নেশ্য়নেল ডেস্ক, 24 অক্টোবৰ:উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত শুকুৰবাৰে নিশা এগৰাকী 16 বছৰীয়া কিশোৰীক গুলীয়াই হত্যা কৰে তিনি যুৱকে ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি হত্যা কৰে কিশোৰীগৰাকীক ৷
মৃত কিশোৰীগৰাকীৰ পিতৃ অজয়ৰ মতে, নিশা তিনি যুৱকে আহি দুৱাৰত টুকুৰিয়াই, তাৰ পাছত দুৱাৰ খুলি দিয়াত যুৱক কেইজনে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গুলীয়াই হত্যা কৰে কিশোৰীগৰাকীক ৷ সেই সময়ত কিশোৰীৰ পিতৃ আৰু ভাতৃ দুয়ো ঘৰৰ ছাঁদত আছিল ৷ কিশোৰীগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল ৷