নিউজ ডেস্ক, 9 জুলাইঃ অৱশেষত ভাৰতীয় ৰেলে ঘোষণা কৰিলে দেশৰ প্ৰথমখন ব্যক্তিগতভাৱে পৰিচালিত ৰেলৰ নাম ৷ মঙলবাৰে ভাৰতীয় ৰেল মুখ্যালয়ে লক্ষ্নৌ-দিল্লী টেজাচ এক্সপ্ৰেছৰ নাম দেশৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ দ্বাৰা পৰিচালিত ৰেল হিচাপে ঘোষণা কৰে ৷ ইয়াৰ উপৰিও ৰেল মুখ্যালয়ে 500 কিলোমিটাৰ দুৰত্বৰ ভিতৰত চলিবলগা দ্বিতীয়খন ৰেলৰ নামো শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰিছে ভাৰতীয় ৰেলে ৷
ভাৰতীয় ৰে’লে ঘোষণা কৰিলে প্ৰথমখন ব্যক্তিগত ৰে’লৰ নাম - Request for Quote
মঙলবাৰে ভাৰতীয় ৰেলে ঘোষণা কৰে দেশৰ প্ৰথমখন ব্যক্তিগত ৰে’লৰ নাম ৷ সেই অনুসৰি, লক্ষ্নৌ-দিল্লী যাত্ৰাপথত চলিবলগীয়া টেজাচ এক্সপ্ৰেছ হ'ব দেশৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ দ্বাৰা পৰিচালিত ৰে’ল ৷
![ভাৰতীয় ৰে’লে ঘোষণা কৰিলে প্ৰথমখন ব্যক্তিগত ৰে’লৰ নাম](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3787619-thumbnail-3x2-0.jpg)
উল্লেখ্য যে, ৰেলৱে ইউনিয়নৰ ব্যাপক প্ৰতিবাদ আঁওকান কৰি মঙলবাৰে ভাৰতীয় ৰেলে এইদৰে ঘোষণা কৰিছে দেশৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ দ্বাৰা পৰিচালিত ৰেল ৷ সেই অনুসৰি, লক্ষ্নৌ-দিল্লী যাত্ৰাপথত চলিবলগীয়া 12585/6 নম্বৰৰ টেজাচ এক্সপ্ৰেছেই হৈছে দেশৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ দ্বাৰা পৰিচালিত ৰেল ৷ ৰেলখনে (12585 নম্বৰ) লক্ষ্নৌ ষ্টেচনৰ পৰা ৰাতিপুৱা 6.50 বজাত যাত্ৰা আৰম্ভ কৰি দিনৰ 1.35 বজাত নতুন দিল্লী ষ্টেচন পাব ৷ আনহাতে ৰেলখনে (12586 নম্বৰ) নতুন দিল্লী ষ্টেচনৰ পৰা আবেলি 3.35 বজাত যাত্ৰা আৰম্ভ কৰি নিশা 10.05 বজাত লক্ষ্নৌ ষ্টেচন পাব ৷