নিউজ ডেস্ক, 16 এপ্ৰিলঃকেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়াই শিশু সকলক আহ্বান জনাইছিল যে "বিছু কাইনিট্টম"(আশীৰ্বাদৰ বাবে দিয়া দক্ষিণা) আৰু ৰমজান জাকাটৰ ধন মুখ্য মন্ত্ৰীৰ পুঁজিলৈ আগবঢ়াব লাগে । COVID-19 সংকটৰ সৈতে মোকাবিলা কৰাত এই ধন ব্যৱহাৰ কৰিব পাৰিব বুলি বিছু উপলক্ষে ৰাজ্যৰ লোকক সম্বোধন কৰি দিয়া এক ভাষণত কৈছিল ।
আৰু এই ঘোষণাৰ পাচতে মঙলবাৰে অভিৰাজ নামৰ দশম শ্ৰেণীৰ ছাত্ৰ এজনে "কাইনিট্টম" সংগ্ৰহৰ এক অভিনৱ প্ৰন্থা অৱলম্বন কৰে। তেওঁ কৃষ্ণৰ দৰে পোচাক পৰিধান কৰি যিমান দুৰ সম্ভৱ সকলোৰে ঘৰে ঘৰে যায় । সকলোকে বিছুৰ শুভেচ্ছা দিয়ে আৰু "কাইনিট্টম" সংগ্ৰহ কৰে ।
লক ডাউনৰ সময়ত 'কৃষ্ণ'ক দেখি বহু লোক আচৰিত হোৱাৰ লগতে শিশুসকল উৎফুল্লিত হয়। সকলো পৰিয়ালেই তেওঁক আদৰণি জনাই আৰু অৰিহণা আগবঢ়াই ।
কিশোৰ জনে ঘৰে ঘৰে গ'লেও মাস্ক পৰিধান কৰাৰ লগতে সকলোৰে লগত সামাজিক ব্যৱধান ৰক্ষাৰ প্ৰট'কল মানি চলিছিল । প্ৰায় 50 ঘৰ পৰিয়ালৰ ঘৰত গৈ 5101 টকা সংগ্ৰহ কৰে কিশোৰ জনে ।
এই ধন সংগ্ৰহ কৰাৰ পাচত অভিৰাজে সমস্ত ধন ৱাৰ্ড মেম্বাৰ ৰঞ্জিথৰ হাতত প্ৰদানৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ CMDRF পুঁজিলৈ আগবঢ়াই । দেশৰ বিপদৰ সহায়ত কিশোৰ জনৰ মহানুভৱতাক সকলোৱে প্ৰশংসা কৰাৰ লগতে ৱাৰ্ড সদস্য গৰাকীয়ে কয় যে, সামাজিক দুৰত্ব বৰ্তাই ৰাখি সকলোৱে একগোট হৈ ইজনে আনজনক কেনেদৰে সহায় কৰিব পাৰি সেইয়া কিশোৰজনে সকলোকে শিকাই দিলে ।