নিউজ ডেস্ক ,৭ জুনঃ তেলেংগানা চৰকাৰে পুনৰ এবাৰ বাতিল কৰিলে দশম শ্ৰেণী পৰীক্ষা । সোমবাৰৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল দশম শ্ৰেণীৰ পৰীক্ষা ।
তেলেংগানাত পুনৰ বাতিল দশম শ্ৰেণীৰ পৰীক্ষা - তেলেংগানাত দশম শ্ৰেণী পৰীক্ষা বাতিল
তেলেংগানাৰ শিক্ষা মন্ত্ৰী পি সাবিত্ৰী ইন্দিৰা ৰেড্ডীয়ে উল্লেখ কৰে যে, সোমবাৰৰ পৰা হ'বলগীয়া দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছে । এই সন্দৰ্ভত সোমবাৰে হ'বলগীয়া বৈঠকত সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰী কে চন্দশেখৰ ৰাওৱে ৷

শিক্ষা মন্ত্ৰী পি সাবিত্ৰী ইন্দিৰা ৰেড্ডীয়ে শনিবাৰে নিশা এই কথা ঘোষণা কৰে । তেলেংগানা উচ্চ ন্যায়ালয়ে যেতিয়াই পুনৰ অনুমতি প্ৰদান কৰিব তেতিয়াই ৰাজ্যখনত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ।
উচ্চ ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন কৰে যে হায়দৰাবাদৰ পৌৰনিগমৰ ছাত্র ছাত্রীৰ বাবে কি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব । শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষন কৰি থকা হৈছে । সোমবাৰে মুখ্যমন্ত্ৰী কে চন্দশেখৰ ৰাওৱে পৰীক্ষা সম্পৰ্কে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহন কৰিব বুলি তেওঁ জনায় ৷ ৰাজ্য চৰকাৰে ন্যায়ালয়ত জনোৱা অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে ৰাজ্য চৰকাৰ সাজু হৈ আছে ৷ কিন্তু ন্যায়ালয়ে ছাত্র ছাত্রীৰ জীৱনক লৈ কোনোধৰনৰ ক্ষৰতকীয়া কৈ সিদ্ধান্ত ল'বলৈ চিন্তিত হৈ পৰিছে বুলি জানিব পৰা গৈছে ।