অসম

assam

By

Published : Dec 10, 2020, 2:28 PM IST

ETV Bharat / bharat

কেঁচা জলকীয়াৰে তৈয়াৰী একাপ গৰম চাহৰ সোৱাদ বিচাৰি গ্ৰাহকৰ ভিৰ

কেঁচা জলকীয়াৰে তৈয়াৰী একাপ চাহ ৷ মাত্ৰ পাঁচ টকাত উপলব্ধ শৰীৰ আৰু মন সতেজ কৰি তোলা এই জলকীয়া চাহ ৷ সাধাৰণতে কোনেও কল্পনা নকৰা এই চাহ তৈয়াৰ কৰি উলিয়াইছে এগৰাকী সাধাৰণ চাহৰ দোকানীয়ে ৷ মাত্ৰ পাঁচ টকাত উপলব্ধ হোৱা এই চাহ কাপৰ বাবে এতিয়া গ্ৰাহকৰ ভিৰ ৷

green chilli tea
কেঁচা জলকীয়াৰে তৈয়াৰী একাপ গৰম চাহ

নেচনেল ডেস্ক, 10 ডিচেম্বৰ:শীতকালৰঠেটুৱৈ লগা জাৰত একাপ মছলা চাহৰ সোৱাদ যেন সকলোৰে মনে বিচাৰে ৷ এক উমাল পৰিৱেশত বহি একাপ ধোঁৱা বলি থকা চাহৰ সোৱাদ কেনে সেইয়া সেই সোৱাদ পোৱাজনেহে অনুভৱ কৰিব পাৰে ৷ কিন্তু অন্য সকলো চাহৰ সোৱাদক পাছ পেলাই বৰ্ধমানত এতিয়া চাহ ভাল পোৱা লোকসকলৰ বাবে প্ৰিয় হৈ উঠিছে কেঁচা জলকীয়াৰে তৈয়াৰী চাহ ৷

পাঁচ টকাত উপলব্ধ কেঁচা জলকীয়াৰে তৈয়াৰী চাহ বিচাৰি গ্ৰাহকৰ ভিৰ

বহু আগৰে পৰাই মছলা চাহৰ সোৱাদ প্ৰতিগৰাকী ভাৰতীয়ৰে প্ৰিয় ৷ কিন্তু কেঁচা জলকীয়াৰে তৈয়াৰী চাহৰ কথা সম্ভৱতঃ কোনেও কল্পনা নকৰে ৷ কিন্তু অবাস্তৱ লগা এই কথাষাৰকে সঁচা প্ৰমানিত কৰিছে বৰ্ধমানৰ এগৰাকী চাহৰ দোকানীয়ে ৷ আশ্চৰ্যজনকভাৱে বৰ্ধমানৰ এই দোকানী গৰাকীৰ চাহৰ দোকানত প্ৰায়েই কেঁচা জলকীয়াৰে তৈয়াৰী একাপ চাহৰ সোৱাদ বিচাৰি গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

এই জলকীয়াৰ চাহৰ দোকানখন বৰ্ধমান চহৰৰ মিউনিচিপাল বইজ হাইস্কুল কাষৰ টাউনহলত অৱস্থিত ৷ চাহ দোকানখনৰ নাম হৈছে সাহা টি কৰ্ণাৰ ৷ নিশা 12 বজাৰ পৰা দিনৰ 12 বজালৈকে বহা এই চাহ দোকানখনৰ বিশেষত্বই হৈছে কেঁচা জলকীয়াৰ চাহ ৷ মাত্ৰ পাঁচ টকাৰ বাবদ উপলব্ধ এই কেঁচা জলকীয়াৰ চাহ কাপৰ সোৱাদ লবলৈ অহা লোকৰ কথা বাৰ্তাৰে এতিয়া এই ঠাইখন মুখৰ হৈ থাকে ৷

চাহৰ দোকানখনৰ গৰাকী গোবিন্দ সাহাই জানিবলৈ দিয়া মতে তেওঁ এই বিশেষ চাহকাপ তৈয়াৰ কৰোতে কেঁচা জলকীয়া আৰু আদাৰ লগতে অন্য কিছু মছলা প্ৰয়োগ কৰে ৷

লগতে পঢ়ক:বৰফৰ শুকুলা চাদৰে ঢাকি ধৰিছে জম্মু-কাশ্মীৰৰ পাহাৰীয়া অঞ্চল

ABOUT THE AUTHOR

...view details