অসম

assam

ETV Bharat / bharat

আগৰতলাত শিক্ষকৰ প্ৰতিবাদ: 87 জন আহত, 223 গৰাকী শিক্ষকক আটক - 144 ধাৰা অব্যাহতট

আগৰতলাৰ চিটী চেণ্টাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি থকা শিক্ষকক বাধা প্ৰদান ত্ৰিপুৰা চৰকাৰৰ । প্ৰতিবাদকাৰী শিক্ষকে আন্দোলন তীব্ৰতৰ কৰাত 87 জন শিক্ষক আহত হোৱাৰ লগতে 223 গৰাকী শিক্ষকক আটক কৰিলে আৰক্ষীয়ে ।

আগৰতলাত শিক্ষকৰ প্ৰতিবাদ: 87 জন আহত, 223 গৰাকী শিক্ষকক আটক
আগৰতলাত শিক্ষকৰ প্ৰতিবাদ: 87 জন আহত, 223 গৰাকী শিক্ষকক আটক

By

Published : Jan 28, 2021, 2:13 PM IST

Updated : Jan 28, 2021, 2:20 PM IST

নেশ্যনেল ডেস্ক, 28 জানুৱাৰী : আগৰতলাত অব্যাহত আছে চাকৰি হেৰুওৱা শিক্ষকৰ প্ৰতিবাদ ৷ বুধবাৰে পুৱাই আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা 100 জন শিক্ষকক আটক কৰাৰ পাচতে পুনৰ অশান্ত হৈ পৰে আগৰতলা ৷ 144 ধাৰা অব্যাহত থকাৰ পাচতো পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষক সকলে ৷ 10,323 জন শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাচৰে পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছিল চাকৰি হেৰুওৱা শিক্ষক সকলে ৷ বাৰে বাৰে প্ৰশাসনে বাধা দি শিক্ষক সকলক আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰি আহিছিল যদিও ক্ষুব্ধ হৈ পৰে শিক্ষকসকল ৷ যাৰ ফলত বৃহস্পতিবাৰে ভয়ানক হৈ পৰে প্ৰতিবাদস্থলী ৷

আগৰতলাত শিক্ষকৰ প্ৰতিবাদ: 87 জন আহত, 223 গৰাকী শিক্ষকক আটক

উল্লেখ্য যে, ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে, 2014 চনত ভ্ৰান্ত নিয়োগ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা ৰাজ্যখনৰ 10,323 গৰাকী শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। তাৰ পাচৰে পৰা শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি অহা শিক্ষক সকলে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ ভৱন ঘেৰাও কৰাৰ বাবে প্ৰস্তুতি চলাই থাকোতে আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ দুই পক্ষৰ মাজত হতাহতি হোৱাত প্ৰতিবাদকাৰী শিক্ষক সকলৰ মাজৰ 87 গৰাকী শিক্ষক গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে 223 গৰাকী শিক্ষকক আৰক্ষীয়ে আটক কৰে ৷

শিক্ষক আৰু আৰক্ষীৰ মাজত হোৱা হতাহতিৰ ফলত শিক্ষক আহত হোৱাৰ লগতে একাংশ উত্তেজিত শিক্ষকে আৰক্ষীৰ বাহনো ক্ষতি সাধন কৰে ৷ ত্ৰিপুৰা আৰক্ষীৰ 4 খন বাহন ধ্বংস কৰাৰ লগতে আন বহু ৰাজহুৱা সম্পত্তিৰো ক্ষতি সাধন কৰে ৷

লগতে পঢ়ক:আমেৰিকা আৰু ভাৰতৰ নিৰাপত্তা উপদেষ্টাৰ টেলিফোনিক বাৰ্তালাপ

Last Updated : Jan 28, 2021, 2:20 PM IST

ABOUT THE AUTHOR

...view details