তেজপুৰ, 1 ডিচেম্বৰঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত 30 নৱেম্বৰৰ নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অৰুণাচল প্ৰদেশ ছাত্ৰ সংগঠন চমুকৈ আপছু৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অৰুণাচল প্ৰদেশৰ ইটানগৰত আপছুৰ প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে এই বিষয়ে অৱগত কৰিছিল কেন্দ্ৰীয় চৰকাৰক ৷ যাৰ পাচতে গৃহমন্ত্ৰী অমিত শ্বাহে টীম অৰুণাচলৰ লগত নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসম-অৰুণাচল প্ৰদেশৰ মাজত থকা সীমা সমস্যাৰ বিষয়েও আলোচনাত মিলিত হয় বুলি জানিবলৈ দিয়ে আপছুৰ সভাপতিগৰাকীয়ে ৷