হায়দৰাবাদ,6 ডিচেম্বৰঃ ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত টি-20 শৃংখলাৰ হায়দৰাবাদৰ ৰাজীৱ গান্ধী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টি-20 মেচত টীম ইণ্ডিয়াই 6 উইকেটত সহজ জয় সাব্যস্ত কৰে ৷ টছত পৰাজিত হৈ বেটিং কৰিবলৈ আহি কেৰিবিয়ান দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 207 ৰাণ সংগ্ৰহ কৰে ৷ 208 ৰাণৰ বৃহৎ লক্ষ্যৰ অনুসৰণ কৰিবলৈ আহি টীম ইণ্ডিয়াই লোকেশ ৰাহুল আৰু অধিনায়ক কোহলীৰ অধিনায়কোচিত অৰ্ধশতক ক্ৰমে 62 আৰু 94 ৰাণৰ সহায়ত 18.4 অভাৰত 4 উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় ৷
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টি-20 ত জয়লাভ টীম ইণ্ডিয়াৰ - ভাৰত-ৱেষ্ট ইণ্ডিজ টি-20 শৃংখলা 2019
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত টি-20 শৃংখলাৰ প্ৰথমখন টি-20 মেচত 6 উইকেটত জয়লাভ ভাৰতৰ ৷

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টি-20 ত জয়লাভ টীম ইণ্ডিয়াৰ
এই জয়ৰে ভাৰতে তিনিখনীয়া টি-20 শৃংখলাটোত 1-0 ব্যৱধানত অগ্ৰগতি লাভ কৰে ৷
শৃংখলাৰ দ্বিতীয়খন মেচ 8 ডিচেম্বৰত থিৰুৱন্তপুৰমৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷
Last Updated : Dec 7, 2019, 5:30 AM IST