অসম

assam

ETV Bharat / bharat

টিডিপি নেতা কে. আটচেইন্নাইডুক 14 দিনৰ জিম্মালৈ প্ৰেৰণ - গুন্টুৰ হাস্পতাল

টিডিপি নেতা কে. আটচেইন্নাইডুক 14 দিনৰ জিম্মালৈ প্ৰেৰণৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰিছে ৷ ESI কেলেংকাৰী গোচৰত Anti Corruption Bureau (ACB) য়ে শুকুৰবাৰে পুৱা TDP নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল ৷

ESI কেলেংকাৰী
টিডিপি নেতা কে. আটচেইন্নাইডুক 14 দিনৰ জিম্মালৈ প্ৰেৰণ

By

Published : Jun 13, 2020, 2:17 PM IST

নেশ্যনেল ডেস্ক, 13 জুন : ACB আদালতে টিডিপি নেতা কে. আটচেইন্নাইডুক 14 দিনৰ জিম্মালৈ প্ৰেৰণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷ বৰ্তমান অসুস্থ হৈ থকা আটচেইন্নাইডুক চিকিৎসা সেৱা প্ৰদানৰ বাবেও নিৰ্দেশ প্ৰদান কৰিছে আদালতে ৷

টিডিপি নেতা কে. আটচেইন্নাইডুক 14 দিনৰ জিম্মালৈ প্ৰেৰণ

অধিবক্তা পোছানি ভেংকটিয়াৰলোয়ে কয় যে, 11 জুনত তেওঁৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হোৱা বুলি তেওঁ আদালতক জনাইছে ৷ ইয়াৰ পাচতো 12 জুনৰ দিনা শ্ৰীকাকুলাম জিলাৰ পৰা বিজয়ৱাড়ালৈ তেওঁক গাড়ীৰে স্থানান্তৰ কৰা হৈছিল ৷

ইয়াৰ পাচতে কোনো পলম নোহোৱাকৈ গুন্টুৰ হাস্পতালত আটচেইন্নাইডুক চিকিৎসা প্ৰদানৰ বাবে আদালতৰ বিচাৰকে নিৰ্দেশ প্ৰদান কৰিছে ৷ দিনৰ 1.30 বজাত আটচেইন্নাইডুক ACB য়ে বিচাৰকৰ সন্মুখত থিয় কৰোৱায় ৷ ইয়াৰ পাচতে পুৱতি নিশা বিজয়ৱাড়া জেইললৈ তেওঁক লৈ যোৱা হয় ৷ তেওঁক গুন্টুৰ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

ESI কেলেংকাৰী গোচৰত Anti Corruption Bureau (ACB) য়ে শুকুৰবাৰে পুৱা TDP নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল ৷

লগতে পঢ়ক : নিয়ন্ত্ৰণত আছে ভাৰত-চীন সীমান্তৰ পৰিস্থিতি

ABOUT THE AUTHOR

...view details