অসম

assam

ETV Bharat / bharat

পুত্ৰসহ গ্ৰেপ্তাৰ TDP নেতা প্ৰভাকৰ ৰেড্ডীক - তেলেগু দেশম পাৰ্টী

দেওবাৰে জে চি পৱন ৰেড্ডীয়ে অনন্তপুৰ জিলাত এখন সংবাদমেল সম্বোধন কৰি সম্পৰ্কীয় খুড়াক প্ৰভাকৰ ৰেড্ডী আৰু অস্মিথক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰে।

 TDP Leader
TDP Leader JC Prabhakar Reddy, Son Asmith Arrested 'illegally': JC Pavan Reddy

By

Published : Jun 15, 2020, 4:16 PM IST

নিউজ ডেস্ক, ১৫ জুনঃ বাহন পঞ্জীয়ন নিয়ম উলংঘা কৰাৰ বাবে গ্ৰেপ্তাৰ হ'ল তেলংগানাৰ তেলেগু দেশম পাৰ্টীৰ নেতা প্ৰভাকৰ ৰেড্ডী আৰু তেওঁৰ পুত্ৰ অস্মিথ। তেলেগু দেশম পাৰ্টীৰ নেতা জে চি দিৱাকৰ ৰেড্ডীৰ পুত্ৰ জে চি পৱন ৰেড্ডীয়ে দেওবাৰে প্ৰকাশ কৰে এই কথা। কিন্তু ক'ত আৰু কেতিয়া প্ৰভাকৰ ৰেড্ডী আৰু তেখেতৰ পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰ্তমানেও জানিব পৰা হোৱা নাই। দুয়োগৰাকীৰে জামিনৰ বাবে আমি যুঁজি যাম বুলি পৱন জে চি ৰেড্ডীয়ে উল্লেখ কৰে।

দেওবাৰে জে চি পৱন ৰেড্ডীয়ে অনন্তপুৰ জিলাৰ থাদিপাত্ৰীত এখন সংবাদমেল সম্বোধন কৰি সম্পৰ্কীয় খুড়াক প্ৰভাকৰ ৰেড্ডী আৰু অস্মিথক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰে।

TDP নেতা প্ৰভাকৰ ৰেড্ডী আৰু তেখেতৰ পুত্ৰক গ্ৰেপ্তাৰ

উল্লেখ্য যে, তেওঁলোকৰ এটা কোম্পানীৰ কামৰ বাবে তেওঁলোকে নতুনকৈ ২৬ খন বাহন ক্ৰয় কৰিছিল। এই বাহনসমূহ নাগালেণ্ডত পঞ্জীয়ন কৰা হৈছিল। তেওঁলোকে নাগালেণ্ডৰ পৰা 'no objection certificate' লাভ কৰাৰ পাছত তাতেই বাহনসমূহ পঞ্জীয়ন কৰা হয় বুলি জে চি পৱন ৰেড্ডীয়ে প্ৰকাশ কৰে।

"আমি বাহন ক্ৰয় কৰি পঞ্জীয়ন কৰিছো, তাত কি ভুল কৰিলো ? যদি এই বাহনসমূহ বিক্ৰী অথবা পঞ্জীয়ন প্ৰক্ৰিয়াত কিবা ভুল আছে তেন্তে 'no objection certificate' দিয়াসকলক গ্ৰেপ্তাৰ কৰা উচিত আছিল।" সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে জে চি ৰেড্ডীয়ে।

এই বিষয় পোহৰলৈ অহাৰ পাছতে জে চি পৱন ৰেড্ডীৰ পৰিয়ালে নাগালেণ্ডত এটা গোচৰ দাখিল কৰিছে । লগতে, অন্ধ্ৰপ্ৰদেশ চৰকাৰেও তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰিছিল ২৩ টাকৈ গোচৰ। "ইতিমধ্যে সকলো গোচৰৰ পৰা আমি মুক্ত হৈছো যদিও কিছুদিন পূৰ্বে কোনোধৰণৰ জাননী জাৰী নকৰাকৈ আন এটা গোচৰ দাখিল কৰে। আমি এই সন্দৰ্ভত ন্যায়ালয়ৰ কাষ চাপিছো। দুই-এদিনতে আমি জামিন লাভ কৰিম" বুলি জে চি পৱন ৰেড্ডীয়ে সংবাদ মেলযোগে জানিবলৈ দিয়ে।

লগতে পঢ়ক :
পশ্চিমবংগত কৰ'ণাত মৃত্যুৰ সংখ্যা 475 গৰাকীলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details