বলগীয়া ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে ৷
ইয়াৰ উপৰিও বিজেপি নেতা কৃষ সাগৰ ৰাওয়ে পুনৰ কয় যে, 5 আগষ্টত হ'বলগীয়া ভূমি পূজনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অংশগ্ৰহণ কৰিব আৰু ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য উক্ত দিনাৰ পৰাই আৰম্ভ কৰা হ'ব ৷ লগতে, বিজেপিৰ বাবে গৌৰৱৰ বিষয় বুলিও উল্লেখ কৰি নেতা গৰাকীয়ে কয় যে, আমাৰ কাৰ্যকালত ৰাম মন্দিৰ নিৰ্মাণ হোৱাটো গৌৰৱৰ বিষয় ৷
আনহাতে, ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য বিৰোধ কৰা বামপন্থী আৰু এআইএমআইএম দল প্ৰসংগত নেতা গৰাকীয়ে মন্তব্য প্ৰদান কৰি কয় যে, ভাৰতবৰ্ষৰ সংবিধানে দেশৰ প্ৰতিজন নাগৰিকক সমতা তথা ধৰ্মৰ অধিকাৰ প্ৰদান কৰিছে ৷ গতিকে, সমৰ্থন কৰা নকৰাটো সকলোৰে নিজৰ স্বাধীনতা বুলি উল্লেখ কৰে ৷