বিহাৰ, ৮ জুন:বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰক সোমবাৰে টুইটাৰত সমালোচনা কৰে ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰজেডি নেতা তেজস্বী যাদৱে। ৰাজ্যখনত ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ বিপৰীতে স্বাস্থ্যখণ্ডৰ পৰিসেৱাৰ সম্প্ৰসাৰণক লৈ আৰজেডিৰ নেতাগৰাকীয়ে কটাক্ষ কৰে মুখ্যমন্ত্ৰী নিতীশ কুমাৰক । তেওঁ মুখ্যমন্ত্ৰীগৰাকীক শিৰোনাম পৰিচালনা বন্ধ কৰি ক'ৰণা পৰিচালনা কৰাৰ আহ্বান জনায় ।
নিতীশ কুমাৰক শিৰোনাম পৰিচালনা বন্ধ কৰাৰ আহ্বান তেজস্বী যাদৱৰ - তেজস্বী যাদৱ
বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰক শিৰোনাম পৰিচালনা বন্ধ কৰি ক'ৰণা পৰিচালনা কৰাৰ আহ্বান ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰজেডি নেতা তেজস্বী যাদৱৰ । টুইটৰ জৰিয়তে এই আহ্বান জনায় আৰজেডিৰ নেতাগৰাকীয়ে ।
Tejashwi Yadav asks Bihar CM to stop doing 'headline management' and focus on 'corona management'
তেজস্বী যাদৱে টুইটাৰত প্ৰকাশ কৰে যে,"স্বাস্থ্যসেৱাৰ উন্নতি/সম্প্ৰসাৰণৰ মুখ্যমন্ত্রী নিৰৱ কিয় ? আমি কেইবাবাৰো ভেন্টিলেটৰ,আইচিইউ বেড তথা পৰীক্ষা কেন্দ্রৰ সম্প্ৰসাৰণৰ সম্পর্কে বহুবাৰ আলোচনা কৰিছো। কিন্তু আপুনি কোনো উত্তৰ দিয়া নাই । এয়া আপোনাৰ ব্যর্থতা নেকি ?
শিৰোনাম পৰিচালনা বন্ধ কৰি ক'ৰণা পৰিচালনা কৰক ।"