দীপাৱলী উদযাপনৰ প্ৰায় এমাহ পাৰ হোৱাৰ পাছতো বৰ্তমান ভাৰতৰ সকলো পাকঘৰত ‘পিঁয়াজ বোমা’ৰ বিস্ফোৰণ ঘটি আছে । কেনেদৰে পিঁয়াজৰ দাম পাইকাৰী বজাৰতো প্ৰতি কিলোগ্ৰামত এশ টকা হৈ আকাশ চুলেগৈ সেয়া সমগ্ৰ দেশৰ বাবে আচৰিত হ’বলগীয়া বিষয়। মহাৰাষ্ট্ৰৰ ছোলাপুৰ ছাংগানেৰ আদি ঠাইৰ বজাৰত পিঁয়াত ১১০ টকাত বিক্ৰী হৈ আছে । দক্ষিণ ভাৰতৰ কইম্বাটোৰৰ দৰে চহৰত ডাঙৰ পিঁয়াজ প্ৰতি কিলোত১০০ টকাৰ বিপৰীতে সৰু আকৃতিৰ পিঁয়াজ প্ৰতি কিলোত ১৩০ টকা দৰত বিক্ৰী হৈছে। যদিও ৰাষ্ট্ৰীয় উদ্যান শস্য ব’ৰ্ডে দেশৰ মূল মূল চহৰসমূহৰ খুচুৰা বজাৰত পিঁয়াজৰ দাম ৮০ টকালৈ বৃদ্ধি পোৱা বুলি ঘোষণা কৰিছিল,পূৰ্বৰ সকলো দামক চেৰ পেলাই পিঁয়াজে আকাশ স্পৰ্শ কৰিছে। হায়দৰাবাদ,নাগপুৰ,ভূপাল আদি চহৰত পিঁয়াজৰ দাম বৃদ্ধিয়ে অসংখ্য গ্ৰাহকৰ জেপ অগ্নিদগ্ধ কৰিছে। মহাৰাষ্ট্ৰ,কৰ্ণাটক মধ্য প্ৰদেশ,গুজৰাট,ৰাজস্থান,উত্তৰ প্ৰদেশ আৰু বিহাৰ আদি ৰাজ্যত প্ৰবল আৰু আবতৰীয়া বৃষ্টিপাতে খেতিৰ ফচলৰ ওপৰত প্ৰভাৱ পেলাইছে । আন্তঃৰাষ্ট্ৰীয় বজাৰত পিঁয়াজ উৎপাদনকাৰী হিচাপে ভাৰত দ্বিতীয় স্থানতআছে । চীন আছে প্ৰথম স্থানত । কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানে ঘোষণা কৰিছে যে অকাল বৃষ্টিপাতে খেতিত ক্ষতি কৰাৰ ফলত ঘৰুৱা যোগান উন্নত কৰাৰ উদ্দেশ্যে তিনি সপ্তাহৰ ভিতৰত পিঁয়াজ আন দেশৰ পৰা আমদানি কৰা হ’ব। বাণিজ্যিক সংস্থা এম এম টি চিক পিঁয়াজৰ আমদানি আৰু যোগানৰ দায়িত্ব দিয়া হৈছে । নেশ্যনেল ফেডাৰেশ্যন অৱ্ এগ্ৰিকালচাৰেল কো অপাৰেটিভ মাৰ্কেটিং ফেডাৰেশ্যন অৱ্ ইণ্ডিয়াই ২০১৯ চনৰ ১৫ ডিচেম্বৰৰ ভিতৰত সকলো ৰাজ্যকে বিতৰণ কৰি দিব। ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰক ৰাজ সাহায্যযুক্ত পিঁয়াজৰ দাম হ্ৰাস কৰিবলৈ দাবী জনোৱাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকসকলে ইয়াৰ ফলত সুবিধা লাভ কৰিব নে নাই সেয়া স্পষ্ট নহয়।
বজাৰত পিঁয়াজৰ হঠাতে দাম বৃদ্ধি হোৱাৰ ফলত গ্ৰাহকে সঘনাই কান্দিবলগীয়া হোৱা দেখা পোৱা যায় । দুবছৰ পূৰ্বে যেতিয়া পিঁয়াজৰ দাম ৬০ টকা হৈছিল তেতিয়া কেন্দ্ৰই ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে তাৎক্ষণিক প্ৰশমনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ অক্ষম। এই বছৰৰ প্ৰথমছোৱাত কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যকে পৰ্যাপ্ত পৰিমাণে পিঁয়াজৰ যোগান ছেপ্টেম্বৰৰ শেষৰ ভিতৰত দিয়া হ’ব বুলি আশ্বাস দিছিল। কিন্তু প্ৰতিশ্ৰুতি অনুসৰি পৰ্যাপ্ত যোগানেৰে অধিকাংশৰে চাহিদা পূৰণ কৰা হোৱা নাই।দুমাহৰ ভিতৰতে পিঁয়াজৰ দাম এনে এক পৰ্যায়ত উপনীত হৈছে যে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে বুলি বিশ্বাস কৰিবলৈ অসম্ভৱপৰ হৈ পৰিছে । বিপদৰ সংকেত দেখি চৰকাৰে ৰপ্তানিৰ ৰাজ সাহায্য প্ৰত্যাহাৰ কৰিছে। খুচুৰা ব্যৱসায়ীসকলে এশ কুইণ্টল আৰু পাইকাৰী ব্যৱসায়ীসকলে পাঁচশ কুইণ্টল পিঁয়াজ মজুত ৰাখিব পাৰে।
ইজিপ্তৰ পৰা জৰুৰীকালীন আমদানিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিভিন্ন ৰাজ্যিক চৰকাৰে নিজাববীয়া ৰাজসাহায্যৰে পিঁয়াজ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে তেনে ৰাজ সাহায্য গ্ৰাহকৰ বাবে বিশেষ ফলপ্ৰসূ নহ’ব। গ্ৰাহকসকলে ভাৱি আছে কেতিয়া দাম কমিব। একেদৰে খেতিয়কসকল উৎপাদন ব্যয়ক লৈ চিন্তিত। যাৰ ফলত গুজৰাট,হিমাচল প্ৰদেশ হাৰিয়ানা,পঞ্জাৱত চাহিদা স্বত্বেও বাদাম,বিলাহী,আলুৰ দাম অমীমাংসিত হৈ আছে। প্ৰায় প্ৰতি বছৰে কোনো এক শস্যৰ কৃষক আৰু গ্ৰাহকে দুৰ্দশাৰ সন্মুখীন হৈ আহিছে। যেতিয়া সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰে তেতিয়াও প্ৰায়বোৰ চৰকাৰে সমাধানৰ বাট উলিয়াবৰ বাবে আগ্ৰহী নহয়।