অসম

assam

ETV Bharat / bharat

অতিমাত্ৰা বেংকৰ জাননী প্ৰেৰণেই উত্তম ত্ৰিপুৰাৰ আত্মহত্যাৰ কাৰণ

অতিৰিক্ত ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰিছিল ত্ৰিপুৰাৰ এগৰাকী শিক্ষকে ৷ তাৰ পাচতে শিক্ষক গৰাকীৰ পত্নীয়েও আত্মহত্যাৰ চেষ্টা চলাইছিল ৷ এই ঘটনা পাচতেই আত্মহত্যাৰ মূল কাৰণ পোহৰলৈ আহে ৷ উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ পাচতে ৰাজ্যখনৰ প্ৰায় 10,323 জন শিক্ষকে চাকৰি হেৰুৱাইছিল,তাৰ ভিতৰত আছিল উত্তম ত্ৰিপুৰাও ৷ উত্তম ত্ৰিপুৰাই বেংকৰ পৰা লৈছিল ঋণ ৷ চাকৰি হেৰুওৱাৰ পাচতে ঋণ পৰিশোধ কৰিব নোৱাৰি অৱশেষত আত্মহত্যাৰ পথ বাছি লয় ৷

teacher's protested against Gramin Vikash Bank in Tripura
অতিমাত্ৰা বেংকৰ জাননী প্ৰেৰণেই উত্তম ত্ৰিপুৰাৰ আত্মহত্যাৰ কাৰণ: চাকৰি বঞ্চিত শিক্ষক

By

Published : Jan 4, 2021, 5:45 PM IST

Updated : Jan 4, 2021, 6:13 PM IST

ত্ৰিপুৰা,4 জানুৱাৰী:ত্ৰিপুৰাত সংঘটিত হৈছিল এক হৃদয় বিদাৰক ঘটনা ৷ স্বামীৰ আত্মহত্যাৰ পাচতেই পত্নীয়েও চলালে আত্মহত্যাৰ চেষ্টা ৷ বেংকৰ ঋণৰ বোজা সহিব নোৱাৰি উত্তম ত্ৰিপুৰা নামৰ লোক জনে আত্মহত্যা কৰাৰ পাচতে তেওঁৰ পত্নীয়েও আত্মহত্যাৰ চেষ্টা চলোৱাৰ পাচতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা ৷ ত্ৰিপুৰা উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ পাচতে ৰাজ্যখনৰ প্ৰায় 10,323 জন শিক্ষকে একেলগে নিজৰ চাকৰি হেৰুৱাইছিল ৷ চাকৰি হেৰুওৱা প্ৰতিজন শিক্ষকৰে গ্ৰামীণ বিকাশ বেংকত আছিল ঋণ,আৰু চাকৰি হেৰুওৱাৰ পাচৰে পৰা শিক্ষক সকলে পৰিশোধ কৰিব পৰা নাই লোণৰ কিস্তি ৷ বাৰে বাৰে বেংক কৰ্তৃপক্ষই জাননী প্ৰেৰণ কৰাত উপায়ন্তৰ হৈ উত্তম ত্ৰিপুৰাই অৱশেষত আত্মহত্যাৰ পথ বাছি লয় ৷

অতিমাত্ৰা বেংকৰ জাননী প্ৰেৰণেই উত্তম ত্ৰিপুৰাৰ আত্মহত্যাৰ কাৰণ: চাকৰি বঞ্চিত শিক্ষক

সোমবাৰে ৰাজ্যখনৰ 10,323 জন শিক্ষকে একেলগেই গ্ৰামীণ বিকাশ বেংকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰক দাবী জনাই শিক্ষক সকলে কয় যে, অনতিপলমে চাকৰি বঞ্চিত শিক্ষক সকলক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ অন্যথা চাকৰি ঘূৰাই নোপোৱা পৰ্যন্ত বেংক কৰ্তৃপক্ষই শিক্ষক সকলক জাননী প্ৰেৰণ কৰি অসুবিধা প্ৰদান কৰিব নোৱাৰিব আৰু অতিৰিক্ত সূতৰ বোজা জাপি দিব নোৱাৰিব বুলিও দাবী উত্থাপন কৰে ৷ উত্তম ত্ৰিপুৰাৰ আত্মহত্যাৰ কাৰণ অতিমাত্ৰা বেংকৰ জাননী প্ৰেৰণ বুলি দাবী কৰে ৷

লগতে পঢ়ক:ৰঙাপৰাত প্ৰশাসনৰ উচ্ছেদ অভিযান

Last Updated : Jan 4, 2021, 6:13 PM IST

ABOUT THE AUTHOR

...view details